/asomiyapratidin/media/media_files/2025/06/16/6FdtaoMVds0sGOutEIUI.png)
ডিজিটেল ডেস্ক: এসাঁজ ভাত নাখালেই শৰীৰে শক্তি লাভ নকৰে বুলি আপোনাৰ-মোৰ সকলোৰে চিন্তা। কিন্তু এসাঁজ কি, ২৪ ঘণ্টা একো নাখালেও আমাৰ শৰীৰৰ একো ক্ষতি নহয়। বৰঞ্চ লাভ হে হয়। এয়া আমাৰ কথা নহয়। শেহতীয়া এক গৱেষণাত এই কথা প্ৰমাণ হৈছে।
এই গৱেষণাত পোহৰলৈ অহা মতে, যেতিয়া আমি বহু সময় নোখোৱাকৈ থাকো, তেতিয়া শৰীৰে বাহিৰৰ পৰা শক্তি লাভ নকৰে। সেয়েহে ভিতৰত জমা হৈ থকা গ্লুক’জ আৰু চৰ্বি শক্তি হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। এই প্ৰক্ৰিয়াত অট'ফেজি নামৰ প্ৰাকৃতিক কোষ পৰিস্কাৰ প্ৰক্ৰিয়া এটা শৰীৰত সক্ৰিয় হয়।
কি এই অট'ফেজি ?
অট'ফেজি হৈছে এনে এক জৈৱিক ব্যৱস্থা, য’ত আমাৰ কোষবোৰে নিজকে পৰিস্কাৰ কৰে। এই প্ৰক্ৰিয়াত ক্ষতিগ্ৰস্ত বা অসাৰ অংশ ভাঙি পুনৰ ব্যৱহাৰ কৰি নতুন কোষ নিৰ্মাণ কৰে। জাপানী বিজ্ঞানী যোছিনোৰি ওছুমীয়ে এই বিষয়ে বিস্তৃত গৱেষণা কৰি ইয়াৰ বাবে ২০১৬ চনত নোবেল বঁটাও লাভ কৰিছিল।
অট'ফেজি প্ৰক্ৰিয়া
এই প্ৰক্ৰিয়াই কেন্সাৰ কোষৰ বৃদ্ধি ৰোধ কৰিব পাৰে। ইয়াৰ উপৰিও ই স্নায়ুজনিত ৰোগ যেনে এলঝেইমাৰ, পাৰ্কিনছন প্ৰতিৰোধ কৰিব পাৰে।
উপবাসে হ্ৰাস কৰে শৰীৰ ফুলা সমস্যা
উপবাসে শৰীৰৰ প্ৰদাহৰ সূচক যেনে CRP (C-Reactive Protein) আৰু IL-6 (Interleukin-6) হ্ৰাস কৰে। প্ৰদাহ বা শৰীৰ ফুলাক এতিয়া হৃদৰোগ, কেন্সাৰ, ডায়েবেটিছ আৰু মগজুৰ ৰোগৰ প্ৰধান কাৰণ বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত প্ৰদাহ নিয়ন্ত্ৰণ কৰাটো স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ।
উপবাসৰ আন আন উপকাৰিতা
তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰে – যিয়ে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰে, আৰু কিছুমান প্ৰকাৰৰ কেন্সাৰৰ সৈতেও জড়িত।
ওজন কমোৱাত সহায়ক- জমা হোৱা চৰ্বিক শক্তিলৈ ৰূপান্তৰিত কৰে।
উন্নত কৰে মগজুৰ কাৰ্য্যক্ষমতা – মনোযোগ, স্মৃতিশক্তি আৰু একাগ্ৰতা উন্নত কৰে।
উপবাসে হ্ৰাস কৰে কেন্সাৰৰ সম্ভাৱনা
গৱেষণাৰ পৰা দেখা গৈছে যে, উপবাসে শৰীৰৰ কৰ্কট কোষৰ বৃদ্ধি লেহেমীয়া কৰিব পাৰে। জাৰ্মানী আৰু ইটালীৰ বিজ্ঞানীসকলে তেওঁলোকৰ অধ্যয়নত বিচাৰি উলিয়াইছে যে মাজে মাজে কৰা উপবাসে কৰ্কট কোষৰ বৃদ্ধি ৰোধ কৰিব পাৰে। আমেৰিকান জাৰ্নেল অৱ ক্লিনিকেল নিউট্ৰিচনত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে, উপবাসে লিম্ফোমা নামৰ কেন্সাৰৰ প্ৰকাৰৰ বিকাশ ৰোধ কৰিব পাৰে।
বি.দ্ৰ: যদি আপুনি কোনো ৰোগত আক্ৰান্ত, উপবাস বা খাদ্য গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব।