বিলাসীপাৰাত জালনোটসহ দুজন সৰবৰাহকাৰীক আটক...

আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ নগদ ১ লাখ ৩৯ হেজাৰ টকাসহ কেইবা লক্ষাধিক জালনোট জব্দ কৰাৰ লগতে সৰবৰাহকাৰী দুজনক আটক কৰে

author-image
Asomiya Pratidin
New Update
বিলাসীপাৰাত জালনোটসহ দুজন সৰবৰাহকাৰীক আটক...

জালনোট সৰবৰাহকাৰীক আটক

ডিজিটেল সংবাদ, বিলাসীপাৰাঃ বিলাসীপাৰাত আটক জালনোটসহ সৰবৰাহকাৰী। শুকুৰবাৰে বিলাসীপাৰা আৰক্ষীয়ে জালনোটসহ দুজন সৰবৰাহকাৰীক আটক কৰে।জানিব পৰা মতে, বিলাসীপাৰাৰ কাঠালদি প্ৰথম খণ্ড গাঁৱৰ আমেদ আলীৰ ঘৰৰ পৰা আৰক্ষীয়ে স্থানীয় লোক আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত দুজন দুধৰ্ষ জালনোট সৰবৰাহকাৰীক আটক কৰে।

Advertisment

সৰবৰাহকাৰী দুজনক গাঁওৰক্ষী বাহিনী আৰু ৰাইজে হাতে-লোটে ধৰি বিলাসীপাৰা আৰক্ষী থানাত খবৰ দিয়ে আৰু থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৎ কুমাৰ দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ততালিকে ঘটনাস্থলীত উপস্থিত হৈ নগদ ১ লাখ ৩৯ হেজাৰ টকাসহ কেইবা লক্ষাধিক জালনোট জব্দ কৰাৰ লগতে সৰবৰাহকাৰী দুজনক আটক কৰে।

উল্লেখ্য যে,ধৃত সৰবৰাহকাৰী দুজনে গাঁৱখনৰ উমেদ আলীৰ ঘৰত দীৰ্ঘদিন ধৰি নাৰীদেহ ব্যৱসায়ৰ লগতে অবৈধ জালনোটৰ ব্যৱসায় চলাই আছিল বুলি আৰক্ষীয়ে তথ্য সদৰি কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি জালনোট ব্যৱসায়ৰ লগত জৰিত সৰবাৰহকাৰী এগৰাকীৰ নাম চাপৰৰ শিঙাৰপাৰ্কৰ জীয়াউৰ খান বুলি উল্লেখ কৰে। আনহাতে আন এগৰাকী সৰবৰাহকাৰী জালনোট ব্যৱসায়ৰ লগত জড়িত উমেদ আলীৰ পত্নী আছাতন নেছা এগৰাকী আশাকৰ্মী আৰক্ষীয়ে বুলি জানিবলৈ দিয়ে।

জালনোট
জালনোট

অবৈধ জালনোট ব্যবসায়ী চক্ৰৰ লগত আন কেইবাজনো লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে বিলাসীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৎ কুমাৰ দাসে।অন্যহাতে জালনোট সৰবৰাহকাৰী দুগৰাকীক আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধ-পোচ চলাই আছে জানিবলৈ দিয়ে।

আৰু পঢ়কঃ সৰুপথাৰত পথ দুৰ্ঘটনা : থিতাতে নিহত দুজন, গুৰুতৰভাৱে আহত এজন...

assam bilashipara Assam police