অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া : ছুপাৰ৮ত বাংলাদেশৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয়

অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া : ছুপাৰ৮ত বাংলাদেশৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয়

author-image
Asomiya Pratidin
New Update
অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া : ছুপাৰ৮ত বাংলাদেশৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয়

ডিজিটেল ডেস্ক : টি-২০ বিশ্বকাপৰ সম্প্ৰতি বিজয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিছে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে। শনিবাৰে বাংলাদেশৰে হোৱা ছুপাৰ 8 পৰ্বৰ দ্বিতীয়খন মেচত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰিছে টীম ইণ্ডিয়াই।

Advertisment

পোনতে বেট ধৰি ভাৰতে নিৰ্ধাৰিত অভাৰত ১৯৬ ৰান সংগ্ৰহ কৰে। এই ৰানৰ মূলতে হাৰ্ডিক পাণ্ডিয়াৰ অনবদ্য অৰ্ধশতক। তেওঁ দললৈ ৫০ ৰানৰ সুন্দৰ ইনিংছ উপহাৰ দিয়ে।

ইফালে বিৰাট কোহলি, ঋষভ পণ্ট আৰু ডুবে ৩০ৰো অধিক ৰান কৰি দলৰ ইনিংছ মজবুত কৰে। আনহাতে ভাৰতে বান্ধি দিয়া বিজয় লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ বাংলাদেশ ১৪৬ ৰানতে থমকি ৰয়। কাৰ্যতঃ ৫০ ৰানৰ বিশাল ব্যৱধানত টীম ইণ্ডিয়াই জয়লাভ কৰে।

Also Read: বিধ্বস্ত পথ মেৰামতিৰ দাবীত মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান আটছা আৰু যুৱ ছাত্ৰ পৰিষদৰ

india cricket team bangladesh