/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a6365f52-3153-429d-aaca-6576a94232ec/mur_mot_1.jpg)
বহু পৰ্যটনথলীৰে ভৰপুৰ অসম। ৰাজ্যখনৰ মনোমহা প্ৰাকৃতিক দৃশ্যই আকৰ্ষিত কৰে দেশী-বিদেশী বহু পৰ্যটকক। প্ৰতিবছৰি বহু লাখ লাখ পৰ্যটকে ভিৰ কৰেহি অসমত। অইন ঠাইৰ দৰে ডিব্ৰুগড়তো আছে পৰ্যটনৰ বহু ঠাই। এই সন্দৰ্ভত ''মোৰ মত'' শিতানত স্মৃতি ৰেখা কলিতাৰ এক চমু অৱলোকন...
সমগ্ৰ অসমৰ ভিতৰতে ডিব্ৰুগড় জিলাখনত আছে পৰ্যটনৰ অলেখ সমল। মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ডিব্ৰুগড় জিলাৰ দক্ষিণ পূৱ কোণত অবস্থিত নাহৰকটীয়া বিধান সভা সমষ্টি পৰ্যটন ক্ষেত্ৰত অধিক চহকী যদিও চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ সুশৃংখলিত পৰিকল্পনাৰ অভাৱত প্ৰকৃতিৰ এই অনবদ্য উপহাৰক বিশ্ববাসীৰ চকুত প্ৰতিষ্ঠা কৰিব পৰা নাই । সমষ্টিৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তত বুঢ়ীদিহিঙৰ পাৰত অৱস্থিত ঐতিহাসিক ঠাই জয়পুৰ ।
সমষ্টিৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তত অৱস্থিত তথা আহোম বুৰঞ্জীৰ বহু ঐতিহাসিক ঘটনাৰ সাক্ষী বহন কৰা জয়পুৰক প্ৰকৃতিয়ে বিভিন্ন সমলৰে ভৰপূৰ কৰি নিৰ্মাণ কৰিছে । পাটকাই পাহাৰক আবৰি সৃষ্টি হোৱা জয়পুৰ সংৰক্ষিত বনাঞ্চলে শেহতীয়া ভাবে ৰাষ্ট্ৰীয় উদ্যানৰ খিতাপো লাভ কৰিছে।
জয়দিহিং বনাঞ্চলক কেন্দ্ৰ কৰি অসম অৰুণাচল সীমান্তত অৱস্থিত জয়পুৰৰ পূব দিশ আগুৰি থকা বর্ষৰণ্য সম্প্ৰতি বিশ্বৰ অন্যতম পৰ্যটন থলী। পূবৰ এমাজন হিচাপে খ্যাত বৰ্ষাৰণ্য কেৱল এক পয্যটনৰ ক্ষেত্ৰই নহয় ই দেশ বিদেশৰ গৱেষকৰ গৱেষণাৰো কেন্দ্ৰ বিন্দু। ইয়াৰ লগতে নামচাং আৰু বুঢ়ীদিহিংৰ পাৰত অৱস্থিত জয়পুৰ, বুঢ়ীদিহিঙৰ বালিচাপৰি, বুঢ়ীদিহিঙৰ মাজত থকা সীতা কুঞ্জ , কানাই বৰশী বোৱা শিল, তৰাজানৰ বৃহৎ গছ জোপা আদি পৰ্যটকৰ বাবে আকৰ্ষণৰ থল যদিও এই স্থান সমূহলৈ যাত্ৰা অতি দুৰ্গম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/df4d8c17-216d-453d-8d7b-41d9040e51e1/WhatsApp_Image_2022_11_28_at_6_16_48_PM.jpeg)
ইফালে পাটকাই প্ৰদেশৰ এখন মনোৰম ঠাই নামচাং বুঢ়িদিহিং পাৰৰ এক সুন্দৰ স্থান । অপৰূপ প্ৰাকৃতিক পৰিবেশৰে শোভিত নামচাং জয়পুৰ বৰ্ষাৰণ্যৰো এক অংশ সামৰি লৈছে জয়পুৰ দেওমালি আগবাঢ়ি প্ৰায় তিনি কি মি আগবাঢ়ি এক উপপথে সংযোজন কৰিছে নামচাঙক । পথৰ দাঁতিত দুৰ্লভ প্ৰজাতিৰ অৰ্কিড নামচাংৰ গৌৰৱ। ইতিমধ্যে নামচাংত বহু পৰ্যটকৰ ভ্ৰমন সম্পন্ন হৈছে যদিও বাট পথ আজিও উন্নত হোৱা নাই।
