মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী গোটত নৱাগত আদৰণি সভা...

সভাৰ শেষৰ ফালে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে এখনি নাটিকা প্ৰদৰ্শন কৰাৰ লগতে সহকাৰী অধ্যাপক হিৰণ্য কুমাৰ বৰাই শলাগৰ শৰাই আগবঢ়াই
নৱাগত আদৰণি সভা
নৱাগত আদৰণি সভা

ডিজিটেল সংবাদ, ধুবুৰীঃ মঙলবাৰে ধুবুৰীৰ ডুমৰদহস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বিতীয়টো ইউনিট ধুবুৰীত অতি উলহ-মালহেৰে প্ৰথমখন নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হয়। বন্তি প্ৰজ্বলনৰ লগতে বিশ্ববিদ্যালয় সংগীত তথা শংকৰদেৱ বিৰচিত এটি বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা সভাখনৰ প্ৰাৰম্ভিক কাৰ্যসূচী হিচাপে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা প্ৰস্তুত কৰা 'চৰৈৱতী' শীৰ্ষক প্ৰাচীৰ পত্ৰিকাখনি উন্মোচন কৰা হয় ।

ইয়াৰ পাচতেই আৰম্ভ হোৱা আনুষ্ঠানিক কাৰ্যক্ৰমণিকাৰ আঁত ধৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰী ক্ৰমে কৰিশ্মা দে আৰু টুটুমণি মণ্ডলে আৰু সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বিশ্ববিদ্যালয়ৰ ধুবুৰী চৌহদৰ সমন্বয়ক তথা অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° চন্দ্ৰকমল চেতিয়াই । সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ধুবুৰী জিলাৰ নিৰ্বাচনী বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ মাচি তপ্নই তেওঁৰ অনুপ্ৰেৰণামূলক বক্তব্যৰে নৱাগত ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে ।

তদুপৰি সভাখনত অংশলৈ বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক অধ্যাপক মৃণাল কুমাৰ বৰাই নৱাগত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বহুমূলীয়া বক্তব্য প্ৰদান কৰাৰ লগতে চৌহদটোৰ জন্ম বেদনাৰ সৈতে জড়িত বিভিন্ন ঘটনাৰ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে । সভাখনত নৱাগত ছাত্ৰ-ছাত্ৰীসকলৰ একাষাৰ অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অসমীয়া, ইংৰাজী আৰু শিক্ষাতত্ব বিভাগৰ প্ৰতিনিধি ক্ৰমে কৰিশ্মা দে, হাচানুৰ জামান আৰু নাচিফা জামানে তেওঁলোকৰ বিশ্ববিদ্যালয় সম্পৰ্কীয় অনুভৱ ব্যক্ত কৰাৰ লগতে অধ্যাপক আৰু কৰ্মচাৰীসকলৰ তৰফৰ পৰা ক্ৰমে ড° শিখামণি শৰ্মা, ড° তাপসী মজুমদাৰ, হিৰণ্য কুমাৰ বৰা, ৰিম্পা খাতুন, স্বৰ্ণালী মণ্ডল আৰু কৃষ্ণ কান্ত ৰায়ে নৱাগতসকলক শুভেচ্ছা বাৰ্তা প্ৰদান কৰে ৷

সভাৰ শেষৰ ফালে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে এখনি নাটিকা প্ৰদৰ্শন কৰাৰ লগতে সহকাৰী অধ্যাপক হিৰণ্য কুমাৰ বৰাই শলাগৰ শৰাই আগবঢ়ায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in