২১ মাহ পাছত হ্ৰাস পালে মুদ্ৰাস্ফীতি!

দেশত সময়ে সময়ে হৈ থকা মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনতাক। ৰান্ধীশালৰ বস্তুৰ পৰা আৰম্ভ কৰি পিন্ধন উৰণ সকলো বস্তুৰে মূল্যবৃদ্ধি হৈছে।
২১ মাহ পাছত হ্ৰাস পালে মুদ্ৰাস্ফীতি!

ডিজিটেল ডেস্ক: দেশত সময়ে সময়ে হৈ থকা মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনতাক। ৰান্ধীশালৰ বস্তুৰ পৰা আৰম্ভ কৰি পিন্ধন উৰণ সকলো বস্তুৰে মূল্যবৃদ্ধি হৈছে। ইয়াৰ মাজতে কিছু সামগ্ৰীৰ দাম কমিছেও।

খাদ্য, ইন্ধন আৰু নিৰ্মিত সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ বাবে পাইকাৰী মূল্য-আধাৰিত মুদ্ৰাস্ফীতি বা ডব্লিউপিআই নৱেম্বৰত নিম্নতম ৫.৮৫ শতাংশলৈ হ্ৰাস পায়। ২০২১ চনৰ নৱেম্বৰত মুদ্ৰাস্ফীতি ১৪.৮৭ শতাংশ আছিল। ২১ মাহ পাছত এই হ্ৰাস হোৱা দেখা গৈছে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সন্দৰ্ভত সংসদত কয় যে মুদ্ৰাস্ফীতি আৰু হ্ৰাস কৰিবলৈ চৰকাৰে জনসাধাৰণৰ সৈতে মিলি কাম কৰিব।

২০২২-২৩ বৰ্ষৰ অনুদানৰ পৰিপূৰক দাবীৰ উত্তৰত বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে, "মুদ্ৰাস্ফীতি ব্যৱস্থাপনা বা নিয়ন্ত্ৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মন্ত্ৰী আৰু বিষয়াসকলে সময়ে সময়ে হস্তক্ষেপ কৰি পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ ফলাফল দেখাও গৈছে।

উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ে বুধবাৰে কয়, ২০২২ চনৰ নৱেম্বৰত মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস হোৱাৰ মুখ্য কাৰণ হৈছে খাদ্য সামগ্ৰী, মৌলিক ধাতু, বস্ত্ৰ, ৰাসায়নিক পদাৰ্থ আৰু ৰাসায়নিক সামগ্ৰী, কাগজ আৰু ইয়াৰ পৰা তৈয়াৰ কৰা সামগ্ৰীৰ মূল্য হ্ৰাস হোৱা। ইয়াৰ পূৰ্বে মুদ্ৰাস্ফীতিৰ হ্ৰাসৰ নুন্যতম ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত আছিল। সেই সময়ত ইয়াৰ পৰিমাণ আছিল ৪.৮৩ শতাংশ।

আৰু পঢ়ক: অফিচৰ পৰা ওলাই যোৱাৰ কিছু সময় পাছতেই উদ্ধাৰ যুৱকৰ মৃতদেহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in