শিলচৰত উত্তপ্ত পৰিস্থিতি, অটো চালকৰ বিৰুদ্ধে ক্ষুব্ধ বজৰং দল

মঙলবাৰে শিলচৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। এখন ইলেকট্ৰিক অটোৰ পিছ ফালে বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকা  লগোৱা ঘটনাক কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ পাছতে বজৰঙ দলৰ একাংশ সদস্য অটোৰ চালক জনৰ ওপৰত ক্ষুব্ধ হৈ পৰে।  

author-image
Asomiya Pratidin
New Update
বাহনত বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকা

বাহনত বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকা


ডিজিটেল ডেস্ক, শিলচৰ: মঙলবাৰে শিলচৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। এখন ইলেকট্ৰিক অটোৰ পিছ ফালে বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকা  লগোৱা ঘটনাক কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ পাছতে বজৰঙ দলৰ একাংশ সদস্য অটোৰ চালক জনৰ ওপৰত ক্ষুব্ধ হৈ পৰে।  শিলচৰ মেহেৰপুৰ পাঁচঘৰীৰ বাসিন্দা অটো চালক ফাইজুৰ ৰহমান মজুমদাৰক আৱদ্ধ কৰি বজৰং দলৰ কৰ্মী সকলে কিয় তেওঁ শিলচৰৰ অটোত বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকা লগাইছে বুলি প্ৰশ্ন কৰি পৰিস্থিতি উত্তাল কৰে। সম্প্ৰতি বাংলাদেশত হিন্দু লোক সকলক অত্যাচাৰ কৰা আৰু সেই দেশৰ একাংশলোকে ভাৰত বিৰোধী মন্তব্য কৰা ঘটনাৰ পিছত  এইদৰে বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকা শিলচৰৰ যাত্ৰীবাহী অটোত লগাই দিন দুপৰতে ঘুৰি ফুৰা ঘটনা মুঠেও সহজ ভাবে ল'ব পৰা নাই বজৰং দলৰ সদস্য সকলে। 

Advertisment

ইফালে,অটো চালক ফাইজুৰ ৰহমানে  ক্ষুব্ধ বজৰং দলৰ সদস্য সকলক অবগত কৰা অনুসৰি, অটো খনত বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকা লগোৱা সন্দৰ্ভত তেওঁ একো নাজানে। এসপ্তাহ পুৰ্বে তেওঁ অটোৰ গৰাকী আফজল হুছেইনৰ পৰা ভাড়াত লৈছিল অটোখন। আনহাতে, অটোচালক জনক পাছত আৰক্ষীক গতাই দিয়াৰ লগতে অটোখনত বাংলাদেশৰ জাতীয় পতাকা লগোৱাৰ সংক্ৰান্তত শিলচৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে বজৰং দলে। আৰক্ষীয়ে অটো চালক জনক আটক কৰাৰ লগতে অটোখনো নিজৰ জিম্মাত লৈ যায় আৰক্ষীয়ে। আৰক্ষীয়ে ইতিমধ্যেই সমগ্ৰ বিষয়টোৰ  তদন্ত আৰম্ভ কৰিছে। 

bajrang dal bajranga dal Silchar bangladeshi bangladesh