দৰং জিলাত ৭৫ খন গাওঁ পঞ্চায়তত বিশেষ গাঁৱসভা...

সভাত দৰং জিলাৰ জিলা উন্নয়ন আয়ুক্ত, ডি.আৰ.ডি.এৰ, কাৰ্যবাহী অভিযন্তা সমন্বিতে পঞ্চায়তৰ বিষয়-ববীয়াসকল উপস্থিত থাকে

author-image
Asomiya Pratidin
New Update
দৰং জিলাত ৭৫ খন গাওঁ পঞ্চায়তত বিশেষ গাঁৱসভা...

দৰং জিলাত ৭৫ খন গাওঁ পঞ্চায়তত বিশেষ গাঁৱসভা

ডিজিটেল সংবাদ,‌ মঙলদৈঃ দৰং জিলাত ৭৫ খন গাওঁ পঞ্চায়তত বিশেষ গাঁৱসভা। অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা ভূমি স্বত্ব বিষয়ত বহুল সংস্কাৰ সাধনৰ বাবে আৰম্ভ কৰা মিছন বসুন্ধৰা ২.০ ৰ পৰা লাভ কৰিব পৰা সেৱাসমূহৰ সম্পৰ্কে গাঁৱসভা অনুষ্ঠিত কৰে।

Advertisment

মিছন বসুন্ধৰা ২.০ ৰ সম্পৰ্কে সৰ্বসাধাৰণ ৰাইজক অৱগত কৰোৱাৰ লগতে আন আন বিভিন্ন চৰকাৰী আচনিৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে শুকুৰবাৰে দৰং জিলাৰ মঙলদৈ, পাথৰিঘাট, দলগাঁও, ছিপাঝাৰ আৰু পূব-মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত ৭৫ টা গাঁও পঞ্চায়তত বিশেষ গাঁৱসভা অনুষ্ঠিত কৰে বুলি জানিবলৈ দিয়ে ৷

উক্ত সভাত মিছন বসুন্ধৰাৰ লগতে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি, কম্পিউটাৰ সাক্ষৰতাৰ লগতে ভালেমান চৰকাৰী আঁচনিৰ সা-সুবিধা সন্দৰ্ভত সৰ্বসাধাৰণক বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা অৱগত কৰোৱা হয় ৷ দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই নামখলা গাঁও পঞ্চায়তত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকি ৰাইজক এই আচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷

সভাত দৰং জিলাৰ জিলা উন্নয়ন আয়ুক্ত, ডি.আৰ.ডি.এৰ কাৰ্যবাহী অভিযন্তা সমন্বিতে পঞ্চায়তৰ বিষয়-ববীয়াসকল উপস্থিত থাকে ৷ আনহাতে দৰঙৰ অতিৰিক্ত উপায়ুক্ত আৰু সহকাৰী আয়ুক্তসকলেও জিলাখনৰ বিভিন্ন ঠাইত চক্ৰ বিষয়াসকলৰ সৈতে এই গাঁওসভাত উপস্থিত থাকে ৷ প্ৰত্যেকখন গাঁও পঞ্চায়তত অনুষ্ঠিত কৰা এই বিশেষ গাঁৱসভাত ৰাইজৰ উপস্থিতি আৰু সহাৰি আশাব্যঞ্জক আছিল বুলি উদ্যোগক্তাই জানিবলৈ দিয়ে ৷

আৰু পঢ়কঃ ঢকুৱাখনাত চাওলুং চুকাফাৰ আৱক্ষ মূৰ্তি উন্মোচন...

assam darrang