আচলতে এয়া বেমাৰ নে স্বাভাৱিক অৱস্থা, জানি লওঁক

কেতিয়াবা কিছুমান কথা ভাবি থাকোতে আমি গম নোপোৱাকৈয়ে বুকুখন বেছিকৈ ধপ্‌ধপাবলৈ ধৰে। বহুতেই ইয়াক স্বাভাৱিক অৱস্থা বুলিয়েই ভাবি উপেক্ষা কৰে। কিন্তু প্ৰকৃততে হঠাতে হৃদস্পন্দন বৃদ্ধি হোৱাটো স্বাভাৱিক নে, ই কোনো ৰোগৰ ইংগিত দিয়ে, জানো আহক- 

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
1

ডিজিটেল ডেস্ক: কেতিয়াবা কিছুমান কথা ভাবি থাকোতে আমি গম নোপোৱাকৈয়ে বুকুখন বেছিকৈ ধপ্‌ধপাবলৈ ধৰে। বহুতেই ইয়াক স্বাভাৱিক অৱস্থা বুলিয়েই ভাবি উপেক্ষা কৰে। কিন্তু প্ৰকৃততে হঠাতে হৃদস্পন্দন বৃদ্ধি হোৱাটো স্বাভাৱিক নে, ই কোনো ৰোগৰ ইংগিত দিয়ে, জানো আহক- 

Advertisment

কেতিয়াবা গভীৰ চিন্তাৰ মাজত হেৰাই গ’লে, কিবা উদ্বিগ্নতা বা ভয়ৰ মাজত আবদ্ধ হ’লে আমাৰ হৃদস্পন্দন হঠাতে বাঢ়ি যায়। স্বাভাৱিক অৱস্থাত এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ হৃদস্পন্দন প্ৰতি মিনিটত প্ৰায় ৬০ৰ পৰা ১০০ (BPM), কিন্তু যেতিয়া হৃদস্পন্দন ১০০ বিপিএমতকৈ বেছি হয় আৰু শাৰীৰিক পৰিশ্ৰম নহয়, তেতিয়া ইয়াক ‘টেকিকাৰ্ডিয়া’ বুলি কোৱা হয়। চিন্তা কৰি থাকোঁতে হৃদস্পন্দন বৃদ্ধি হ’লে মানসিক আৰু শাৰীৰিক প্ৰতিক্ৰিয়া হ’ব পাৰে।

যেতিয়া আমি কোনো চিন্তা, ভয়, উত্তেজনা বা বিভ্ৰান্তিকৰ চিন্তাত ডুব যাওঁ, তেতিয়া শৰীৰত মানসিক চাপৰ হৰম’ন অৰ্থাৎ কৰ্টিছল আৰু এড্ৰিনেলিনৰ মাত্ৰা বৃদ্ধি পাবলৈ আৰম্ভ কৰে, যাৰ বাবে হৃদস্পন্দন বৃদ্ধি পায়। এইটো শৰীৰৰ এক স্বাভাৱিক প্ৰক্ৰিয়া, যিয়ে আপোনাক বিপদৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুত কৰে। হৃদযন্ত্ৰৰ এনে দ্ৰুত স্পন্দন মানসিক চাপৰ লক্ষণো হ’ব পাৰে, যিয়ে শৰীৰত গভীৰভাৱে প্ৰভাৱ পেলায়।

প্ৰকৃততে এয়া ৰোগ হয়নে ?

স্বাস্থ্য বিশেষজ্ঞৰ মতে, কোনো গুৰুতৰ ৰোগৰ বাবে হৃদস্পন্দন দ্ৰুত হয় বুলি কব নোৱাৰি। কিন্তু ই মানসিক বা হৃদযন্ত্ৰৰ বিকাৰৰ লক্ষণ হ’ব পাৰে। যদি সঘনাই এনে হৈ থাকে, বিশেষকৈ জিৰণিৰ সময়ত, তেন্তে ই উদ্বেগজনক বিকাৰ, পেনিক এটেক বা টেকিকাৰ্ডিয়াৰ দৰে অৱস্থাৰ অংশ হ’ব পাৰে। কেতিয়াবা কেফেইন অত্যধিক গ্ৰহণৰ ফলতো এনে হ’ব পাৰে। যদি ইয়াৰ লগতে মূৰ ঘূৰোৱা, অস্থিৰতা, বুকুৰ বিষ, ঘাম ওলোৱা বা উশাহ লোৱাত কষ্ট পোৱা আদি লক্ষণ দেখা দিয়ে তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে। দীৰ্ঘদিনলৈ ইয়াক আওকাণ কৰিলে হৃদযন্ত্ৰৰ প্ৰভাৱ পৰিব পাৰে আৰু ভৱিষ্যতে হৃদযন্ত্ৰৰ লগত জড়িত গুৰুতৰ ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে। 

কেনেকৈ কৰিব প্ৰতিৰোধ ?

১) দৈনিক ধ্যান কৰক।

২) পৰ্যাপ্ত টোপনি লওঁক।

৩) কেফেইন আৰু নিকোটিনৰ সেৱন কমকৈ কৰিব।

৪) দৈনিক ব্যায়াম কৰিব।

৫) সদায় ইতিবাচক চিন্তা কৰিব।

৬) অতিমাত্ৰা চিন্তা কৰাটো বাদ দিয়ক।

প্ৰয়োজন হ’লে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।