অসম আন্দোলনৰ পটভূমিত ৰচিত জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনৰ উপন্যাস 'এজাক অভিমন্যু' উন্মোচন...

অসম আন্দোলনৰ পটভূমিত ৰচিত জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনৰ উপন্যাস 'এজাক অভিমন্যু' উন্মোচন...
অসম আন্দোলনৰ পটভূমিত ৰচিত জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনৰ উপন্যাস 'এজাক অভিমন্যু' উন্মোচন...

ডিজিটেল ডেস্কঃ ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত 'অসমীয়া প্ৰতিদিন'ৰ সহযোগী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে ৰচনা কৰা উপন্যাস 'এজাক অভিমন্যু' আজি শুভ উদ্বোধন কৰা হয়। গুৱাহাটীৰ উজানবজাৰস্থিত শ্বহীদ ভৱনত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখনত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰসিদ্ধ সাহিত্যিক, সমালোচক, শিক্ষাবিদ ড০ গোবিন্দ প্ৰসাদ শৰ্মাই 'এজাক অভিমন্যু' উন্মোচন কৰি কয়- ''যিকোনো এটা বিষয় সাংবাদিকসকলে মগজুৰে উপলব্ধি কৰে। কিন্তু ইয়াৰ বিপৰীতে সাহিত্যিকে কথাবোৰ সদায় বুকুৰেহে উপলব্ধি কৰে। সমাজত নেদেখাবোৰো সংবাদিকে কুৰুকি কুৰুকি খান্দি ৰাইজক জনায়।অৱশ্যে সাংবাদিকেই ভাল সাহিত্যিকো।''

তেওঁ লগতে কয়- উপন্যাস হৈছে জীৱনৰ ৰূপক। কিন্তু সাংবাদিকতা হ'ল ঘটনাৰ হুবহু প্ৰকাশ। সাংবাদিকে সাহিত্য কৰে তাড়নাৰ বাবে। এই উপন্যাসখন লিখি মগজুৰ জীয়াই থকা জেদি সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনে বুকুৰে জীয়াই থকা মানুহৰ কাম কৰিলে।

উন্মোচিত উপন্যাসখন জেদি সাংবাদিকগৰাকীয়ে 'ৰিপ'ৰ্টিং' আৰু 'ৰিফ'ৰ্মিং'ৰ সমন্বয় ঘটোৱা বুলিও অধ্যাপক ড০ শৰ্মাই মন্তব্য কৰে। মহাভাৰতৰ 'অভিমন্যু' চৰিত্ৰক ৰূপক হিচাপে লৈ ছবছৰীয়া অসম আন্দোলনৰ পটভূমিত ৰচিত 'এজাক অভিমন্যু' গ্ৰন্থখন জীৱনৰ সমালোচনা বুলি উল্লেখ কৰি প্ৰসিদ্ধ সাহিত্য সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাই মুখ্য উন্মোচকৰ ভাষণত পুনৰ কয়, ৮০ ৰ দশকৰ পৰা এই সময়লৈকে অসমীয়া জাতিৰ এখন দাপোন স্বৰূপ 'এজাক অভিমন্যু'।

উপন্যাসখনত অসমৰ অগ্নিগৰ্ভা সময়ৰ প্ৰতিটো দিশ পৰ্যবেক্ষণ কৰা হৈছে। ১৯৮০ চনৰ পৰা এতিয়ালৈকে আমাৰ সমাজত থকা কিছু চৰিত্ৰক মহাভাৰতৰ অভিমন্যু চৰিত্ৰৰ সৈতে উপন্যাসখনত সংপৃক্ত কৰা হৈছে। অসম আন্দোলনৰ আধাৰত ৰচনা কৰা এই উপন্যাসখনত আছে সেই সময়ত চিন্তাবিহীন প্ৰজন্মৰ বৰ্ননা।

অসমীয়া জাতি বুকুৰে জীয়াই থকা এটা জাতি। কিছু ডেকা ল'ৰাই কৰা অসম আন্দোলনক বাহ বাহ দি আমি গদ গদ হৈছিলো। কিন্তু লাহে লাহে অমি দেখিলো, এই আন্দোলনে সভ্যতা সলনি কৰি দিলে নে অন্য কিবাহে কৰিলে।

এগৰাকী সচেতন সাংবাদিক হিচাপে ফুকনে উপন্যাসখনৰ জড়িয়তে সেই সময়ৰ এখন দাপোন সন্মুখত দাঙি ধৰিব বিচাৰিছে। উপন্যাসখনত তৰ্ক যুদ্ধ কৰিবলগীয়া বহু বিষয় আছে। ফুকনে সমালোচনাত্মক দৃষ্টিভংগীৰে উপন্যাসখন লিখিছে। লেখকে কিতাপখনত স্পষ্টভাৱে নিজৰ মতামত দাঙি ধৰিছে। এনেবোৰ গ্ৰন্থসমাজৰ বাবে অতিকৈ প্ৰয়োজন।

