/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/0ee2d5c9-de7b-43a6-aebd-020cda7a1e2a/oioioif.jpg)
ডিজিটেল সংবাদ, ডিব্ৰুগড়: ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ ঘোঁৰামৰা আৰক্ষী চকীৰ অন্তৰ্গত দংৰ পথাৰ গাওঁৰ এজন কিশোৰে সমনীয়াৰ সৈতে নদীত সাঁতুৰিবলৈ গৈ মৃত্যুক সাৱতি লয়। কিশোৰ জন দংৰ পথাৰ গাঁৱৰ ৰমেশ কোঁৱৰৰ পুত্ৰ তিৰকজ্যোতি কোঁৱৰ।
দেওবাৰে বিয়লি ২ বজাতেই চাৰিজন সমনীয়াৰ সৈতে দিহিং নদীত সাঁতুৰিবলৈ গৈছিল কিশোৰজন ।কালিৰপৰা নিখোজ হৈ আছিল তিৰক । সোমবাৰে এছ. দি. আৰ. এফে অভিযান চলাই অৱশেষত নদীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় তিৰকৰ মৃতদেহ।
উদ্ধাৰ কৰাৰ পিছতেই শোকত ম্ৰিয়মান হৈ পৰিছে দংৰপথাৰ গাওঁৰ ৰাইজ।ছাত্ৰজন ঘোঁৰামৰাৰ ফুলামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল।
আৰু পঢ়ক: চাহক 'ৰাষ্ট্ৰীয় পানীয়' হিচাপে ঘোষণা কৰাৰ দাবী; ৰাজ্যসভাত পবিত্ৰ মাৰ্ঘেৰিটাৰ ভাষণ...