/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/hagrama-mhilary-face-main-4a2c-470d-815f-dfc9505d4c45.jpg)
ফাইল ফটো
ডিজিটেল ডেস্ক: বি পি এফ দলৰ শীৰ্ষ নেতৃত্ব তথা প্ৰাক্তন বিটিএডিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী শীৰ্ঘে যোগদান কৰিব পাৰে বিজেপিত। বিটিআৰৰ গাদী পুনৰ দখলৰ বাবে পৰিকল্পনা ৰচিছে হাগ্ৰামাই।
দিছপুৰত পোনপটীয়া মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াই বিধানসভাৰ মজিয়াত মিত্ৰ দলৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে হাগ্ৰামা। কিন্তু ইমানেই নহয়। আৰ এছ এছ নেতাকো সাক্ষাৎ কৰিছে হাগ্ৰামাই। নাগপুৰীয়া নেতাৰ চৰন স্পৰ্শ কৰি ললে আশীৰ্বাদ।
এই সন্দৰ্ভত বি টি আৰৰ বৰ্তমান মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই কয় যে লগ লাগি থাকে নে, কাজিয়া কৰি থাকিবলৈ বিচাৰে এয়া বি পি এফৰ কথা। এয়া গ্ৰহণ কৰো নে নকৰো দেখা যাব।
অন্যহাতে প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই কয় যে তেওঁ দলক এৰি নাযায় বুলি আমাৰ বিশ্বাস আছে। হয়তো ৰাইজৰ বাবে বেলেগ চিন্তা কৰিব পাৰে। কিন্তু বিজেপিত যোগদান নকৰে।
আৰু পঢ়ক: স্বামীৰ লগত গৈছিল প্রাতঃভ্রমণলৈ; তীব্ৰ বেগী বাহনৰ খুন্দাত মৃত্যু মহিলাৰ