তীৰ্থনগৰীত মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিব লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি

তীৰ্থনগৰীত মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিব লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি

author-image
Asomiya Pratidin
New Update
তীৰ্থনগৰীত মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিব লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি

ডিজিটেল সংবাদ, হাজো: তীৰ্থনগৰী হাজোত বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী তথা প্ৰথম অসমীয়া ৰাজ্যপাল লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্ত্তি। প্ৰয়াত বিষ্ণুৰাম মেধিৰ হাজো ভৰালীটোলাস্থিত নিজ বাসভৱন "শিশু কল্যাণ ভৱন"ত পুৱা ১০.৩০বজাত ৭ফুট উচ্চতাৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰি এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

এই অনুষ্ঠানতেই মুখ্যমন্ত্ৰীগৰাকীয়ে "লৌহমানৱ" শীৰ্ষক এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰিব। অনুষ্ঠানৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপক জনপ্ৰিয় সংগীত শিল্পী তৰালী শৰ্মা আৰু কল্লোল বৰঠাকুৰে বৰগীত পৰিৱেশন কৰিব। জনদৰদী নেতা লৌহমানৱ বিষ্ণুৰাম মেধিৰ স্মৃতি আৰু কৰ্মৰাজী সজীৱ কৰি ৰাখিবলৈ লৌহমানৱ বিষ্ণুৰাম মেধি স্মৃতি সুৰক্ষা সমিতি, প্ৰতিমূৰ্ত্তি নিৰ্মাণ সমিতিৰ লগতে হাজোবাসী ৰাইজে অনুষ্ঠানটো সফল কৰিবলৈ স্বতঃস্ফুটভাৱে সঁহাৰি আগবঢ়াইছে।

উক্ত অনুষ্ঠানলৈ সমূহ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে লৌহমানৱ বিষ্ণুৰাম মেধি প্ৰতিমূৰ্ত্তি নিৰ্মাণ সমিতিয়ে। ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক চেঁচা দলঙৰ পৰা পাখামেলালৈ মটৰ চাইকেল ৰেলীৰে আদিৰ অনাৰ প্ৰস্তুতি চলাইছে হাজো বিজেপিৰ যুৱ মৰ্চাই।

Also Read: ধুবুৰীত চেনিটেৰী শৌচাগাৰৰ কামৰ নামত কোটি কোটি টকাৰ দুৰ্নীতি: তদন্তৰ দাবী

himanta biswa sarma bishnuram medhi hajo