লণ্ডনৰ নতুন 'গ্ৰোথ প্লান': ২০৩৫ৰ ভিতৰত অৰ্থনীতি ১০৭ বিলিয়ন পাউণ্ড বৃদ্ধি কৰাৰ লক্ষ্য

লণ্ডনে এক গুৰুত্বপূৰ্ণ 'গ্ৰোথ প্লান' উন্মোচন কৰিছে, এই গ্ৰোথ প্লানৰ জৰিয়তে ২৭ বিলিয়ন পাউণ্ডৰ অতিৰিক্ত কৰ আহৰণ কৰি লণ্ডন তথা সমগ্ৰ দেশৰ জনসেৱাসমূহৰ বিকাশ সাধন কৰিব।

author-image
Tushar Pratim
New Update
লণ্ডনৰ নতুন 'গ্ৰোথ প্লান': ২০৩৫ৰ ভিতৰত অৰ্থনীতি ১০৭ বিলিয়ন পাউণ্ড বৃদ্ধি কৰাৰ লক্ষ্য

ডিজিটেল ডেস্কঃ যুক্তৰাজ্যৰ ৰাজধানী লণ্ডনে এক গুৰুত্বপূৰ্ণ 'গ্ৰোথ প্লান' উন্মোচন কৰিছে, এই গ্ৰোথ প্লানৰ জৰিয়তে ২৭ বিলিয়ন পাউণ্ডৰ অতিৰিক্ত কৰ আহৰণ কৰি লণ্ডন তথা সমগ্ৰ দেশৰ জনসেৱাসমূহৰ বিকাশ সাধন কৰিব। এই পৰিকল্পনাৰ মূল কেন্দ্ৰবিন্দু হৈছে ভাৰত, যাক বৈদেশিক পুঁজি বিনিয়োগৰ (FDI) ক্ষেত্ৰত লণ্ডনৰ প্ৰধানতম উৎস হিচাপে চিহ্নিত কৰা হৈছে।

Advertisment

লণ্ডনৰ মেয়ৰ ছাদিক খান আৰু লণ্ডন এণ্ড পাৰ্টনাৰ্ছৰ দ্বাৰা উন্মোচিত এই প্ৰস্তাৱ অনুযায়ী, অহা দশকত লণ্ডনৰ উৎপাদনক্ষমতা বৰ্ধিত কৰি বছৰি ২ শতাংশ বৃদ্ধিৰ লক্ষ্য স্থাপন কৰা হৈছে। ইয়াৰ ফলত ২০৩৫ৰ ভিতৰত লণ্ডনৰ অৰ্থনীতি ১০৭ বিলিয়ন পাউণ্ড বৃদ্ধি পাব বুলি আশা কৰা হৈছে।


ভাৰতক প্ৰাধান্য

ভাৰত যোৱা তিনি বছৰৰ পৰা দ্ৰুত বৃদ্ধিৰ পথত আছে আৰু ২০২২-২৩ বিত্তীয় বছৰত লণ্ডনৰ একক বৃহত্তম FDI উৎস হিচাপে আমেৰিকাক অতিক্ৰম কৰি এই স্থান দখল কৰিছে। ২০২৩-২৪ বিত্তীয় বৰ্ষতো সেই ধাৰা অব্যাহত ৰাখে।

লণ্ডন এণ্ড পাৰ্টনাৰ্ছৰ চিইঅ’ লৰা চিট্ৰনে এই সন্দৰ্ভত কয়, "ভাৰতৰ পৰা বৈদেশিক বিনিয়োগ আটাইতকৈ বেছি বৃদ্ধি পাইছে আৰু বিগত দুই বছৰৰ ভিতৰত লণ্ডনৰ শ্ৰেষ্ঠ বাজাৰ হৈ উঠিছে। ভাৰতীয় প্ৰযুক্তি সংস্থাসমূহে লণ্ডনত কার্যাৱলী আৰম্ভ কৰিছে। তাৰোপৰি, ছাত্ৰৰ ক্ষেত্ৰতো, ব্রেক্সিটৰ পাছত লণ্ডনত ভাৰতীয় ছাত্ৰৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। চীনৰ পাছত লণ্ডনত ভাৰতীয় ছাত্ৰই দ্বিতীয় বৃহত্তম গোষ্ঠী গঠন কৰিছে।"

