/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/afb559a2-317b-4a40-a7c1-8c7988cdeee4/rrrr.jpg)
sidhatrtha sarma
ডিজিটেল ডেস্ক : ৰেঙনি টিভিৰ জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা কে.কে. খ্যাত সিদ্ধাৰ্থ শৰ্মা হঠাৎ অসুস্থ হোৱাত গুৱাহাটীৰ হেল্থচিটী হাস্পতালত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে অভিনেতাগৰাকী উচ্চ ৰক্তচাপ আৰু ষ্ট্ৰোকত আক্ৰান্ত হৈ আই.চি.চি.ইউ ভৰ্তি হৈছিল।
বৰ্তমান অভিনেতাগৰাকী সুস্থ অৱস্থাত আছে আৰু চিকিৎসকে চিকিৎসা অব্যাহত ৰাখিছে। বেহৰবাৰী আউটপোষ্টত দৰ্শকক অভিনয়েৰে মোহিত কৰা অভিনেতাগৰাকীৰ হঠাৎ অসুস্থতাত অনুৰাগীসকল চিন্তিত হৈ পৰা পৰিলক্ষিত হয়।
আৰু পঢ়ক : ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত নতুন সংযোজন পৰিৱেশ্য কলা