দুৰ্ভাগ্যজনক যে বনকৰ্মীযে এনে দুৰ্গম পথেৰেই চোৰাং চিকাৰীৰ বিৰুদ্ধে চলাব লাগে অভিযান । গুৰুত্বপূৰ্ণ যে জয়পুৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ পিছত বনাঞ্চলৰ ভিতৰত বাট পথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে বুলি বন বিভাগৰ পৰা জানিব পৰা গৈছে। আহোম বুৰঞ্জীৰ সাক্ষী বহন কৰা টিপাম আৰু ইয়াৰ আশে পাশে থকা অঞ্চলটো পৰ্যটনৰ অন্যতম থলী।
১২২৮ খৃষ্টাব্দ ত পাটকাই পৰ্বত পাৰহৈ জয়পুৰৰ টিপামতে প্ৰথম অস্থায়ী ৰাজধানী পাতি ছশবছৰীয়া ৰাজত্বৰ পাতনি মেলিছিল। ল'ৰা ৰজাৰ শাসনৰ দিনত গদাধৰ সিংহয়ো আত্মগোপন কৰি আছিল এই টিপামতে। চন্দ্ৰ কান্ত সিংহৰ দিনত মানক বাধা দিবলৈ বন্ধোৱা শিয়ান গড়, ৰাজেশ্বৰ সিংহৰ দিনৰ ৰজপুখুৰী, ইয়াৰ উপৰি দেউশালী পাহাৰ, বাৰুদৰ ঘৰৰ ধংশৱশেষ আদি সুন্দৰ কৈ সজাই পৰাই তুলিলে পৰ্যটনৰ লগতে অসম বুৰঞ্জীৰ কৃৰ্তিচিহ্ন সমূহ সজীৱ হৈ থাকিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/cc35b579-0600-4bd8-af05-57fda47a6579/WhatsApp_Image_2022_11_28_at_6_16_48_PM__1_.jpeg)
জিলা খনৰ পৰা প্ৰায় সত্তৰ কি মি দূৰৈত অসম অৰুণাচল সীমান্তত অৱস্থিত এক বিখ্যাত চহৰ নামৰূপ। নামৰূপ সাৰ কাৰখানা, , তাপবিদ্যুত কেন্দ্ৰ, অসম পেট্ৰ' কেমিকেলচ লিমিটেডক কেন্দ্ৰ কৰি গঢ়ি উঠা উদ্যোগ নগৰী নামৰূপৰ দক্ষিণ পূৱ কোনত অৱস্থিত এক মনোমোহা অঞ্চল দিল্লী ঘাট। মূলতঃ দিল্লী নদীক কেন্দ্ৰ কৰিয়েই এই স্থানৰ নাম হৈছে দিল্লী ঘাট। পাটকাই পাদ দেশৰ পৰা নামি অহা দিচাং নদী খনে সমতললৈ নামি আহি নাম লৈছে দিল্লীনদী।
দিল্লী সংৰক্ষিত বনাঞ্চল আৰু জয়পুৰ সংৰক্ষিত বনাঞ্চলক বিভক্ত কৰি বৈ যোৱা দিল্লী নৈ খনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা দিল্লী ঘাট অঞ্চলটো ৰাজ্য খনৰ ভিতৰতে এক প্ৰমুখ পৰ্যটন ক্ষেত্ৰ। সৰু বৰ ভিন্ন ৰঙী শিলেৰে ভৰা নদী খনৰ পাৰতে আছে ঐতিহাসিক দিল্লী ঘাট শিৱ মন্দিৰ। এজোপা বৃহৎ আহত গছৰ ধোণ্ডত অৱস্থিত শিৱ মন্দিৰটোৰ আছে এক জয়াল ইতিহাস। চৰাইদেও জিলা আৰু ডিব্ৰুগড় জিলাৰ সীমা নিৰ্ধাৰন কৰা এই দিল্লী নদীৰ পাৰতে পৰ্যটকৰ দৃষ্টি আকৰ্ষণৰ বাবে নিৰ্মাণ কৰা আছে ৰূপহী আইদেউ উদ্যান ।
অসমৰ প্ৰথম গৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈৰ স্মৃতি যুগমীয়া কৰাৰ মানসেৰে নিৰ্মান কৰা এই উদ্যান খনে ৰাজ্যৰ বিভিন্ন ঠাইৰ বনভোজৰ দল সমূহক আকৰ্ষিত কৰা দেখা যায় । অঞ্চলটোত পৰ্যটকক আকৰ্ষিত কৰা আন এক স্থান হ'ল দিল্লী সংৰক্ষিত বনাঞ্চলত অৱস্থিত শিল ঘাগৰী জলপ্ৰপাত। দিল্লী নদী খনৰ ঠিক পাৰতে চৰাইদেউ জিলাৰ দিল্লী সংৰক্ষিত বনাঞ্চল আৰম্ভ।