লণ্ডনত ভাৰতীয় ছাত্ৰৰ সংখ্যা বৃদ্ধি

২০২৩-২৪ চনৰ চৰকাৰী তথ্য অনুসৰি, লণ্ডনত ৩৮,৬২৫ জন ভাৰতীয় ছাত্ৰ অধ্যয়ন কৰিছে। বিগত ১০ বছৰত এই সংখ্যা উল্লেখযোগ্য ভাৱে বৃদ্ধি পাইছে। ১০ বছৰ পূৰ্বে লণ্ডনত ভাৰতীয় ছাত্ৰৰ অংশীদাৰীত্ব ৫ শতাংশৰ তলত আছিল, কিন্তু এতিয়া সেই সংখ্যা ২০ শতাংশৰ ওপৰলৈ উঠিছে।

লণ্ডন হায়াৰৰ ইণ্টাৰনেচনেল নেটৱৰ্কৰ অধ্যক্ষ মাৰ্ক হাৰ্টলিনে এই সন্দৰ্ভত কয়, "লণ্ডনত ভাৰতীয় ছাত্ৰৰ সংখ্যা বৃদ্ধি পোৱাটো এক ইতিবাচক দিশ। তেওঁলোকে লণ্ডনৰ জীৱন আৰু সংস্কৃতিৰ লগত সংযুক্ত হৈ আমাৰ ৰাজধানীৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছে।"


উদ্যোগ আৰু প্ৰযুক্তিত ভাৰতৰ অৱদান

ভাৰতীয় আইটি সংস্থা এমফেছিছৰ ইউৰোপীয় অধিক্ষেত্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া অশীষ দেৱালেকাৰে লণ্ডনৰ উদ্ভাৱনী শক্তি আৰু বিশ্বৰ অগ্ৰণী ব্যৱসায় আৰু প্ৰতিভাৰ কেন্দ্র হিচাপে তাৰ ভূমিকা প্ৰশংসা কৰিছে। তেওঁ কৈছিল, "আমাৰ লণ্ডন ইনোভেচন হাবে কাম কৰা লোকৰ সংখ্যা দ্বিগুণ কৰাৰ পথত আগবাঢ়িছো, য’ত কৃত্ৰিম বুদ্ধিমত্তা (AI), কোৱান্টাম কম্পিউটিং আদি নতুন প্ৰজন্মৰ সমাধান বিকাশ কৰা হ'ব।"


লণ্ডনৰ 'গ্ৰোথ প্লান'ৰ গুৰুত্বপূৰ্ণ দিশ

লণ্ডন এণ্ড পাৰ্টনাৰ্ছে বিভিন্ন ব্যৱসায়, ট্রেড ইউনিয়ন আৰু স্থানীয় সমাজৰ সৈতে মিলি এই গ্ৰোথ প্লান প্ৰস্তুত কৰিছে। ইয়াৰ লক্ষ্য হৈছে—
•    বিশ্বমানৰ প্ৰতিভা দাঙি তোলা
•    নতুন বিনিয়োগ আৰু প্ৰযুক্তিৰ যোগেদি ব্যৱসায়ক সহায় কৰা
•    আৱাসন আৰু পৰিকাঠামো উন্নয়নলৈ সাহসী দৃষ্টিভংগী গ্ৰহণ কৰা
•    স্থানীয় বজাৰ আৰু উচ্চ পথসমূহ উন্নত কৰা


লণ্ডন গ্ৰোথ প্লানৰপ্ৰভাৱ

এই পৰিকল্পনাৰ অধীনত, লণ্ডনৰ নিম্ন আয়সম্পন্ন ২০ শতাংশ জনসাধাৰণৰ সাপ্তাহিক উপাৰ্জন ২০ শতাংশ বৃদ্ধি কৰাৰ লক্ষ্য স্থাপন কৰা হৈছে। ইয়াৰ ফলত, প্ৰায় ১০ লাখ লণ্ডনৰ পৰিয়ালৰ প্ৰতি সপ্তাহত গৃহ ব্যয় বহন কৰিও অতিৰিক্ত ৫০ পাউণ্ড খৰচ কৰিবলৈ সক্ষম হ'ব।

লণ্ডন