/asomiyapratidin/media/media_files/2025/05/06/Edp76Y5t5L4GBs01OEWB.jpg)
ডিজিটেল ডেস্কঃ প্ৰতি বছৰে মে’ মাহৰ প্ৰথম মঙলবাৰে বিশ্ব হাঁপানি দিৱস পালন কৰা হয়। এই দিৱস পালনৰ লক্ষ্য হৈছে বিশ্বজুৰি হাঁপানিৰ বিষয়ে সজাগতা বিয়পাই ৰোগীসকলৰ নিজৰ যত্ন লোৱাত উৎসাহিত কৰা। গ্ল’বেল ইনিচিয়েটিভ ফৰ এজমা (জিআইএনএ)ৰ উদ্যোগত প্ৰতিবছৰে এই দিৱস পালন কৰা হয়।
হাঁপানী কি?
হাঁপানি হৈছে দীৰ্ঘদিনীয়া এক শ্বাস-প্ৰশ্বাসজনিত ৰোগ। এই ৰোগত আক্ৰান্ত ৰোগীয়ে কাহ, উশাহ-নিশাহ লোৱাত কষ্ট পোৱা, বুকুখন টানি ধৰা তথা হুমুনিয়াহ কাঢ়ি থকাৰ দৰে স্বাস্থ্য সমস্যাৰ সন্মুখীন হয়। বিশ্ব হাঁপানি দিৱসৰ উদ্দেশ্য হৈছে হাঁপানিৰ চিনাক্তকৰণ, এই ৰোগ হোৱাৰ কাৰণ আৰু চিকিৎসাৰ বিষয়ে মানুহক সজাগ কৰা। অৱশ্যে এই বিষয়ে সকলোয়ে জনা উচিত যে, সঠিক ঔষধ আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰে হাঁপানি নিয়ন্ত্ৰণ কৰিব পাৰি।
হাঁপানীৰ কাৰণ
কিছুমান ঔষধ, যেনে এছপিৰিন আৰু এন এছ এ আই ডি (যেনে আইবুপ্ৰ’ফেন)ই মানুহৰ হাঁপানিৰ আক্ৰমণৰ সূচনা কৰিব পাৰে। এই ঔষধৰ ফলত ব্ৰংকিয়ল টিউব সংকীৰ্ণ হৈ উশাহ লোৱাত অসুবিধা হয়। সাধাৰণতে ভাইৰাছে হাঁপানিৰ সূচনা কৰে বুলি ভবা হয় যদিও কিছুমান বেক্টেৰিয়াই হাওঁফাওঁত সংক্ৰমণ কৰি হাঁপানিৰ লক্ষণ যেনে কাহ, বুকুখন টান হোৱা আদিও সৃষ্টি কৰিব পাৰে। মানসিক চাপ বা উদ্বেগেও হাঁপানিৰ লক্ষণ বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতা হ’য়। যাৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা হ’ব পাৰে।
এই ৰোগৰ পৰা হাত সৰাৰ উপায়
-ধূলি, ধোঁৱা, পোহনীয়া জন্তুৰ চুলি, পৰেগ, ঠাণ্ডা বতাহ আৰু তীব্ৰ গোন্ধ (পাৰফিউম, ধূপ, কীটনাশক)ৰ পৰা সদায় আঁতৰি থাকিব লাগে।
-চিকিৎসকে দিয়া ইনহেলাৰ বা অন্য ঔষধ সময়মতে খাব লাগে। কোনো লক্ষণ নাথাকিলেও চিকিৎসকে নিদিয়ালৈকে নিৰ্ধাৰিত ঔষধ খোৱা বন্ধ কৰিব নালেগে।
- অনুলোম-ভিলোম, ভষ্ট্ৰিকা আৰু কপালাভটিৰ দৰে প্ৰাণায়াম উপকাৰী। তদাসন, বজ্ৰাসন আৰু ভুজংগাসনৰ দৰে লঘু যোগাসনৰ ভংগীমাতো উপকাৰ পোৱা যায়।
- ৰোগীয়ে নিজেও ধূমপান কৰিব নালাগে আৰু আনে ধূমপান কৰা ঠাইলৈও যাব নালাগে। মদ আৰু কেফেইনৰ অত্যধিক সেৱনেও হাঁপানীৰ সৃষ্টি কৰিব পাৰে।
-লঘু, সহজে হজম হোৱা আৰু পুষ্টিকৰ খাদ্য খাব লাগে। ভিটামিন চি, ডি, অ'মেগা-৩ ফেটি এচিডযুক্ত খাদ্য যেনে আমলা, আলমণ্ড, তুলসী, হালধি মিহলি গাখীৰ খাব লাগে।
-মাজে মাজে স্বাস্থ্য পৰীক্ষা কৰি থকাটো খুব জৰুৰী। পিক ফ্ল’মিটাৰৰ সহায়ত উশাহ-নিশাহৰ ক্ষমতা পৰীক্ষা কৰি থাকিব লাগে।
-ঘৰটো পৰিস্কাৰ কৰি ৰাখিব লাগে যাতে ধূলি নাথাকে।
-হঠাৎ হাপাঁনিৰ আক্ৰমণ হ'লে নিজকে সুৰক্ষা প্ৰদানৰ বাবে ইনহেলাৰ সদায় লগত ৰাখিব লাগে।