চাহক 'ৰাষ্ট্ৰীয় পানীয়' হিচাপে ঘোষণা কৰাৰ দাবী; ৰাজ্যসভাত পবিত্ৰ মাৰ্ঘেৰিটাৰ ভাষণ...

ৰাজ্যসভাৰ শূণ্যকালীন সত্ৰত প্ৰথমবাৰৰ বাবে ভাষণ প্ৰদান কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই। বিজেপিৰ সাংসদ গৰাকীয়ে অসমৰ চাহৰ ওপৰত বিশেষ দাবী উত্থাপন কৰি ভাষণ প্ৰদান কৰে।
চাহক 'ৰাষ্ট্ৰীয় পানীয়' হিচাপে ঘোষণা কৰাৰ দাবী; ৰাজ্যসভাত পবিত্ৰ মাৰ্ঘেৰিটাৰ ভাষণ...

ডিজিটেল ডেস্ক: ৰাজ্যসভাৰ শূণ্যকালীন সত্ৰত প্ৰথমবাৰৰ বাবে ভাষণ প্ৰদান কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই। বিজেপিৰ সাংসদ গৰাকীয়ে অসমৰ চাহৰ ওপৰত বিশেষ দাবী উত্থাপন কৰি ভাষণ প্ৰদান কৰে।

তেওঁ কয় যে, আগন্তুক বৰ্ষত অৰ্থাৎ ২০২৩ চনত অসমৰ চাহৰ ২০০ বছৰ সম্পূৰ্ণ হ'ব। অসমবাসী আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত এই ২০০ বছৰীয়া উৎসৱ পালন কৰা হ'ব। মই আহ্বান কৰো যে ভাৰত চৰকাৰেও এই ক্ষেত্ৰত সহযোগীতা আগবঢ়াওক লগতে দেশৰ অন্য প্ৰান্ততো এই উৎসৱ পালন কৰা হওক। অসমৰ চাহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই উৎসৱ পালন কৰাৰ জৰুৰী।

সাংসদ গৰাকীয়ে চাহক ''ৰাষ্ট্ৰীয় পানীয়'' হিচাপে ঘোষণা কৰাৰ বাবে দাবী জনায়। তেওঁ কয় যে ভাৰতৰ প্ৰতি ঘৰতে চাহ পোৱা যায়। ভাৰতীয় সংস্কৃতিৰ ই এক অভিন্ন অংগ। গতিকে চাহক ''ৰাষ্ট্ৰীয় পানীয়'' হিচাপে ঘোষণা কৰাৰ এয়াই সঠিক সময় বুলি কয় তেওঁ।

সাংসদ গৰাকীয়ে লগতে কয় যে আজি কালি চাহৰ নামত বজাৰত বিভিন্ন সামগ্ৰী বিক্ৰী কৰা হয়। কিন্তু এয়া চাহ নহয়। প্ৰত্যোকৰে বৈজ্ঞানিক নামো বেলেগ বেলেগ। অপৰাজিতা ফুলৰ ৰসৰ পৰা তৈয়াৰ কৰা সামগ্ৰীক চাহ হিচাপে বিক্ৰী কৰা হয়। কিন্তু সেয়া চাহ নহয়। গতিকে চাহৰ নাম ব্যৱহাৰ কৰি অন্য সামগ্ৰী বিক্ৰী কৰাত বাধা আৰোপ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও কয় সাংসদ গৰাকীয়ে।

উল্লেখ্য যে,ভাষণৰ পিছতেই সাংসদ গৰাকীৰ বক্তব্যৰ সমৰ্থনত বহু কেইগৰাকী সাংসদে লিখিতভাৱেও সংসদক নিজৰ স্থিতি অৱগত কৰায়।

আৰু পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ মানহানিৰ গোচৰ! উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মনীষ ছিচোদিয়াৰ আবেদন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in