বিধ্বস্ত পথ মেৰামতিৰ দাবীত মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান আটছা আৰু যুৱ ছাত্ৰ পৰিষদৰ

বিধ্বস্ত পথ মেৰামতিৰ দাবীত মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান আটছা আৰু যুৱ ছাত্ৰ পৰিষদৰ

author-image
Asomiya Pratidin
New Update
বিধ্বস্ত পথ মেৰামতিৰ দাবীত মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান আটছা আৰু যুৱ ছাত্ৰ পৰিষদৰ

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰত বিধ্বস্ত পথ মেৰামতিৰ দাবীত মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান আটছা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। মুখ্যমন্ত্ৰীৰ জখলাবন্ধা ভ্ৰমণৰ সময়তে গড়কাপ্তানি বিভাগৰ বিধ্বস্ত পথ মেৰামতিৰ দাবী উত্থাপন কৰে দুই সংগঠনে।

Advertisment

উল্লেখ্য যে, কলিয়াবৰৰ এটা ৰাজ্যিক ঘাইপথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে বৃহত্তৰ অঞ্চলৰ ৰাইজক। আমনিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কেইবাখনো চাহ বাগিচা সংযোগ কৰা গড়কাপ্তানি বিভাগৰ ৰাজ্যিক ঘাইপথটোৰ দুৰৱস্থাত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে। দীৰ্ঘ দিন ধৰি মেৰামতিৰ অভাৱত জহি খহি গৈছে আমনিৰ পৰা শালনা, উদমাৰি, ৰঙামাটি, কঁঠালগুৰি আদি সংযোগ কৰা ৰাজ্যিক ঘাইপথটো।

এজাক বৰষুণ দিলেই বোকা-পানীময় হৈ পৰে পথটো। পথটোৰ ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত পথ নে পুখুৰী ধৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। বিগত ৬ বছৰ ধৰি বিধ্বস্ত অৱস্থাত থকা গুৰুত্বপূৰ্ণ পথটোৰ উন্নয়নৰ দাবীত কলিয়াবৰত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শালনা আঞ্চলিক সমিতিয়ে।

শুকুৰবাৰে বিয়লি কলিয়াবৰৰ জখলাবন্ধাত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰি শীঘ্ৰে পথ মেৰামতিৰ দাবী উত্থাপন কৰে দুয়োটা সংগঠনৰ সদস্যসকলে।

Also Read: NEET-UGC ৰ বিসংগতিৰ বিৰুদ্ধে
ধেমাজিত প্ৰতিবাদঃ শিক্ষামন্ত্ৰীদ্বয়ৰ প্ৰতিকৃতি দাহ

kaliabar road