ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড! ১৮ জন ছাত্ৰক বহিষ্কাৰ, ৰাহুল ছেত্ৰীৰ প্ৰৱেশ নিষেধ...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ পৰা বহিষ্কাৰ কৰা হৈছে ১৮ গৰাকীকৈ ছাত্ৰক।

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড! ১৮ জন ছাত্ৰক বহিষ্কাৰ, ৰাহুল ছেত্ৰীৰ প্ৰৱেশ নিষেধ...

ডিজিটেল ডেস্ক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ পৰা বহিষ্কাৰ কৰা হৈছে ১৮ গৰাকীকৈ ছাত্ৰক। লগতে মূল অভিযুক্ত তথা প্ৰাক্তন ছাত্ৰ ৰাহুল ছেত্ৰীক অনিৰ্দিষ্ট কাললৈ বিশ্ববিদ্যালয়ত প্ৰৱেশ নিসিদ্ধ কৰা হৈছে।

Advertisment

তদুপৰি এই ঘটনাৰ লগত জড়িত ৪ অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। এই ৪ জন ছাত্ৰ হৈছে ক্ৰমে সীমান্ত হাজৰিকা, নিৰঞ্জন ঠাকুৰ, গোলাপ ডেকা আৰু প্ৰানজিৎ বৰুৱা । অন্যহাতে পলাতক আছে মূল অভিযুক্ত ৰাহুল ছেত্ৰী।

উল্লেখ্য যে, ৰেগিঙৰ পৰা হাত সাৰিবলৈ হোষ্টেলৰ দ্বিতীয় মহলাৰ পৰা জাঁপ মাৰিছিল আনন্দ শৰ্মা নামৰ ছাত্ৰ গৰাকীয়ে। তাৰ পাছতেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনন্দ শৰ্মাক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।

অভিযোগ অনুসৰি কেইবাদিনো ধৰি আনন্দৰ লগতে আন কনিষ্ট ছাত্ৰ কেইজনমানক ৰেগিঙৰ নামক অকথ্য নিৰ্যাতন চলাই অহা হৈছিল। এই ৰেগিং কাণ্ড সন্দৰ্ভত ৱাৰ্ডেনৰ ওচৰত অভিযোগো দাখিল কৰিছিল কনিষ্ঠ ছাত্ৰ সকলে।

কিন্তু দেওবাৰে নিশা এই ঘটনাৰ পৰিণাম বেয়া হয়। আৰু ৰেগিঙৰ পৰা হাত সাৰিবলৈ জাঁপ মাৰি দিছিল আনন্দ শৰ্মাই। ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তাৰ পাথতেই আটক হৈছে অভিযুক্ত।

আৰু পঢ়ক; ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ ঘটনা! দ্বিতীয় মহলাৰ পৰা পৰিল ছাত্ৰ, ICU ত চিকিৎসাধীন

assam ragging dibrugarh university