/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/medicine.png)
ডিজিটেল ডেস্ক: পেট্ৰ'ল-ডিজেলতে সীমাবদ্ধ নাথাকি ১ এপ্ৰিলৰ পৰা দেশত বৃদ্ধি হ'ল ঔষধৰ দামো। দেশত হোৱা মূল্যবৃদ্ধিয়ে এতিয়া জুৰুলা কৰিছে সকলোকে।
মুৰৰ বিষৰ পৰা আৰম্ভ কৰি জ্বৰৰ ঔষধৰো দাম বৃদ্ধি ১ এপ্ৰিলৰ পৰা। কোৰোণাৰ পিছৰে পৰা ঔষধৰ দাম বৃদ্ধি কৰাৰ বাবে দাবূী কৰি আহিছিল ঔষধ প্ৰস্তুত কৰা প্ৰতিষ্ঠানসমূহে।সেই দাবী সমূহ মানি ১ এপ্ৰিলৰ পৰা ঔষধৰ দাম ১০.৭ শতাংশ বৃদ্ধি কৰাৰ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে।
ক্লিক কৰি পঢ়কঃকুৱেইটত ভয়ংকৰ অগ্নিকাণ্ড; অসমীয়া ব্যৱসায়ীৰ বিস্তৰ ক্ষতিসাধন…
উল্লেখ্য যে, কেতবোৰ ঔষধৰ মূল্য কেন্দ্ৰীয় চৰকাৰৰ অনুমতি অবিহনে বৃদ্ধি কৰিব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰৰ অনুমতিৰ পিছতেই প্ৰায় ৮০০ বিধ ঔষধৰ মূল্য বৃদ্ধি পালে। ইয়াৰ ভিতৰত থাকিব পেৰাচিটেমল,এন্টিবাইটিক, ব্লাড প্ৰেচাৰ আদিৰ ঔষধ।
ক্লিক কৰি পঢ়কঃগোলাঘাট চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us