সমতা স্থাপনৰ লক্ষ্যৰে ভাৰতৰ সন্মুখত বাংলাদেশ

পূজাৰা,ৰাহুল,কোহলি,গীল,শ্ৰেয়াছ,পন্টৰ দৰে বেটছমেনৰ দ্বাৰা গঠিত বেটিং লাইন আপ বেচ শক্তিশালী

author-image
Asomiya Pratidin
New Update
সমতা স্থাপনৰ লক্ষ্যৰে ভাৰতৰ সন্মুখত বাংলাদেশ

ডিজিটেল ডেস্কঃ সম্প্ৰতি ভাৰতীয় ক্ৰিকেট দল ব্যস্ত বাংলাদেশ ভ্ৰমণত। চুবুৰীয়া দেশখনৰ বিপক্ষে এদিনীয়া আৰু টেষ্ট শৃংখলা খেলাৰ উদ্দেশ্যে কিছুদিন পূৰ্বে বাংলাদেশত উপস্থিত হৈছে ভাৰত। ভ্ৰমণৰ সময়ছোৱাত প্ৰথমে এদিনীয়া শৃংখলা সমাপ্ত কৰে। অৱশ্যে এদিনীয়া শৃংখলা ২-১ ৰ ব্যৱধানত ভাৰতক পৰাস্ত কৰে ঘৰুৱা দলটোৱে।

Advertisment

এদিনীয়া শৃংখলা হেৰুওৱাৰ তিক্ততা পাহৰি টেষ্টত দুৰ্দান্ত প্ৰত্যৱৰ্তন কৰে কে এল ৰাহুল নেতৃত্বাধীন ভাৰতে। প্ৰথমখন টেষ্টত বাংলাদেশক হৰুৱাই বৰ্তমান ভাৰতে শৃংখলাৰ ১-০ৰ ব্যৱধানত আগবাঢ়ি আছে। সেয়ে বৃহস্পতিবাৰে হ'বলগীয়া অন্তিমখনত মেচত ভাৰতক পৰাস্ত কৰি সমতা স্থাপন কৰিব বিচাৰে ঘৰুৱা দলটোৱে।

অৱশ্যে টেষ্টত ভাৰতক পৰাস্ত কৰা বাংলাদেশৰ বাবে মুখৰ কথা নহয়। সম্প্ৰতি ভাৰতৰ বেটিং লাইন আপ সুন্দৰ ফৰ্মত। পূজাৰা,ৰাহুল,কোহলি,গীল,শ্ৰেয়াছ,পন্টৰ দৰে বেটছমেনৰ দ্বাৰা গঠিত বেটিং লাইন আপ বেচ শক্তিশালী।

আনহাতে শেহতীয়া প্ৰদৰ্শন অনুসৰি ভাৰতৰ বলিঙ বিভাগেও ভাৰাসাম্য বজায় ৰাখিবলৈ সক্ষম হৈছে। কিয়নো প্ৰথমখন মেচত বাংলাদেশৰ দুয়োটা ইনিংছতে ভাৰতীয় বলাৰে আটাইকেইটা উইকেটৰ পতন ঘটাবলৈ সক্ষম হৈছিল।

আৰু পঢ়কঃ অসম আন্দোলনৰ পটভূমিত ৰচিত জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনৰ উপন্যাস 'এজাক অভিমন্যু' উন্মোচন...

cricket bangladesh india