গৰ্ভস্থ শিশুৰ অভাৱনীয় ক্ষতি কৰে চিগাৰেটৰ ধোঁৱায়ে

ধূমপান সকলোৰে বাবে ক্ষতিকাৰক। ধূমপান কৰাৰ ফলত হাঁওফাঁওৰ গুৰুতৰ সংক্ৰমণৰ লগতে কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি হয়। গৰ্ভধাৰণৰ সময়ত গৰ্ভৱতী মহিলাসকলক চিগাৰেট নাখাবলৈ পৰামৰ্শ দিয়া হয়।

author-image
Asomiya Pratidin
New Update
২২২২২

ডিজিটেল ডেস্ক: ধূমপান সকলোৰে বাবে ক্ষতিকাৰক। ধূমপান কৰাৰ ফলত হাঁওফাঁওৰ গুৰুতৰ সংক্ৰমণৰ লগতে কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি হয়। গৰ্ভধাৰণৰ সময়ত গৰ্ভৱতী মহিলাসকলক চিগাৰেট নাখাবলৈ পৰামৰ্শ দিয়া হয়। কিন্তু, নিজে চিগাৰেট নাখালেও চিগাৰেটৰ ধোঁৱাই এগৰাকী গৰ্ভৱতী মহিলা আৰু তেওঁৰ সন্তানৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। হয়, প্ৰায়ে ঘৰৰ পুৰুষসকলৰ ধূমপান কৰাৰ অভ্যাস থাকে। এনে ক্ষেত্ৰত, গৰ্ভৱতী মহিলা থকা ঘৰত পুৰুষে ধূমপান কৰিলে মহিলাগৰাকীৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাব পাৰে। ধূমপান নকৰাৰ পিছতো গৰ্ভধাৰণৰ সময়ত ধোঁৱাই কেনেদৰে গৰ্ভস্থ শিশুৰ ক্ষতি কৰিব পাৰে, আজি জানো আহক-

Advertisment

প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞৰ মতে, ছিগাৰোটৰ ধোঁৱাত থকা নিকোটিন, কাৰ্বন মনোক্সাইড, আৰু অন্যান্য ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থয়ে শিশুৰ বিকাশত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

কি বিপদাশংকাৰ সন্মুখীন হয় গৰ্ভৱতী মহিলা ?

যদি এগৰাকী গৰ্ভৱতী মহিলা আনে কৰা ধূমপানৰ ধোঁৱাৰ সংস্পৰ্শলৈ আহে, তেন্তে তেওঁ উচ্চ ৰক্তচাপ, অক্সিজেনৰ অভাৱ আৰু গৰ্ভপাতৰ পৰা মৃত সন্তান জন্মলৈকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে। চিগাৰেটৰ ধোঁৱাত থকা ৰাসায়নিক পদাৰ্থবোৰে প্লেচেণ্টাৰ (গৰ্ভৰ এটা অঙ্গ) কাৰ্যপ্ৰণালী প্ৰভাৱিত কৰে। যাৰ ফলত ভ্ৰূণৰ বিকাশ ব্যাহত হয়। তদুপৰি, ইয়াৰ ফলত গৰ্ভৱতী মহিলাৰ অকাল প্ৰসৱ হ'ব পাৰে। যাৰ ফলত শিশুৰ জন্মৰ ওজন কম হয় আৰু দুয়োৰে বাবে সাম্ভাব্য স্বাস্থ্য সমস্যা হ'ব পাৰে।

কি প্ৰভাৱ পৰে শিশুৰ স্বাস্থ্যত ? 

আনে ধূমপান কৰাৰ ফলত ওলোৱা ধোঁৱাৰ সংস্পৰ্শলৈ অহা শিশুৰ জন্মগত বিকাৰ, শ্বাস-প্ৰশ্বাসৰ সমস্যা আৰু চাডেন ইনফেন্ট ডেথ চিণ্ড্ৰোম (এছ.আই.ডি.এছ.)ৰ বিপদাশংকা বৃদ্ধি হয়। চিগাৰেটৰ বিষাক্ত পদাৰ্থবোৰে শিশুৰ হাঁওফাঁওৰ বিকাশ প্ৰভাৱিত কৰিব পাৰে। তদুপৰি, জন্মৰ পিছত শিশুটোৰ হাঁপানি, নিউমোনিয়া আৰু অন্যান্য শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি হয়। গৱেষণাই এইটোও দেখুৱাইছে যে গৰ্ভধাৰণৰ সময়ত ধোঁৱাৰ সংস্পৰ্শলৈ আহিলে শিশুটোৰ মানসিক স্বাস্থ্য আৰু আচৰণগত সমস্যা হয়।

গৰ্ভাৱস্থাত কিদৰে ল'ব মাতৃ-গৰ্ভস্থ সন্তানৰ যত্ন ? 

গৰ্ভৱতী মহিলাসকলে নিজেই ধূমপান কৰা ঠাইবোৰ পৰিহাৰ কৰিব লাগে। এই সময়ছোৱাত পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ সকলেও ধূমপান ত্যাগ কৰিবলৈ চেষ্টা কৰিব লাগে। যদি সম্ভৱ নহয়, তেন্তে গৰ্ভৱতী মহিলাগৰাকীৰ ওচৰে-পাজৰে ধূমপান কৰাৰ পৰা বিৰত থাকিব লাগে। এইদৰে সৰু-সৰু দিশত মন দিলেই গৰ্ভৱতী মহিলা তথা গৰ্ভস্থ শিশুক সুৰক্ষা দিব পাৰি।

Also Read: বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে আচৰিত তথ্য