উল্লেখ্য যে, অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে অসম আন্দোলনৰ জুয়ে পোৰা তিৰাশীৰ ছহিদ প্ৰভাত চেতিয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে। তেওঁ উপন্যাসখনৰ প্ৰসংগত কয়, আধুনিক অসমীয়া ইতিহাসত ৮০ দশকৰ পৰা এতিয়ালৈকে গুৰুত্ব হ'ব অপৰিসীম।

অসমৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ সন্ধিক্ষণৰ প্ৰতিচ্ছবি 'এজাক অভিমন্যু' উপন্যাসখনত প্ৰতিফলিত হৈছে। জাতিক নতুনকৈ জগাবলৈ নৱ নিৰ্মাণ কৰিবলৈ এনে ধৰণৰ সাহিত্য সৃষ্টি অতিকৈ প্ৰয়োজনীয়।

জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনৰ দৃষ্টিভংগী তথা চিন্তাৰ বিচিত্ৰতা আছে। বেহু বন্ধনৰ পৰা অসমীয়া জাতি মুক্ত হ'ব লাগিব। চিন্তাৰ স্থুলতাৰ বাবে আমি আন জাতিতকৈ পিছ পৰি আছো। জাতিক ধৰি ৰাখে সাংস্কৃতিক, ভাষিক সম্পৰ্কই। অসম প্ৰেমীৰ নামত এতিয়া চলা অনাহক প্ৰতিযোগিতাই জাতিটোক অধিক ক্ষতি কৰিছে।

ইফালে ঐতিহাসিক অসম আন্দোলনৰ প্ৰসংগ উত্থাপন কৰি বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে কয়, সঞ্জীৱ কুমাৰ ফুকনৰ দৰে বহুতে আন্তৰিকতাৰে অসম আন্দোলনত যোগ দিছিল। কিন্তু এচামে ৰাজনীতিৰ বেপাৰত এই আন্দোলন কৰিছিল। আন্দোলন কৰা ল'ৰাবোৰকে দেৱতা বুলি জ্ঞান কৰি জ্যেষ্ঠবোৰে ভুল কৰিছিল।

জ্যেষ্ঠসকলে চকু মুদি যিসকল ল'ৰাৰ হাতত জাতিটোক গতাই দিলে, তেওঁলোকেই জাতিটোক এনে দুৰৱস্থা কৰিলে। অসম আন্দোলনে বহুতকে ক্ষমতাকেন্দ্ৰিক কৰিলে। বৰ্তমানৰ সময়ত অতীতৰ কথাৰ পক্ষপাতমুক্ত আলোচনা হ'ব লাগে।পক্ষপাতমুক্ত বুৰঞ্জীয়েহে জাতি এটাক জীয়াই ৰখাত অৰহিনা যোগাই বুলিও বিশিষ্ট সাংবাদিকগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

ইফালে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশলৈ বিশিষ্ট লেখক ড০ শ্যামভদ্ৰ মেধিয়ে কয়, অসমৰ সংঘাত জৰ্জৰ পৰিস্থিতিৰ আধাৰত এতিয়াও পৰ্যাপ্ত পৰিমাণৰ গ্ৰন্থ ৰচনা হোৱা নাই। ইতিহাসৰ ঘটনাৰ আলম লৈ গ্ৰন্থ ৰচনা হোৱা নাই। ইতিহাসৰ ঘটনাৰ আলম লৈ বহু গ্ৰন্থ লিখিবলগীয়া আছে।

অভিমন্যু হৈও যে পাকচক্ৰত নোসোমোৱাকৈ চলিব পাৰি সেয়া 'এজাক অভিমন্যু'ৰ চৰিত্ৰত প্ৰতিফলিত হৈছে। গ্ৰন্থখনত পঢ়ুৱৈ সমাজে পূৰ্বে নজনা ইতিহাসৰ বহু তথ্য লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে।

উল্লেখযোগ্য যে, ৩৫১ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ উপন্যাস 'এজাক অভিমন্যু' উন্মোচনৰ মঞ্চত উপস্থিত থাকে 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, 'অসমীয়া প্ৰতিদিন'ৰ মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰী, জ্যেষ্ঠ সাংবাদিক মুনীন বায়ন, অদীপ কুমাৰ ফুকন, অমল দাস, তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ সুনীল দত্ত আদি।

