নুমলীগড় শোধনাগাৰৰ ৰাসায়নিক পদাৰ্থই প্ৰদূষিত কৰিছে ধনশিৰি...

জৈৱ অক্সিজেন ১৮, ৰাসায়নিক অক্সিজেন ১৪২, অইল আৰু গ্ৰীচ ১১.৫, ফিনল বিডিএল পৰ্যায়ত নদীখনত আছে বুলি জনা গৈছে। এনেধৰণৰ তৈলজাত সামগ্ৰী নুমলীগড় শোধনাগাৰে ধনশিৰি নদীত পেলাই দিয়াৰ ফলত নদীখনৰ জলচৰ প্ৰাণী, জলজ উদ্ভিদ আদি ধ্বংসৰ গৰাহত পৰিছে।

author-image
Asomiya Pratidin
New Update
hhjkkj

ডিজিটেল সংবাদ,নুমলীগড়ঃ  নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল)ৰ পৰা ঔদ্যোগিক নিৰ্গমনৰ ফলত ব্ৰহ্মপুত্ৰৰ এক গুৰুত্বপূৰ্ণ উপনৈ ধনশিৰি নদীত তীব্ৰ প্ৰদূষণৰ সন্মুখীন হৈছে বুলি পৰিবেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে জনাইছে।

Advertisment

গোস্বামীয়ে গুৱাহাটীস্থ বায়'টেক ৰাসায়নিক পৰীক্ষাগাৰত নুমলীগড় শোধনাগাৰৰ পিছফালে থকা ধনশিৰি নদীৰ পানী নমুনা লৈ পৰীক্ষা কৰাত বিভিন্ন ৰাসায়নিক পদাৰ্থ ধনশিৰি নদীত নুমলীগড় শোধনাগাৰে পেলাই দিয়াৰ ফলত নদীখন ভয়ানক ভাৱে প্ৰদূষিত হৈ পৰিছে বুলি জানিব পাৰিছে। 

ৰিপৰ্টৰ প্ৰতিবেদনৰ মতে, জৈৱ অক্সিজেন ১৮, ৰাসায়নিক অক্সিজেন ১৪২, অইল আৰু গ্ৰীচ ১১.৫, ফিনল বিডিএল পৰ্যায়ত নদীখনত আছে বুলি জনা গৈছে। এনেধৰণৰ তৈলজাত সামগ্ৰী নুমলীগড় শোধনাগাৰে ধনশিৰি নদীত পেলাই দিয়াৰ ফলত নদীখনৰ জলচৰ প্ৰাণী, জলজ উদ্ভিদ আদি ধ্বংসৰ গৰাহত পৰিছে।

নুমলীগড় তেল শোধনাগাৰৰ পৰিৱেশ আৰু বাতাবৰণ সন্তুলন বজাই ৰাখিবলৈ এটা বিভাগ আছে। কিন্তু উক্ত বিভাগটোৱে নদীখনক ধ্বংসৰ গৰাহত পেলাই তেওঁলোকে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ নিয়ন্ত্ৰণ পৰিষদৰ সৈতে গোপন মিতিৰালি কৰি নদীখনত ধ্বংসকাৰ্য সংঘটিত কৰি আহিছে। 

নুমলীগড় শোধনাগাৰে সততে কয় যে, তেওঁলোকৰ এই শোধনাগাৰ হাইটেক শোধনাগাৰ। শোধনাগাৰৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক দ্ৰব্যসমূহ তেওঁলোকৰ ৱাটাৰ ট্ৰিটমেণ্ট কৰি ধনশিৰি নদীত পেলায়। যদি সেয়ে আছিল তেনেহলে নদীখনত তৈলজাত সামগ্ৰী কেনেকৈ ওলাল?

পৰিৱেশ আৰু প্ৰদূষণে জলসিঞ্চন আৰু খোৱাপানীৰ বাবে নদীখনৰ ওপৰত নিৰ্ভৰশীল পৰিৱেশবিদ আৰু স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। ইফালে নগালেণ্ডৰ পৰা উৎপত্তি হোৱা ধনশিৰি নদী ডিমাপুৰ আৰু গোলাঘাটৰ মাজেৰে বৈ আহি বোকাখাতৰ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ সৈতে মিলিত হৈছে।

অভিযোগৰ সত্ত্বেও কৰ্তৃপক্ষই আৱৰ্জনা নিষ্কাশনৰ ক্ষেত্ৰত কঠোৰ নিয়ম বলবৎ কৰাত ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন হৈছে। বহনক্ষম নদী ব্যৱস্থাপনা আৰু কঠোৰ ঔদ্যোগিক অনুসৰণৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি ধনশিৰিৰ অৱস্থা অপ্ৰত্যাৱৰ্তনীয় হোৱাৰ পূৰ্বে প্ৰদূষণ ৰোধৰ বাবে চৰকাৰে তাৎক্ষণিক ব্যৱস্থা লোৱাৰ দাবী জনাইছে স্থানীয় ৰাইজে।

নুমলীগড় শোধনাগাৰ