/asomiyapratidin/media/media_files/2025/03/21/3HDzjDvEgC1G1NCt7h9q.jpg)
ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্বতে মেদবহুলতায়ে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘মন কী বাত’ অনুষ্ঠানত মেদবহুলতাৰ বিষয়ে উল্লেখ কৰি সকলোকে সজাগ কৰাৰ চেষ্টা কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিজন ব্যক্তিক ব্যায়াম কৰা আৰু খাদ্যত তেলৰ ব্যৱহাৰ ১০ শতাংশ হ্ৰাস কৰিবলৈ আহ্বান জনায়। শেহতীয়াকৈ অৱশ্যে মেদবহুল লোকসকলৰ বাবে এক অতি লাভজনক উপায় ওলাইছে। হয়, মেদবহুলতা প্ৰতিৰোধৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি অহা এটা ঔষধ কোম্পানীয়ে ভাৰতত এনে এবিধ ঔষধ মুকলি কৰিছে, যিয়ে মেদবহুলতা, অতিৰিক্ত ওজন আৰু টাইপ-২ ডায়েবেটিছৰ প্ৰথম চিকিৎসা বুলি দাবী কৰা হৈছে। ই GIP (Glucose-Dependent Insulinotropic Polypeptide) আৰু GLP-1 (Glucagon Like Peptide-1) দুয়োটা হৰম’ন ৰিচেপ্টৰ সক্ৰিয় কৰে।
আমেৰিকাৰ ফাৰ্মাচিউটিকেল কোম্পানী 'এলি লিলি'য়ে বহু অপেক্ষাৰ অন্তত এতিয়া ভাৰতত ডায়েবেটিছ আৰু মেদবহুলতা প্ৰতিৰোধৰ বাবে Tirzepatide নামৰ এবিধ ঔষধ মুকলি কৰিছে। এই ঔষধৰ ২.৫ মিলিগ্ৰামৰ মূল্য ৩,৫০০ টকা আৰু ৫ মিলিগ্ৰামৰ মূল্য ৪,৩৭৫ টকা নিৰ্ধাৰণ কৰা হৈছে। সাধাৰণতে সপ্তাহত এবাৰ খাব লগা এই ঔষধৰ প্ৰতিমাহৰ খৰচ চিকিৎসকে দিয়া মাত্ৰা অনুসৰি ১৪ হাজাৰৰ পৰা ১৭ হাজাৰ ৫০০ টকাৰ ভিতৰত হ’ব।
দ্ৰুতগতিত হয় ওজন হ্ৰাস
কোম্পানীটোৱে কয় যে, ৭২ সপ্তাহত প্ৰাপ্তবয়স্কসকলৰ মাজত এই ঔষধটো পৰীক্ষা কৰোতে সৰ্বাধিক মাত্ৰাত (১৫ মিলিগ্ৰাম), গড়ে ২১.৮ কিলোগ্ৰাম আৰু সৰ্বনিম্ন মাত্ৰাত (৫ মিলিগ্ৰাম) ১৫.৪ কিলোগ্ৰাম ওজন কমিছিল। ইফালে, 'এলি লিলি' ইণ্ডিয়াৰ সভাপতি আৰু মহাপ্ৰবন্ধক উইন্সল’ টাকাৰে এই সন্দৰ্ভত প্ৰকাশ কৰা মতে, ভাৰতত মেদবহুলতা আৰু টাইপ ২ ডায়েবেটিছৰ দুগুণ বোজা জনস্বাস্থ্যৰ বাবে বৃহৎ প্ৰত্যাহ্বান হিচাপে দেখা দিছে। এই ৰোগসমূহৰ প্ৰতি সজাগতা বৃদ্ধি, প্ৰতিৰোধ আৰু ব্যৱস্থাপনা উন্নত কৰাৰ বাবে চৰকাৰ আৰু উদ্যোগৰ সৈতে সহযোগিতা আগবঢ়াবলৈ 'এলি লিলি' প্ৰতিশ্ৰুতিবদ্ধ।
ভাৰতত ১০ কোটি লোক আক্ৰান্ত মধুমেহ ৰোগত
চিকিৎসা বিজ্ঞানৰ অধ্যয়ন অনুসৰি, ভাৰতত ১০ কোটিতকৈ অধিক লোক ডায়েবেটিছত আক্ৰান্ত। ইয়াৰে প্ৰায় আধা সংখ্যকে অপৰ্যাপ্ত চিকিৎসা লাভ কৰে আৰু তেওঁলোকৰ গ্লাইচেমিক নিয়ন্ত্ৰণো সঠিকভাৱে বজাই ৰখা নহয়। মেদবহুলতা হৈছে এক দীৰ্ঘদিনীয়া ৰোগ। যি ডায়েবেটিছ, উচ্চ ৰক্তচাপ, ডিছলিপিডেমিয়া, হৃদৰোগ,অবষ্ট্ৰাক্টিভ স্লিপ এপনিয়া আদি অগণন ৰোগৰ সৃষ্টিৰ কাৰক। উল্লেখ্য যে, ২০২৩ চনত কৰা এক অধ্যয়নত পোহৰলৈ অহা মতে, ভাৰতত ২০ কোটিতকৈও অধিক লোক মেদবহুলতাত আক্ৰান্ত।
Also Read: খাওঁতে সাৱধান হওঁক, অৱহেলাই মাতিব পাৰে ভয়ংকৰ বিপদ