কামাখ্যাত উপস্থিত আন্তঃৰাষ্ট্ৰীয় ৰেপ সংগীত শিল্পী প'ষ্ট মেলনৰ বেণ্ড

আমেৰিকান পপষ্টাৰগৰাকীক প্ৰতিনিধিত্ব কৰা দলটো আজি গুৱাহাটীত উপস্থিত হৈ কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰে।

author-image
Asomiya Pratidin
New Update
new ap web 5 (6)

 ডিডিটেল ডেস্কঃ কাইলৈ গুৱাহাটীত আমেৰিকান পপষ্টাৰ প’ষ্ট মেলনৰ লাইভ কনচাৰ্ট। কাইলৈ সন্ধিয়া খানাপাৰাৰ পশু চিকিৎসা খেলপথাৰত প’ষ্ট মেলনৰ কনচাৰ্ট অনুষ্ঠিত হ’ব।  হাজাৰ হাজাৰ টকাত বিক্ৰী হৈছে পষ্ট মেল'নৰ সংগীতানুষ্ঠানৰ। ইতিমধ্যে সকলো টিকট স্লোড আউট হৈছে। 

WhatsApp Image 2025-12-07 at 7.16.20 PM

শেহতীয়াকৈ,আমেৰিকান পপষ্টাৰগৰাকীক প্ৰতিনিধিত্ব কৰা দলটো আজি গুৱাহাটীত উপস্থিত হৈ কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰে।ইপিনে প্ৰতিনিধি দলটোত আছিল দুজন সংগীত শিল্পী, মেনেজাৰ আৰু তিনিজন প্ৰডাকচনৰ সদস্য। অনুষ্ঠানৰ পূৰ্বে কামাখ্যা মন্দিৰ দৰ্শন কৰি  তেওঁলোকে প্ৰাৰ্থনা কৰা দেখা যায়।

WhatsApp Image 2025-12-07 at 7.16.10 PMউল্লেখ্য যে, এই লাইভ কনচাৰ্টত হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ কৰা সম্ভাৱনা আছে। ৫ ঘণ্টা ধৰি অনুষ্ঠান পৰিৱেশন কৰিব  আমেৰিকান পপষ্টাৰগৰাকীয়ে। 

পপষ্টাৰ প’ষ্ট মেলন