/asomiyapratidin/media/media_files/2025/04/02/9fJukJk7AOnLen4bi0Oa.jpg)
ডিজিটেল ডেস্ক: আজিকালি থাইৰয়ড এটা সাধাৰণ সমস্যা হৈ পৰিছে। ই শৰীৰৰ বহু অংশত বিষ আৰু অস্বস্তিৰ সৃষ্টি কৰে। এই সমস্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ কাৰণ হৈছে খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ দুৰ্বলতা। যেতিয়া থাইৰয়ড হৰম’নৰ মাত্ৰা ভাৰসাম্যহীন হৈ পৰে, তেতিয়া শৰীৰৰ বিভিন্ন অংশত বিষকে ধৰি বিভিন্ন ধৰণৰ সমস্যাৰ হয়। যদি আপুনি অনুভৱ কৰে যে আপোনাৰ শৰীৰৰ কিছুমান অংশত বিষ আছে, তেন্তে ই থাইৰয়ডৰ সৈতে জড়িত সমস্যা হ’ব পাৰে।
কি এই থাইৰয়ডৰ সমস্যা ?
ডিঙিত থকা থাইৰয়ড গ্ৰন্থিৰ সঠিক পৰিমাণৰ হৰম’ন উৎপাদন নহ’লে থাইৰয়ডৰ সমস্যা হয়। থাইৰয়ড গ্ৰন্থিয়ে T3 (Triiodothyronine) আৰু T4 (Thyroxine) হৰম’ন উৎপন্ন কৰে, যিয়ে শৰীৰৰ শক্তি, বিপাকীয় ক্ৰিয়া আৰু বিভিন্ন শাৰীৰিক প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে। যেতিয়া এই হৰম’নবোৰৰ ভাৰসাম্যহীনতা থাকে, তেতিয়া ই থাইৰয়ডৰ সমস্যাৰ সৃষ্টি কৰে।
থাইৰয়ড হোৱাৰ মূল কাৰণ
পৰিয়াল সৃত্ৰে: যদি কাৰোবাৰ পৰিয়ালত কোনো থাইৰয়ড ৰোগী থাকে, তেন্তে ৰোগৰ আশংকা বৃদ্ধি হয়।
হৰম’নৰ ভাৰসাম্যহীনতা: মহিলাৰ হৰম’নৰ পৰিৱৰ্তন যেনে, গৰ্ভাৱস্থা, ৰজোনিবৃত্তি বা জন্ম নিয়ন্ত্ৰণৰ বড়ি খোৱাৰ ফলতো থাইৰয়ডত প্ৰভাৱ পৰিব পাৰে।
আয়’ডিনৰ অভাৱ: খাদ্যত আয়’ডিনৰ অভাৱ হ’লে থাইৰয়ড গ্ৰন্থিৰ কাম ভালদৰে নহ’ব পাৰে, যাৰ ফলত হাইপোথাইৰয়ডিজম (থাইৰয়ড হৰম’ন কম) হ’ব পাৰে।
অটোইম্যুন ডিছঅৰ্ডাৰ: কিছুমান ক্ষেত্ৰত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই থাইৰয়ড গ্ৰন্থি আক্ৰমণ কৰে, যাৰ ফলত হাছিমোট’ছ ডিজিজ (Hypothyroidism) বা গ্ৰেভছ ডিজিজ (Hyperthyroidism) আদি ৰোগ হয়।
মানসিক চাপ: মানসিক আৰু শাৰীৰিক চাপেও থাইৰয়ডৰ মাত্ৰাত প্ৰভাৱ পেলাব পাৰে আৰু ইয়াৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিব পাৰে।
দীৰ্ঘদিনীয়া ৰোগ বা ঔষধ: কিছুমান ৰোগ, যেনে ডায়েবেটিছ, আৰু কিছুমান ঔষধেও থাইৰয়ডত প্ৰভাৱ পেলাব পাৰে।
