ঔষধ নালাগে, কঠাল খাই আপুনি ভাল কৰিব পাৰিব বহু ৰোগ

ঔষধ নালাগে, কঠাল খাই আপুনি ভাল কৰিব পাৰিব বহু ৰোগ
Published on
Updated on

ডিজিটেল ডেস্ক: কঠাল বহু পুষ্টিগত গুণাগুণেৰে সমৃদ্ধ। কঠাল যিমানেই সুস্বাদু, সিমানেই  স্বাস্থ্যকৰ। ইয়াত ৰাইবোফ্লেভিন, থিয়ামিনৰ লগতে মেগনেছিয়াম, পটাছিয়াম, তাম, মেঙ্গানিজ আৰু আঁহ থাকে। এই সকলোবোৰ পুষ্টি আমাৰ শৰীৰৰ বিভিন্ন কাৰ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। এতিয়া কঠালৰ বতৰ।সেয়েহে এইকেইটা দিনত কঠাল খাই আপুনি ইয়াৰ গুণাগুণ লাভ কৰিব পাৰে।আজি কঠালৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

ৰক্তহীনতা দূৰ

দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে এতিয়া বহু লোক ৰক্তহীনতাত ভুগি আছে।ৰক্তহীনতা দূৰ কৰাত কঠাল অতি কাৰ্যকৰী। ইয়াত ভিটামিন, খনিজ তাম, মেঙ্গানিজ, মেগনেছিয়াম, আইৰণ, ভিটামিন এ, চি, ই থাকে, যিয়ে শৰীৰত তেজ প্ৰস্তুত কৰাৰ বাবেও কাম কৰে। আইৰণৰ অভাৱৰ বাবে বেছিভাগ মহিলাই ইমিলিয়াৰ ভুক্তভোগী হয়।সেয়েহে, ৰক্তহীনতাৰ ফলত হোৱা সমস্যাসমূহৰ পৰা বাচি থাকিবলৈ কঠাল খাব।

শক্তিশালী হয় পাচন তন্ত্ৰ

কঠালত যথেষ্ট পৰিমাণৰ আঁহ থাকে। ইয়াৰ গ্ৰহণে অন্ত্ৰত বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি কৰে। এই বেক্টেৰিয়াবোৰে পাচন তন্ত্ৰশ ক্তিশালী আৰু স্বাস্থ্যৱান কৰা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ কাম কৰে।উল্লেখ্য যে, পাচন তন্ত্ৰই সঠিকভাৱে কাম কৰিলে আমি বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।

নিয়ন্ত্ৰণত থাকে ৰক্ত শৰ্কৰাৰ স্তৰ 

কঠালত থকা আঁহে দীঘলীয়া সময়ৰ বাবে পেট ভৰ্তি ৰাখে।যাৰ বাবে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত থাকে।তদুপৰি, ইয়াৰ গ্লাইচেমিক সূচক অতি কম, যি ডায়েবেটিক ৰোগীসকলৰ বাবে এক স্বাস্থ্যকৰ বিকল্প।

স্বাস্থ্যৱান হৈ থাকে হৃদযন্ত্ৰ 

ইয়াত থকা আঁহ, পটাছিয়াম আৰু এণ্টিঅক্সিডেণ্টে হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰাখে আৰু লগতে হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যা যথেষ্ট পৰিমাণে হ্ৰাস কৰে।

স্বাস্থ্যৱান হয় চকু 

কঠালত থকা বিটা কেৰোটিন চকুৰ বাবে অতি উপকাৰী। ই কৰ্ণিয়াৰ কামত যথেষ্ট সহায় কৰে।

ছাল হৈ পৰে উজ্জ্বল

কঠালত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট, এণ্টিএজিং আৰু লগতে ভিটামিন চি থাকে। ছাল স্বাস্থ্যৱান কৰি ৰাখিবলৈ এই দুয়োটা পুষ্টি প্ৰয়োজনীয়। ইয়াৰ লগতে, ই বয়স বৃদ্ধিৰ প্ৰভাৱো হ্ৰাস কৰে। 

ঔষধ নালাগে, কঠাল খাই আপুনি ভাল কৰিব পাৰিব বহু ৰোগ
এইবিধ ফল খাওঁক আৰু কোষ্ঠকাঠিন্যক বিদায় দিয়ক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in