দৰং জিলাত প্ৰথমটো ধান ক্ৰয় কেন্দ্ৰৰ শুভ উদ্বোধন...

কেন্দ্ৰটোৰ জৰিয়তে ২০৪০ টকা প্ৰতি কুইণ্টল হিচাবত কৃষকৰ পৰা ধান সমূহ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা হ'ব

author-image
Asomiya Pratidin
New Update
দৰং জিলাত প্ৰথমটো ধান ক্ৰয় কেন্দ্ৰৰ শুভ উদ্বোধন...

ধান ক্ৰয় কেন্দ্ৰৰ শুভ উদ্বোধন

ডিজিটেল সংবাদ,মঙলদৈঃদৰং জিলাত প্ৰথমটো ধান ক্ৰয় কেন্দ্ৰৰ মঙ্গলবাৰে শুভ উদ্বোধন কৰা হয়। মঙলদৈৰ ঔতলা অকলিবাৰীত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য আঁচনিৰ অধীনত ধান ক্ৰয় কেন্দ্ৰটিৰ শুভ উদ্বোধন কৰা হয় ।কৃষক সকলক সুবিধা দিয়াৰ বাবেই এই কেন্দ্ৰ স্থাপন কৰা হয় ।

এই কেন্দ্ৰটোৰ জৰিয়তে ২০৪০ টকা প্ৰতি কুইণ্টল হিচাবত কৃষকৰ পৰা ধান সমূহ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা হব বুলি জানিব দিয়ে দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই। অনুস্থানত খেতিয়ক সকলক বছৰেকত এটা খেতিৰ পৰিবৰ্তে দুটা বা তিনিটা খেতি কৰিবলৈ আহ্বান জনায় কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়োৱে ।

লগতে ধান কেন্দ্ৰ মুকলি হোৱাৰ পিছত একাংশ মধ্যভোগী দালালৰ দপদপনি কিছু পৰিমাণে কমিব বুলিও উল্লেখ কৰে বিধায়ক গৰাকীয়ে । আনহাতে উপায়ুক্ত গৰাকীয়ে কৃষকৰ উৎসাহ দেখি যোৱা বাৰৰ তুলনাত এইবাৰ অধিক ধান ক্ৰয় কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে ।

আৰু পঢ়কঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী গোটত নৱাগত আদৰণি সভা...

assam darrang