অমৰাৰ গুণাগুণৰ বিষয়ে জানিলে আপুনিও আচৰিত হ'ব

অসমৰ জলবায়ুত প্ৰচুৰ পৰিমাণে উৎপাদিত এবিধ ফল হৈছে অমৰা। টেঙা আৰু কেঁহা সোৱাদৰ এইবিধ ফল স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী । ইয়াত প্ৰচুৰ পৰিমাণে আঁহ, ভিটামিন চি, আইৰণ আৰু কেলচিয়াম থাকে।

author-image
সংগীতা দাস
New Update
web ap amora

ডিজিটেল ডেস্ক: অসমৰ জলবায়ুত প্ৰচুৰ পৰিমাণে উৎপাদিত এবিধ ফল হৈছে অমৰা। টেঙা আৰু কেঁহা সোৱাদৰ এইবিধ ফল স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী । ইয়াত প্ৰচুৰ পৰিমাণে আঁহ, ভিটামিন চি, আইৰণ আৰু কেলচিয়াম থাকে। অমৰাৰ ঔষধি গুণো অনেক। ই এন্টি-ইনফ্লেমেটৰী, এন্টিমাইক্ৰ’বিয়াল, এন্টি-ডায়েবেটিক, আলচাৰ-প্ৰটেক্টিভ আৰু এন্টিকেন্সাৰ গুণসম্পন্ন। সম্পূৰ্ণ ফলবিধৰ লগতে অমৰাৰ বাকলি, পাত আৰু শিপায়েও বহু গুৰুতৰ স্বাস্থ্য সমস্যা সমাধান কৰিব পাৰে। 

Advertisment

ইমান স্বাস্থ্যসন্মত যদিও অমৰা অনাদৃত। ইয়াৰ কাৰণ হৈছে অমৰাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে অধিকাংশ লোকেই আজিও অজ্ঞাত। অমৰাৰ উপকাৰিতা তথা ঔষধি গুণৰ বিষয়ে আজি জানো আহক-

অমৰাৰ উপকাৰিতা

  • অমৰাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। আমাৰ শৰীৰৰ বাবে ভিটামিন চি এক অতি  অত্যাৱশ্যকীয় ভিটামিন। নিয়মিয়াকৈ অমৰা খালে বহু ৰোগৰ পৰা বাচি থাকিব পাৰি। 
  • অমৰাত প্ৰচুৰ পৰিমাণে কেলচিয়াম থকাৰ বাবে ই শিশুৰ দৈহিক গঠনত যথেষ্ট সহায়ক।
  • অমৰা আইৰণ সমৃদ্ধ। সেয়েহে, অমৰা খালে ৰক্তহীনতা দূৰ হয়।
  • চর্দি-কাহ-জ্বৰ উপশমতো অমৰা খুব উপকাৰী। বিভিন্ন ভাইৰাছৰ আক্রমণৰ পৰা অমৰাই আমাৰ শৰীৰক ৰক্ষা কৰিব পাৰে।

অমৰা বাকলিৰ ঔষধি গুণ

জ্বৰ, বাত বিষ

অতীজৰে পৰা পৰম্পৰাগতভাৱে অমৰাৰ বাকলি জ্বৰ আৰু বাতবিষৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে।

ছালৰ সংক্ৰমণ, ঘাঁ

যিকোনো ঘাঁৰ চিকিৎসা বা ফুলা কমোৱাৰ বাবে অমৰাৰ বাকলিয়ে এন্টিচেপ্টিক আৰু এন্টি-ইনফ্লেমেটৰী এজেণ্ট হিচাপে কাম কৰে।

পাচনতন্ত্ৰৰ বিকাৰ

পাচনতন্ত্ৰৰ সমস্যা সমাধানৰ বাবে আৰু উচ্চ ৰক্তচাপৰ প্ৰাকৃতিক প্ৰতিকাৰ হিচাপেও অমৰাৰ বাকলি ব্যৱহাৰ কৰা হয়।

ডায়েৰিয়া প্ৰতিৰোধী

অমৰাৰ বাকলি ডিচেণ্ট্ৰী আৰু ডায়েৰীয়াৰ চিকিৎসাতো ব্যৱহাৰ কৰা হয়।

অমৰা পাতৰ ঔষধি গুণ

  • কাণৰ বিষৰ ঔষধ অমৰা পাত। দীৰ্ঘদিন ধৰি কাণৰ বিষ হৈ থাকিলে অমৰা পাতৰ ৰস এটোপাল কাণত দিলে এই বিষ দূৰ হয়।
  • ভিটামিন চিৰ অভাৱ হ'লে অমৰা পাতৰ ৰস খাব লাগে।
  • কৃমিৰ পৰা ৰক্ষা পাবলৈও আপুনি অমৰা পাতৰ ৰস খাব পাৰে।

অমৰা গছৰ শিপাৰ ঔষধি গুণ

আয়ুৰ্বেদিক চিকিৎসাত বহু গছৰ শিপা ব্যৱহাৰ কৰা হয়। অমৰা গছৰ শিপাও পৰম্পৰাগতভাৱে বহু চিকিৎসাত ব্যৱহাৰ কৰা হয়। এই গছৰ শিপা ঋতুচক্ৰ নিয়ন্ত্ৰণৰ বাবে আৰু যক্ষ্মা ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ইনফৰ্মেটিক্স জাৰ্নেলৰ দ্বাৰা প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে অমৰা কেন্সাৰ প্ৰতিৰোধী আৰু ই আমাৰ যকৃতক সুৰক্ষা দিয়ে।

উল্লেখ্য যে, থলুৱা খাদ্যৰ জুতিত অমৰাই খুব গুৰুতৰ ভূমিকা গ্ৰহণ কৰে। কেঁচা অমৰাৰ সৈতে মাছৰ জোল আৰু অমৰাৰ আচাৰ যথেষ্ট তৃপ্তিদায়ক। পকা অমৰাৰ আঞ্জা আৰু চাটনি বা পিটিকাও অতি সোৱাদযুক্ত।

বি.দ্ৰ : অতীজৰে পৰা অমৰাক ঔষধ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে যদিও  যিকোনো স্বাস্থ্যজনিত সমস্যাৰ বাবে অমৰা গ্ৰহণ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।