জিলা খনৰ প্ৰাকৃতিক প্ৰাচুৰ্যৰে ভৰপূৰ দিল্লী সংৰক্ষিত বনাঞ্চলৰ অসম অৰুণাচল সীমান্তত অৱস্থিত হালোৱা খণ্ড বন বিভাগৰ এলেকাত প্ৰাকৃতিক নৈসৰ্গিক পৰিবেশৰ মাজৰে বৈ যোৱা এটি সৰু জুৰি। পাহাৰ ভৈয়ামৰ সমন্বয় গঢ়ি বনাঞ্চল গছ বন পশু পক্ষী সকলোৰে লগত আত্মীয়তা গঢ়ি কুলু কুলু সুৰে বৈ যোৱা জুৰিটো বুকুতে সৃষ্টি হৈছে শিল ঘাগৰী জল প্ৰপাত। দিল্লী সংৰক্ষিত বনাঞ্চলৰ অনবৈদ্য অৱদানত সৃষ্ট এই শিল ঘাগৰী জলপ্ৰপাতটো এটা নহয় দুটা নহয় ছটা খলপেৰে সৃষ্ট অনন্য সৌন্দৰ্যই ইতিমধ্যে আকৰ্ষিত কৰিছে পৰ্যটকক।
ঐতিহাসিক লাহদৈগড় পথৰ পৰা প্ৰায় তিনি কি: মি: দিল্লীঘাট এলেকাৰ পৰা আঠ কি: মি: নিলগত , অৰুণাচল সীমান্তৰ পৰা প্ৰায় আঠ কি: মি; দূৰৈত থকা আৰু সমতল পৰা চাৰি পাঁচ শ ফুট উচ্চ উচ্চতাত থকা এই জল প্ৰপাত টোৰ চৌদিশে আছে দিল্লী সংৰক্ষিত বনাঞ্চল। একালত ভিন্ন প্ৰজাতিৰ অৰ্কিড ,হাইঠা, পুৰঘুমা হৰিণ বাঘ আদি জীৱ জন্তুৰে ঠাহ খাই আছিল, যদিও বনজ সম্পদ সমূহ সংৰক্ষনৰ অভাৱত কিছু পৰিমানে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/d50ec78f-d68e-4148-8c59-c524cafa1523/WhatsApp_Image_2022_11_28_at_6_16_49_PM.jpeg)
অৱশ্যে বনাঞ্চল বনদস্যুৰ লালসাৰ বলি হোৱাত বন সম্পদৰ পৰিমাণ হ্ৰাস পালেও প্ৰাকৃতিক সৌন্দৰ্য্য হ্ৰাস পোৱা নাই। বনাঞ্চলৰ ঐতিহ্য প্ৰদৰ্শিত কৰি আছে এই শিল ঘাগৰী জলপ্ৰপাতে। অৱশ্যে শেহতীয়া ভাৱে চৰকাৰে জলপ্ৰপাতটো লৈ যোৱা পথচোৱা কিছু পৰিমানে নিৰ্মাণ কৰি দিয়াত ছটা খলপেৰে সৃষ্টি হোৱা জলপ্ৰপাতটো পৰ্যটকৰ আকৰ্ষণৰ বিন্দু হৈ পৰিছে । আনহাতে এই জলপ্ৰপাতটোৰ ,চৌপাশে আছে ঐতিহাসিক লাহদৈ গড় পথ। ধোদৰ আলি, নাহৰ আলি , কনচেং বৰপাত্ৰ , গোহাঁই বাৰী , পুখুৰী আদি অলেখ প্ৰাচীন কীৰ্তি চিহ্ন।
প্ৰাকৃতিক পৰিৱেশ আৰু ঐতিহাসিক সমলক লৈ পৰ্যটন উদ্যোগ গঢ়ি তোলাৰ সম্ভাৱনা থকা কেইবাখনো জন জাতীয় গাৱক কেন্দ্ৰ কৰি পৰ্যটন উদ্যোগ গঢ় দিয়াৰ সম্ভৱনা আছে। টিপাম ফাঁকিয়াল গাঁও, নাম ফাঁকিয়াল গাঁও, বুঢ়ীদিহিং নদীৰ পাৰৰ নক্টে নগা গাঁও আদি গাঁও সমূহে জন জাতীয় সমাজৰ পৰম্পৰাগত সকলো সংস্কৃতি আজিও বৰ্তাই ৰাখিছে। অৱশ্যে সময়ে সময়ে গাঁও সমূহত দেশ বিদেশৰ সমাজ বিজ্ঞানৰ, ইতিহাসৰ গৱেষক ছাত্ৰ ছাত্ৰীয়ে ভিৰ কৰেহি।
আৰু পঢ়ক: ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড! ১৮ জন ছাত্ৰক বহিষ্কাৰ, ৰাহুল ছেত্ৰীৰ প্ৰৱেশ নিষেধ...