Advertisment

দেশত মহিলা কৰ্ম সংস্থাপনৰ সুযোগ পূৰ্বৰ তুলনাত ৪৮ শতাংশলৈ বৃদ্ধি

মহিলা কৰ্ম সংস্থাপনৰ উত্থানৰ মূল কাৰণ তথ্য প্ৰযুক্তি (আই টি), বেংকিং, বিত্তীয় সেৱা আৰু বীমা, উৎপাদন আৰু স্বাস্থ্যসেৱাৰ দৰে মূল খণ্ডসমূহৰ চাহিদা বৃদ্ধি...

author-image
Asomiya Pratidin
New Update
cb

ডিজিটেল ডেস্কঃ  ভাৰতৰ চাকৰিৰ বজাৰত ব্যাপক উত্থান পৰিলক্ষিত হৈছে। সোমবাৰে প্ৰকাশ পোৱা এক প্ৰতিবেদনৰ তথ্য অনুসৰি, ২০২৫ চনত মহিলাসকলৰ কৰ্মসংস্থাপনৰ সুযোগ পূৰ্বৰ বছৰৰ তুলনাত ৪৮ শতাংশ বৃদ্ধি পাইছে।

Advertisment

এই উত্থানৰ মূল কাৰণ তথ্য প্ৰযুক্তি (আই টি), বেংকিং, বিত্তীয় সেৱা আৰু বীমা, উৎপাদন আৰু স্বাস্থ্যসেৱাৰ দৰে মূল খণ্ডসমূহৰ চাহিদাৰ লগতে উদীয়মান প্ৰযুক্তিৰ ভূমিকাত বিশেষজ্ঞ প্ৰতিভাৰ চাহিদা বৃদ্ধি বুলি প্ৰতিবেদনত উল্লেখ কৰিছে।

প্ৰতিবেদন অনুসৰি ২০২৫ চনত মহিলাসকলৰ বাবে উপলব্ধ চাকৰিৰ প্ৰায় ২৫ শতাংশই নৱাগতসকলৰ বাবে। ইয়াৰ পৰা দেখা যায় যে বিশেষকৈ আই টি, এইচ আৰ আৰু বিপণনৰ দৰে খণ্ডত কেৰিয়াৰৰ আৰম্ভণি কৰা সকলৰ চাহিদা অতি বেছি।

 

 

সংস্থাপন