বেয়া খাদ্য তথা জীৱনশৈলী: অত্যধিক জাংক ফুড, কম পুষ্টি আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ ফলতো থাইৰয়ডৰ সমস্যা হ’ব পাৰে।
এই ঠাইত বিষ হ'লে সাৱধান হ'ব
পিঠি, কান্ধৰ বিষ
থাইৰয়ড হৰম’নৰ ভাৰসাম্যহীনতাই শৰীৰৰ শক্তিত প্ৰভাৱ পেলায়। যাৰ ফলত পেশীবোৰ দুৰ্বল হৈ পৰে। ইয়াৰ ফলত পিঠি আৰু কান্ধত বিষ হ'ব পাৰে। বিশেষকৈ হৰম’নৰ মাত্ৰা অত্যধিক বৃদ্ধি পালে এই বিষ অহৰহ অনুভৱ হয়।
পেশী, গাঁঠিৰ বিষ
যেতিয়া থাইৰয়ড হৰম’ন ভাৰসাম্যহীন হয়, তেতিয়া শৰীৰৰ পেশী, গাঁঠিৰ বিষ আৰু জঠৰতা হ’ব পাৰে। বিশেষকৈ ভৰি, হাত, কান্ধ আৰু আঁঠুত এই বিষ অনুভৱ হয়। গাঁঠিবোৰ জঠৰো হ’ব পাৰে। যাৰ ফলত খোজ কঢ়াত অসুবিধা হয়।
ভৰিৰ গোৰোহা ফুলা, বিষ
থাইৰয়ড হৰম’নৰ ভাৰসাম্যহীনতাই শৰীৰত তৰল পদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰি ভৰিৰ গোৰোহা ফুলা আৰু বিষৰ সৃষ্টি কৰিব পাৰে। এই সমস্যা বেছি বেয়া হ’লে খোজ কঢ়াতো অসুবিধা হয়।
ডিঙি ফুলা, বিষ হোৱা
থাইৰয়ড গ্ৰন্থি ডিঙিৰ মাজভাগত থাকে আৰু এই গ্ৰন্থিটো আক্ৰান্ত হ’লে ডিঙি ফুলি বিষ হয়। লাহে লাহে এই বিষ ডিঙিৰ বাকী অংশলৈ বিয়পিব পাৰে।
মূৰৰ বিষ, মাইগ্ৰেইন
হাইপোথাইৰয়ডিজম (থাইৰয়ডৰ অভাৱ)ৰ বাবে তেজৰ সঞ্চালন লেহেমীয়া হয়, যাৰ ফলত মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি পাব পাৰে। এই বিষ দিনটোৰ যিকোনো সময়তে হ’ব পাৰে,যি অতি কষ্টদায়ক।
থাইৰডৰ বিষ হ’লে কি কৰিব ?
যদি আপুনি এইবোৰ অংশত অনবৰতে বিষ অনুভৱ কৰে, তেন্তে তৎক্ষণাত থাইৰয়ডৰ কাৰ্যক্ষমতা পৰীক্ষা (যেনে T3, T4, TSH) কৰি ল'ব। এই পৰীক্ষাৰ দ্বাৰা আপুনি জানিব যে, আপোনাৰ থাইৰয়ড স্বাভাৱিক নে নহয়। যদি থাইৰয়ডৰ ভাৰসাম্যহীনতা পোৱা যায়, তেন্তে সময়মতে চিকিৎসা কৰি নিয়ন্ত্ৰণ কৰিব পাৰি।
সঠিক চিকিৎসা আৰু সময়মতে পৰীক্ষা কৰিলে থাইৰয়ডৰ সমস্যা বহু পৰিমাণে হ্ৰাস পাব পাৰি আৰু ইয়াৰ লগত জড়িত বিষৰ পৰাও উপশম পাব পাৰি। গতিকে যদি আপুনি এই লক্ষণসমূহ অনুভৱ কৰি আছে, তেন্তে কোনো পলম নকৰাকৈ চিকিৎসকৰ সৈতে যোগাযোগ কৰি স্বাস্থ্যৰ যত্ন ল'ব।
Also Read: নিজৰ বিপদ নিজে নামাতিব, সাৱধান হওঁক