আপুনি অজানিতে কৰা এই ভুলে মাতিব পাৰে ভয়ংকৰ বিপদ

ভুল সংমিশ্ৰণৰে শাক-পাচলি, ফল-মূল খালে আমাৰ শৰীৰত বিৰূপ প্ৰভাৱ পৰে। একেদৰে কিছুমান শাক-পাচলি একেলগে ৰাখিলেও ই আমাৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক হৈ পাৰে।

author-image
সংগীতা দাস
New Update
day

ডিজিটেল ডেস্ক: ভুল সংমিশ্ৰণৰে শাক-পাচলি, ফল-মূল খালে আমাৰ শৰীৰত বিৰূপ প্ৰভাৱ পৰে। একেদৰে কিছুমান শাক-পাচলি একেলগে ৰাখিলেও ই আমাৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক হ'ব পাৰে। আমি বহুতেই পাকঘৰত আলু আৰু পিয়াজ একেলগে ৰাখো। কিন্তু আপুনি জানি আচৰিত হ'ব যে, আলু আৰু পিয়াজ একেলগে ৰাখিলে ই বিষাক্ত হৈ পৰে। 

Advertisment

হয়, আলু আৰু পিয়াজ এনে দুই সাধাৰণ পাচলি, যি প্ৰত্যেকৰে ঘৰতে থাকে আৰু একেলগে থাকে। কিন্তু স্বাস্থ্য বিশেষজ্ঞৰ মতে, আলু-পিঁয়াজ একেলগে মজুত ৰখা একেবাৰেই স্বাস্থ্যসন্মত নহয়। বিশেষকৈ কেঁচা আলু আৰু কেঁচা পিয়াজ। এই দুইবিধ ফলৰ প্ৰৱণতা বেলেগ বেলেগ। আলুত ছ’লানিন পোৱা যায়। যি হৈছে গ্লাইক এলকেল’ইড, এক প্ৰকাৰৰ প্ৰাকৃতিক কীটনাশক। পিঁয়াজতো ছালফাৰ থাকে। এইসমূহ ৰাসায়নিক পদাৰ্থ একেলগ হ'লে স্বাস্থ্যৰ বাবে হানিকাৰক হৈ পৰে।

কি কয় বিশেষজ্ঞই ?

খাদ্য বিশেষজ্ঞৰ মতে, পিয়াঁজৰ সৈতে আলু গৰম আৰু আৰ্দ্ৰ ঠাইত ৰাখিলে আলুৰ অংকুৰণ সোনকালে হয়। অংকুৰিত আলুত ছ’লানিন আৰু চলকনিন উৎপন্ন হয়। আলুত ক্ল’ৰ’ফিলও উৎপন্ন হয়। এই সকলোবোৰ ৰাসায়নিক পদাৰ্থই শৰীৰত বিষক্ৰিয়াৰ সৃষ্টি কৰে। বজাৰৰ পৰা ক্ৰয় কৰা আলুত ষ্টাৰচ কম থাকে, যাৰ বাবে সোনকালে নষ্ট হয়। একেলগে ৰখা আলু আৰু পিঁয়াজ খালে সৰু ল’ৰা-ছোৱালীৰ স্বাস্থ্য আটাইতকৈ বেছি প্ৰভাৱিত হয়। আলু আৰু পিঁয়াজ একেলগে ৰখাটো ক্ষতিকাৰক, কিন্তু শৰীৰত যিয়ে প্ৰভাৱ পেলায়, সেয়া হ’ল অংকুৰিত আলু।

গৱেষণাতো প্ৰকাশ পাইছে এই তথ্য

ইনষ্টিটিউট অৱ কুলিনেৰী এডুকেশ্যনৰ (আই চি ই) মূখ্য প্ৰশিক্ষক মাইকেল হেণ্ডেলে উল্লেখ কৰা মতে, যিবোৰ আলু লেৰেলাৰ দৰে হৈ কোমল হয়, দীঘলীয়া গজালি ওলায়, সেই আলু খোৱাটো একেবাৰে উচিত নহয়। বহু অধ্যয়নত প্ৰমাণ হৈছে যে অংকুৰিত আলুয়ে শৰীৰৰ ক্ষতি কৰে।

বিষাক্ত আলু খোৱাৰ ফলত মৃত্যু

জাৰ্নেল অৱ এক্সপেৰিমেণ্টেল এণ্ড বেচিক মেডিকেল ছায়েন্সত ২০২৪ চনত প্ৰকাশিত এক অধ্যয়নত অংকুৰিত বিষাক্ত আলু খোৱাৰ পিছত মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে। অৱশ্যে, অংকুৰিত আলু বহুদিন খোৱাৰ ফলতহে এই মৃত্যুৰ ঘটনা সংঘটিত হৈছিল।

শৰীৰত কিদৰে প্ৰভাৱ পেলায় অংকুৰিত আলুয়ে ?

অধিক পৰিমাণৰ অংকুৰিত আলু খালে মূৰৰ বিষ, মূৰ ঘূৰোৱা, বমি আদিৰ সমস্যা হ'ব পাৰে। এনে আলু অবিৰতভাৱে খাই থাকিলে  পেটৰ বিষ, ক্ৰেম্প, পেশীৰ দুৰ্বলতা আৰু উশাহ-নিশাহ লোৱাত অসুবিধা হয়। আলুত থকা ৰাসায়নিক পদাৰ্থ যদি শৰীৰত অত্যধিক হৈ পৰে, তেন্তে এজন ব্যক্তি ক’মালৈও যাব পাৰে।

কি কৰিব আপুনি ?

-আলু আৰু পিঁয়াজ সদায় পৃথকে পৃথকে থ'ব।

-যদি আলুৰ ৰং সেউজীয়া হয়, তেন্তে এই আলু ভুলতো নাখাব।

-আলুৰ বাকলি গুচাই ভালদৰে চাফা কৰি ২-৩ বাৰ ধুইহে ৰান্ধিব।

-কেঁচা আলু মুখলৈ নিনিব।

বি.দ্ৰ: এই লেখাটো ইণ্টাৰনেটৰ পৰা তথ্য সংগ্ৰহ কৰি লেখা হৈছে।

Also Read: এয়া গুৰুতৰ ৰোগৰ লক্ষণ