ভাষণ প্ৰসংগত 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই কয়, সাংবাদিকতা এটা বৃত্তি। সাংবাদিকতা জীৱন নহয়। নেপথ্যত থাকে জীৱিকাৰ আঁৰৰ জীৱন। য'ত জীৱন নাথাকে তাত জীৱিকাৰ কোনো মূল্য নাই।

আমাৰ বাবে সদায় জীৱন উৰ্ধত। জীৱন-জীৱিকা একেলগে চলাই নিব লাগিব। জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনে জীৱন-জীৱিকাক সমানে অগ্ৰাধিকাৰ দি উপন্যাস ৰচনা কৰিছে। মহাভাৰতত অভিমন্যু চৰিত্ৰৰ আধাৰত ফুকনে বৰ্তমানৰ সমাজত জীয়াই থকা চৰিত্ৰবিশ্লেষণ কৰিছে।

ইফালে অনুষ্ঠানত অংশ লৈ লেখক-সাংবাদিক অদীপ কুমাৰ ফুকনে জাতিক ঐক্যবদ্ধ কৰিবলৈ লিখনিৰ জৰিয়তে চেষ্টা কৰা উচিত বুলি মন্তব্য কৰে। অধ্যাপক ড০ সুনীল দত্তইও অনুষ্ঠানত শুভেচ্ছামূলক বক্তব্য ৰাখে।

ইফালে 'এজাক অভিমন্যু' সন্দৰ্ভত গ্ৰন্থখনৰ লেখক সঞ্জীৱ কুমাৰ ফুকনে কয়- ১৯৮০ চনৰ পৰা আজিলৈকে সমাজত ঘটনা বিভিন্ন ঘটনাৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত আছো। সাংবাদিক হিচাপে কিছুমান কথা লিখিব পৰা নাযায়। হৃদয়ৰ কথা ক'বলৈ এই উপন্যাসখন লিখিবলগীয়া হ'ল।

উপন্যাসখনত 'অভিজিৎ' নামৰ এটি চৰিত্ৰৰ জৰিয়তে সমাজখনক বিশ্লেষণ কৰাৰ প্ৰয়াস কৰিছো। 'অভিজিৎ' আজিৰ প্ৰজন্মৰ যুৱকসকলক প্ৰতিনিধিত্ব কৰিছে। উপন্যাসখনে পঢ়ুৱৈৰ হৃদয় স্পৰ্শ কৰিব পাৰিলেই লিখাৰ সাৰ্থকতা লাভ কৰিব বুলিও সঞ্জীৱ কুমাৰ ফুকনে আশা ব্যক্ত কৰে।

ইফালে 'অসমীয়া প্ৰতিদিন'ৰ সহযোগী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনৰ সহধৰ্মিনী মেঘালী চক্ৰৱৰ্তীয়ে কয়, উপন্যাসখনৰ চৰিত্ৰবোৰ আমাৰ উঠি-অহা যুৱক-যুৱতী। উঠি অহা প্ৰজন্মক প্ৰতিনিধিত্ব কৰিছে অভিজিৎ চৰিত্ৰটোৱে।

উল্লেখ্য যে, আজিৰ এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কেইবাগৰাকীও সাংবাদিক ক্ৰমে মনি মহন্ত, মৃনাল তালুকদাৰ, মানসী বায়ন, ফনী দাস, উৎপল দাস, প্ৰানজিৎ শইকীয়া, হীৰেন শইকীয়া, চন্দন দুৱাৰা, গনেশ গগৈ, পৰম প্ৰকাশ গগৈ, জিতুমণি বৰা, দীপেন শৰ্মা, জিতুমণি শৰ্মা, বনজিৎ ঠাকুৰীয়া, ৰীমা বৰঠাকুৰ, পদ্মিনী হাজৰিকা, হেমন্ত বৰা, দীপ নাথ, চিন্ময় ৰয়, ফাইজুৰ ৰহমান আদি উপস্থিত থাকে।

তেওঁলোকৰ উপৰিও উপস্থিত থাকে সঞ্জীৱন প্ৰকাশনৰ স্বত্বাধিকাৰী প্ৰতীসা কৌশিক বৰুৱা, সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু আন বহু কেইজন বিশিষ্ট ব্যক্তি। এঞ্জেলা চাংমাইয়ে আঁত ধৰা এই গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে লেখক শুভেচ্ছা জ্ঞাপন কৰে। এজাক অভিমন্যু গ্ৰন্থখন প্ৰকাশ কৰিছে ৰাজ্যৰ আগশাৰীৰপ্ৰকাশন গোষ্ঠী পূৰ্বাঞ্চল প্ৰকাশে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in