ধুবুৰীৰ বিলাসীপাৰাত ১৬ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৰাস মহোৎসৱ...

আজি এই ৰাস মহোৎসৱৰ শুভাৰম্ভ হয়
dhuburi
dhuburi

ডিজিটেল সংবাদ, ধুবুৰীঃ মঙলবাৰৰ পৰা ১৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অতি উলহ-মালহেৰে ধুবুৰীৰ বিলাসীপাৰাত পৰম্পৰাগতভাৱে ৬৪ তম শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন কৰা হৈছে। আজি এই ৰাস মহোৎসৱৰ শুভাৰম্ভ হয়। ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি সোমবাৰে পূজা, ভাগৱৎ পাঠ, কীৰ্তন, ধৰ্মধ্বজা উত্তোলন, বন্তি প্ৰজ্বলন, তোপধ্বনী, আলোচনা চক্ৰ আদি কাৰ্যসূচী পালন কৰা হয়।

আজি মেলা আৰু বিভিন্ন অনুষ্ঠান যেনে মেলাৰ মূল দ্বাৰ, প্ৰদৰ্শনীৰ তোৰণ, ৰাসচক্ৰ, আমোদ উদ্যান, মঞ্চ আদি উদ্বোধন কাৰ্যসূচী ৰূপায়ন কৰা হয়। অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহীয়ে মেলাৰ মূল দ্বাৰ আৰু জিলাখনৰ উপায়ুক্ত দিবাকৰ নাথে প্ৰৰ্দশনীৰ তোৰণ উদ্বোধন কৰে।

জিলাখনৰ উপায়ুক্ত দিবাকৰ নাথ, নিপকো অধ্যক্ষ(সতন্ত্ৰ) বিমল ওছোৱাল আৰু আন বহুত বিশিষ্ট ব্যক্তিয়ে উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ক'ভিডৰ নীতি নিয়মৰ বাবে বিগত দুটা বছৰ ৰাসমেলা উদযাপনৰ ক্ষেত্ৰত বিধি নিষেধ আৰোপ কৰা হৈছিল যদিও এই বেলি বিলাসীপাৰাবাসী ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে।

শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰাক কেন্দ্ৰ কৰি অগণন লোকৰ আগমনত বিলাসীপাৰা ৰাস মহোৎসৱ দ্বিতীয় বৈকুণ্ঠ হিচাপে পৰিলক্ষিত হৈছে। উল্লেখ্য যে জিলাখনৰ বিলাসীপাৰাৰ ইন্দ্ৰ নাৰায়ণ একাডেমী খেল পথাৰত অনুষ্ঠিত হ'বলগীয়া বিলাসীপাৰা ৰাস মহোৎসৱখন যোৱা ছয় দশক ধৰি জাতি, বৰ্ণ, ধৰ্ম, নিৰ্বিশেষে এক জাতি এক প্ৰাণ হিচাপে পৰিগণিত হৈ আহিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in