ধুবুৰীত চেনিটেৰী শৌচাগাৰৰ কামৰ নামত কোটি কোটি টকাৰ দুৰ্নীতি: তদন্তৰ দাবী

ধুবুৰীত চেনিটেৰী শৌচাগাৰৰ কামৰ নামত কোটি কোটি টকাৰ দুৰ্নীতি: তদন্তৰ দাবী
Published on
Updated on

ডিজিটেল সংবাদ,ধুবুৰী: অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অৱহেলা আৰু নিৰ্লিপ্ততাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধুবুৰী সংমণ্ডলত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ পিচতো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এক প্ৰকাৰ উদাসীন ভূমিকা গ্ৰহণ কৰা বুলি অভিযোগ জিলাবাসীৰ।

শেহতীয়াকৈ ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জিলাখনৰ বিভিন্ন উন্নয়ন মূলক কাম-কাজৰ প্ৰতি এক প্ৰকাৰ পিঠি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। ফলত জিলা খনৰ অন্যান্য চৰকাৰী বিভাগৰ কাৰ্যালয়ৰ লেখীয়াকৈ ধুবুৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়তো চৰকাৰী উন্নয়ন মূলক কাম-কাজৰ নামত চলিছে চৰম লুণ্ঠন ৰাজ।

বিশেষকৈ ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ অধীনত এনএলঅ'বি আৰু এলঅ'বি আঁচনিৰ চেনিটেৰী শৌচাগাৰ নিৰ্মাণৰ নামত ভয়াৱহ দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। ধুবুৰী আৰু গোৱালপাৰা জিলা দুখনৰ ধুবুৰী জিলাত প্ৰায় ২৮১৪১ টা আৰু গোৱালপাৰা জিলাত ২৬৩৬৫ টা চেনিটেৰী শৌচাগাৰ ২০১৯-২০ আৰু ২০২০-২১ বিত্তীয় বৰ্ষ দুটাত নিৰ্মাণ কৰাৰ বাবে জিলা দুখনেৰে বিভিন্ন এনজিঅ'ক দায়িত্ব দিয়া হৈছিল।

প্ৰতিটো চেনিটেৰী শৌচাগাৰ নিৰ্মাণৰ নামত বিভাগটোৱে এনজিঅ' সমূহক ১২ হাজাৰ টকাকৈ ধাৰ্য কৰি দিছিল। কিন্তু চেনিটেৰী শৌচাগাৰৰ নিৰ্মাণৰ নামত সেই দায়িত্ব প্ৰাপ্ত এনজিঅ' কেইটাৰ বেছি ভাগেই উক্ত জিলা দুখনত দুই-এটা নাম মাত্ৰ কামেৰে বাকী বৃহৎ সংখ্যক চেনিটেৰী শৌচাগাৰৰ কাম নকৰি পাছত ১০০ শতাংশ কাম কৰা দেখুৱাই সেই কামৰ বিল ধুবুৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত দাখিল কৰিছিল।

কিছুদিন পূৰ্বে সেই চেনিটেৰী শৌচাগাৰৰ কামৰ বিলৰ টকা চৰকাৰে মোকলাই দিয়াত বৰ্তমানে একাংশ এনজিঅ'ই ধুবুৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত আহি বিলৰ টকা পোৱাৰ আশাত ভিৰ কৰি থকা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত কুম্ভকৰ্ণ নিদ্ৰাত থকা ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ধুবুৰী আৰু গোৱালপাৰা জিলা দুখনত চেনিটেৰী শৌচাগাৰৰ নিৰ্মাণৰ নামত সংঘটিত হোৱা কোটি কোটি টকাৰ দুৰ্নীতিৰ তদন্ত প্ৰক্ৰিয়া কৰিব নে নাই তাকে লৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে।

ইপিনে ধুবুৰী আৰু গোৱালপাৰা এই জিলা দুখনৰ একাংশ ভুক্তভোগী ৰাইজে তেওঁলোকৰ বাবে চৰকাৰে আৱণ্টন দিয়া চেনিটেৰী শৌচাগাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাকৈ সংশ্লিষ্ট এনজিঅ' সমূহক কোনো ধৰণে বিলৰ টকা যাতে মোকলাই দিয়া নহয় তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in