/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-09/3sopz9o1/WhatsApp-Image-2024-10-09-at-11.53.43-AM-4.jpeg)
jeera-for-weight-loss-
ডিজিটেল ডেস্ক: দুৰ্বল জীৱনশৈলীৰ বাবে আজিকালি অধিকাংশ লোকেই মেদবহুলতাৰ চিকাৰ হৈছে। ওজন বৃদ্ধিৰ ফলত শৰীৰত বহু ৰোগে দেখা দিয়ে।কিন্তু আপুনি জানি হয়তো আচৰিত হ’ব যে ওজন হ্ৰাস কৰাৰ ৰামবাণ আমাৰ পাকঘৰতে আছে। হয়, কেৱল সোৱাদ বৃদ্ধিতেই নহয়, জিৰায়ে বহু প্ৰকাৰে আমাৰ স্বাস্থ্যৰ উপকাৰ কৰে। জিৰা খোৱাৰ ফলত হজম উন্নত, বিপাক বৃদ্ধি কৰাৰ লগতো শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰাত সহায় কৰে।জিৰায়ে পেট ফুলা আৰু বদহজমৰ দৰে সমস্যাৰ পৰাও সকাহ দিয়ে।
জিৰাত থকা গুণাগুণবোৰে শৰীৰৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে। ইয়াত থকা এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণে শৰীৰৰ বিপাক ত্বৰান্বিত কৰে, যাৰ ফলত চৰ্বি হ্ৰাস প্ৰক্ৰিয়া দ্ৰুত হয়। যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, তেন্তে আপুনি দৈনিক জিৰা খাব পাৰে।
জিৰাৰ নিয়মীয়া ব্যৱহাৰে বিপাক বৃদ্ধি কৰে। ইয়াৰ ফলত শৰীৰে অধিক কেলৰি দহন কৰে, যাৰ ফলত ওজন হ্ৰাস হয়।জিৰা খোৱাৰ ফলত শৰীৰত শক্তিৰ স্তৰ বৃদ্ধি হয়, যিয়ে আপোনাক অধিক শক্তিশালী অনুভৱ কৰোৱাৰ লগতে শৰীৰক বিষমুক্ত কৰে।
কিদৰে খাব জিৰা গুটি
জিৰা পানী: এক চাহ চামুচ জিৰা গুটি গোটেই ৰাতি পানীত তিয়াই ৰাতিপুৱা উতলাই ফিল্টাৰ কৰি খালী পেটত খাব। খালী পেটত এই পানী খোৱাৰ বহুতো লাভালাভ আছে।
পাউডাৰ ৰূপত: আপোনাৰ খাদ্যত জিৰা গুৰি ব্যৱহাৰ কৰিব।বিভিন্ন ব্যঞ্জনত জিৰা পাউডাৰ ব্যৱহাৰ কৰি সোৱাদ আৰু পুষ্টি দুয়োটাই লাভ কৰিব পাৰে।
জিৰা চাহ: ইয়াৰ বাবে, একাপ পানীত এক চাহ চামুচ জিৰা লৈ উতলাব। যেতিয়া পানী আধা হয়, তেতিয়া ফিল্টাৰ কৰিব আৰু খাব।ইয়াত আপুনি সোৱাদ অনুসৰি মৌ যোগ দিব পাৰে।
জিৰা আৰু নেমু: এগিলাচ কুহুমীয়া পানীত এক চাহ চামুচ জিৰা গুৰি আৰু আধা নেমুৰ ৰস মিহলি কৰিব। ৰাতিপুৱা খালী পেটত ইয়াক পান কৰিলে আপোনাৰ যথেষ্ট উপকৃত হ'ব।
Also Read: অজুহাত পালেই সুৰা সেৱন নকৰিব, আজিৰে পৰাই সলনি কৰক জীৱনশৈলী