Advertisment

পাঁচ ঘণ্টাতকৈ কম সময় শোৱাৰ ফলত হ’ব পাৰে মাৰাত্মক ৰোগ

ভাল টোপনিয়ে আমাৰ শৰীৰ আৰু মন দুয়োটাকে স্বাস্থ্যৱান কৰি ৰাখে। কিন্তু এই সকলোবোৰ জনাৰ পাছতো যদি আপুনি ভালকৈ টোপনি যোৱাটোক গুৰুত্ব সহকাৰে লোৱা নাই, তেন্তে আপুনি খুব ডাঙৰ ভুল কৰি আছে।

author-image
Asomiya Pratidin
New Update
heart

ডিজিটেল ডেস্ক: ভাল টোপনিয়ে আমাৰ শৰীৰ আৰু মন দুয়োটাকে স্বাস্থ্যৱান কৰি ৰাখে। কিন্তু এই সকলোবোৰ জনাৰ পাছতো যদি আপুনি ভালকৈ টোপনি যোৱাটোক গুৰুত্ব সহকাৰে লোৱা নাই, তেন্তে আপুনি খুব ডাঙৰ ভুল কৰি আছে।হয়, শেহতীয়া এক গৱেষণাত প্ৰমাণ হৈছে যে নিশা পলমকৈ শোৱা আৰু পাঁচ ঘণ্টাতকৈ কম টোপনি যোৱাৰ ফলত মাৰাত্মক ৰোগৰ আশংকা বৃদ্ধি হয়। কেৱল এয়াই নহয়, টোপনিৰ অভাৱৰ ফলত হৃদযন্ত্ৰ দুৰ্বল হৈ পৰে। টোপনিৰ অভাৱে হৃদযন্ত্ৰক কেনেদৰে প্ৰভাৱিত কৰে জানো আহক-

Advertisment

ৰক্তচাপ বৃদ্ধি 

পৰ্যাপ্ত টোপনি নোহোৱাৰ ফলত ৰক্তচাপ বৃদ্ধি হয়। উচ্চ ৰক্তচাপ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে মাৰাত্মক। ইয়াৰ ফলত হাৰ্ট এটেক বা ষ্ট্ৰ'ক হ'ব পাৰে।

প্ৰদাহ বৃদ্ধি 

টোপনিৰ অভাৱৰ ফলত শৰীৰত প্ৰদাহ বৃদ্ধি হয়, যিয়ে হৃদযন্ত্ৰৰ স্নায়ুক প্ৰভাৱিত কৰে।দীঘলীয়া প্ৰদাহে হাৰ্ট এটেকৰ আশংকা বৃদ্ধি কৰে।

কলেষ্টেৰল, ৰক্ত শৰ্কৰাৰ ভাৰসাম্যহীনতা

টোপনিৰ অভাৱৰ ফলত কলেষ্টেৰলৰ স্তৰ অস্বাভাৱিক আৰু ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰা কঠিন হ'ব পাৰে। ই হৃদৰোগৰ আশংকা বৃদ্ধি কৰে।

বৰ্ধিত চাপ হৰমন

টোপনিৰ অভাৱৰ ফলত কৰ্টিচোলৰ দৰে চাপ হৰমনৰ স্তৰ বৃদ্ধি হয়। এই হৰমনে হৃদযন্ত্ৰত চাপ পেলায় আৰু কাৰ্ডিওভাস্কুলাৰ ৰোগ সৃষ্টি কৰিব পাৰে।

 ওজন বৃদ্ধিৰ সম্ভাৱনা 

টোপনিৰ অভাৱৰ ফলত শৰীৰৰ ভোক নিয়ন্ত্ৰণকাৰী হৰমনবোৰ ভাৰসাম্যহীন হৈ পৰিব পাৰে, যাৰ ফলত ভোক বৃদ্ধি আৰু ওজন বৃদ্ধি হ'ব পাৰে। অত্যাধিক ওজন আৰু মেদবহুলতাই হৃদৰোগৰ আশংকা বৃদ্ধি কৰে।

সেয়েহে, প্ৰতিদিনে ৭-৮ ঘণ্টা টোপনি যাব লাগে যাতে হৃদযন্ত্ৰ স্বাস্থ্যৱান হৈ থাকে আৰু হৃদৰোগৰ আশংকা হ্ৰাস হয়।

কিদৰে লাভ কৰিব ভাল টোপনি ?

-সদায় একে সময়তে শুবলৈ আৰু একে সময়তে উঠিবলৈ চেষ্টা কৰিব।

-শোৱাৰ আগতে এক নিয়মীয়া ৰুটিন গ্ৰহণ কৰিব, যিয়ে আপোনাক আৰামদায়ক কৰি তোলে।

- শোৱনি কোঠাটো আন্ধাৰ আৰু শান্ত ৰাখিব। 

- শোৱাৰ কমেও এঘণ্টা আগতে কম্পিউটাৰ, ম'বাইল আৰু টিভিৰ দৰে ইলেক্ট্ৰনিক সঁজুলি ব্যৱহাৰ কৰা বন্ধ কৰিব।

- শোৱাৰ কমেও ৪-৫ ঘণ্টা আগতে কেফেইন আৰু নিক'টিন গ্ৰহণ নকৰিব।

-শোৱাৰ ঠিক আগতে গধুৰ আৰু তেলেতীয়া খাদ্য পৰিহাৰ কৰিব।ৰাতি সদায় পাতল আহাৰ খাব।

-যোগ আৰু ধ্যানেও টোপনি উন্নত কৰাআৰু চাপ হ্ৰাস কৰাত সহায়ক।

Also Read: ভাল টোপনি হ’ল সুস্বাস্থ্যৰ চাবিকাঠি...