/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/702d50ce-3141-487c-8e18-9b2fdfbc2d55/download.jpg)
ডিজিটেল ডেস্কঃ ব্লেডেৰে ডিঙিত ৰেপি বন্ধুক হত্যাৰ চেষ্টা । এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ বামুণীমৈদামত । জানিব পৰা মতে ৫০ টকাৰ বাবে কাজিয়া লাগে দুই বন্ধু কুশল নগৰৰ জিতুমণি কলিতা আৰু উত্তৰ জ্যেতিনগৰৰ জিতু কলিতাৰ মাজত।
সুৰাসক্ত দুই বন্ধুই কাজিয়া লাগি থকা অৱস্থাত জিতুমণি কলিতা নামৰ বন্ধুগৰাকীয়ে জিতু কলিতাৰ ডিঙিত ব্লেডেৰে ৰেপি হত্যাৰ চেষ্টা চলায়। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় উত্তৰ জ্যোতিনগৰৰ জিতু কলিতা নামৰ যুৱকজন। অৱশ্যে আঘাতপ্ৰাপ্ত জিতু কলিতাক হাস্পতাললৈ প্ৰেৰণ কৰে।
আনহাতে হত্যাৰ চেষ্টা চলোৱা কুশলনগৰৰ জিতুমণি কলিতাক চান্দমাৰী আৰক্ষীয়ে আটক কৰে।
আৰু পঢ়কঃ বৰ্তমান সুস্থ অভিনেতা সিদ্ধাৰ্থ শৰ্মা...