ঢকুৱাখনাত চাওলুং চুকাফাৰ আৱক্ষ মূৰ্তি উন্মোচন...

সভাত মুখ্য অতিথি হিচাবে বিশিষ্ট টাই পণ্ডিত, গৱেষক ,পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ পুষ্প গগৈ উপস্থিত থাকি টাই সমাজৰ ঐতিহ্য পৰম্পৰাৰ সম্পৰ্কত অৱলোকন কৰি সাম্প্ৰতিক সময়ত টাই আহোম সকলৰ কৰণীয়তা সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই
ঢকুৱাখনাত চাওলুং চুকাফাৰ আৱক্ষ মূৰ্তি উন্মোচন
ঢকুৱাখনাত চাওলুং চুকাফাৰ আৱক্ষ মূৰ্তি উন্মোচন

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাত চাওলুং চুকাফাৰ আৱক্ষ মূৰ্তি উন্মোচন। ৬০০ বছৰীয়া আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক,সমন্বয়, সুশাসন, সাহস আৰু সৌম্যতাৰ প্ৰতীক, বৰ অসমৰ সভ্যতা-সংস্কৃতিৰ চিৰজাগ্ৰত সত্তা স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰায় ১৮ ফুট ওখ আৱক্ষ মূৰ্তি শুক্ৰবাৰে ঢকুৱাখনাত উন্মোচন কৰে।

বিচক্ষণতাৰে বৰ অসমৰ ভেটি গঢ়ি  বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক সবল ৰূপ প্ৰদানেৰে মহৎ কাৰ্য সিদ্ধি কৰি যোৱা স্বৰ্গদেওৰ পবিত্ৰ আগমন তিথি "অসম দিৱস"ৰ লগত সংগতি ৰাখি ঢকুৱাখনাত নিৰ্মিত এই আৱক্ষ মূৰ্তি উন্মোচন কৰে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়ে।  ঢকুৱাখনা টাই সাংস্কৃতিক গৱেষণা ও বিকাশ কেন্দ্ৰ প্ৰাংগণত উদযাপিত "অসম দিৱস"ৰ অন্যতম কাৰ্যসূচী হিচাবে নৱ নিৰ্মিত এই আৱক্ষ মূৰ্তি উন্মোচন পৰ্বত সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি জীতেন গগৈ , কাৰ্যকৰী সভাপতি বীৰেন সন্দিকৈ, প্ৰধান সম্পাদক হিতেশ ফুকন, প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ কাৰ্যকৰী সভাপতি প্রিয় ফুকন, ললিত গগৈকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক বিষয়ববীয়া আৰু জ্ঞাতি বৰ্গ উপস্থিত থাকে ।

আয়োজক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি, পুৱা পতাকা উত্তোলন , খেন বান ফি পূজাৰে দিৱসৰ পাতনি মেলাৰ পাছতে চিত্ৰাংকণ ,ৰচনা আৰু কুইজ প্ৰতিযোগিতা সাংস্কৃতিক ও বিকাশ কেন্দ্ৰ প্রাংগনত অনুষ্ঠিত কৰা হয়। বিয়লি অনুষ্ঠিত মুকলি সভাত প্ৰবীণ শিক্ষাবিদ ডঃ গিৰিন গগৈৰ উদ্বোধনী ভাষণ আৰু হেমন্ত গগৈৰ আদৰণি ভাষণেৰে  শুভ উদ্বোধন কৰে।

ইয়াৰ পাছতে "পিতামহ" নামৰ দিৱসৰ স্মৃতি গ্ৰন্থখন উন্মোচন কৰে সু লেখিকা, প্ৰবীণ শিক্ষাবিদ পুষ্পা গগৈয়ে । সভাত মুখ্য অতিথি হিচাবে বিশিষ্ট টাই পণ্ডিত, গৱেষক , পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ পুষ্প গগৈ উপস্থিত থাকি টাই সমাজৰ ঐতিহ্য পৰম্পৰাৰ সম্পৰ্কে অৱলোকন কৰি সাম্প্ৰতিক সময়ত টাই আহোমসকলৰ কৰণীয়তা সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই।

"পিতামহ" নামৰ দিৱসৰ স্মৃতি গ্ৰন্থখন উন্মোচন
"পিতামহ" নামৰ দিৱসৰ স্মৃতি গ্ৰন্থখন উন্মোচন

বিশিষ্ট শিক্ষাবিদ জগদীশ গগৈ, পূৰ্ণানন্দ গগৈ ,প্ৰফুল্ল চুতীয়া,  ভোলা নাথ গগৈ ,পূৰ্ণ লাহন, চেনিৰাম বৰুৱা , প্ৰদীপ চমুৱা, দ্বিগেন্দ্ৰ নাথ হাজৰিকা, ভাস্কৰ দাস ,হৰকান্ত কোঁচ , মিঠাৰাম চেতিয়া ,ভুৱন চমুৱা আদি বহু সংখ্যক বিশিষ্ট ব্যক্তি আৰু জ্ঞাতি বৰ্গ উপস্থিত থকা মুকলি সভাত বিশিষ্ট প্ৰায় ১৮ ফুট ওখ আৱক্ষ মূৰ্তি নিৰ্মাণকাৰী উদীয়মান  ভাস্কৰ্য শিল্পী ঢকুৱাখনাৰ নিলোৎপল চমুৱা, নগাঁৱৰ দেবাশীস বৰা, চানডুবিৰ ৰুবুল ডেকা আৰু হীৰক ডেকাক প্ৰশংসা পত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

আৰু পঢ়কঃ দুৰ্ঘটনাত হাত ভাঙিল জুবিনৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in