/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/cdddcb5a-16d3-42b6-8d1c-a923fdd8a618/ind.jpg)
আজিৰে পৰা আৰম্ভ ভাৰত-বাংলাদেশৰ টেষ্ট
ডিজিটেল ডেস্কঃ সম্প্ৰতি ভাৰতীয় ক্ৰিকেট দল ব্যস্ত বাংলাদেশ ভ্ৰমণত। বাংলাদেশৰ বিপক্ষে এদিনীয়া আৰু টেষ্ট শৃংখলা খেলাৰ উদ্দেশ্যে কিছুদিনৰ আগত বাংলাদেশত উপস্থিত হৈছিল ভাৰতীয় দল। ঘৰুৱা দলটোৰ বিপক্ষে ভাৰতে সদ্যসমাপ্ত এদিনীয়া শৃংখলাত ২-১ৰ ব্যৱধানত পৰাজিত হয় যদিও অন্তিমখন মেচত ভাৰতৰ প্ৰদৰ্শন আছিল শক্তিশালী।
উক্ত মেচতে ২০০ শতাধিক ব্যক্তিগত ৰানৰ ইনিংছ খেলিছিল প্ৰতিভাৱান বেটাৰ ঈশান কিশানে। উল্লেখ্য যে, কিশানৰ উপৰিও ভাৰতৰ হৈ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত শচীন তেণ্ডুলকাৰ,সেহৱাগ আৰু ৰোহিত শৰ্মাই দ্বি-শতকীয় ইনিংছ খেলিছিল।
ঘৰুৱা দল বাংলাদেশৰ বিপক্ষে এদিনীয়া শৃংখলা সামৰি বুধবাৰৰ পৰা আলহী দল ভাৰতে আৰম্ভ কৰিছে টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ। দ্বিতীয়খন এদিনীয়াত আঙুলিত আঘাতপ্ৰাপ্ত হৈ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা স্বদেশলৈ উভতি আহিছে।
তেনেস্থলত বি চি চি আয়ে ৰোহিতৰ স্থানত কে এল ৰাহুলক ভাৰতীয় দলৰ নেতৃত্বৰভাৰ প্ৰদান কৰে। সেই অনুসৰি বাংলাদেশৰ বিপক্ষে চলিত টেষ্ট মেচত ৰাহুলে দলক নেতৃত্ব প্ৰদান কৰে।
আজিৰে পৰা আৰম্ভ হোৱা প্ৰথমখন টেষ্টত টছত জয়ী হৈ ভাৰতে বেটিং কৰাৰ সিদ্ধান্ত লয়। আজিৰ দিনটোত ভাৰতে প্ৰথম ইনিংছত ৯০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ২৭৮ ৰান সংগ্ৰহ কৰে। অভিজ্ঞ বেটছমেন পূজাৰাই ৯০, শ্ৰেয়াস আয়াৰ ৮২(অপঃ)ই অৰ্ধশতক অৰ্জন কৰে। তাৰ বিপৰিতে ব্যৰ্থ হয় কিং কোহলি । কোহলি মাত্ৰ ১ৰান কৰিয়েই টাইজুল ইছলামৰ বলত পেভিলিয়নমুখী হয়।
আনহাতে অধিনায়ক কে এল ৰাহুলেও ক্ৰিজত অধিক সময় তিষ্ঠিব নোৱাৰি ৫৪টা বলৰ সন্মুখীন হৈ ২২ ৰানতে বল্ড আউট হয়।
আৰু পঢ়কঃ ২১ মাহ পাছত হ্ৰাস পালে মুদ্ৰাস্ফীতি!
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us