/asomiyapratidin/media/media_files/2025/06/20/55-2025-06-20-15-47-43.jpg)
ডিজিটেল ডেস্ক: আজিকালি প্ৰতিখন ঘৰতে মাইক্ৰ'ৱেভ উপলব্ধ। মাইক্ৰ'ৱেভত মিনিটতে খাদ্য গৰম কৰাৰ লগতে বিভিন্ন উৎকৃষ্ট ৰেচিপি প্ৰস্তুত কৰিব পাৰি। কিন্তু অধিকাংশই ইয়াক ব্যৱহাৰ কৰাত ভুল কৰে। ইয়াৰ ফলত মাইক্ৰ'ৱেভ আমাৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক হৈ পৰিছে। মাইক্ৰ'ৱেভ ব্যৱহাৰত আমি কি কি সাৱধানতা অৱলম্বন কৰিব লাগে, আজি সেই বিষয়ে জানো আহক-
সঘনাই খাদ্য গৰম কৰা পৰিহাৰ কৰিব
এক গৱেষণা অনুসৰি, মাইক্ৰ'ৱেভত বাৰে বাৰে খাদ্য গৰম কৰিলে ইয়াৰ পুষ্টিগত মূল্য হ্ৰাস হয়। এনে পৰিস্থিতিত, সেই খাদ্য গ্ৰহণ কৰিলে আমাৰ স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। তদুপৰি, ই ৰোগ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস কৰিব পাৰে।
প্লাষ্টিকৰ বাচন ব্যৱহাৰ নকৰিব
মাইক্ৰ'ৱেভত প্লাষ্টিকৰ বাচন ব্যৱহাৰ কৰা পৰিহাৰ কৰিব। এনে কৰিলে প্লাষ্টিকৰ কণাবোৰ খাদ্যলৈ যোৱাৰ আশংকা থাকে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, প্লাষ্টিকৰ বাচন-বৰ্তনত অত্যাধিক গৰম কৰা খাদ্য খালে বন্ধ্যাত্বৰ দৰে সমস্যাও হ’ব পাৰে।
ঢাকনি দি খাদ্য গৰম নকৰিব
যদি আপুনি মাইক্ৰ'ৱেভত খাদ্য ঢাকি গৰম কৰে, তেনেহ'লে এই অভ্যাস এৰক। এনেদৰে গৰম কৰিলে পাত্ৰটোত বাষ্প সৃষ্টি হ'বলৈ আৰম্ভ কৰে। তদুপৰি, এনেদৰে গৰম কৰিলে পাত্ৰটো ফাটি যোৱাৰ আশংকা থাকে।
শিশুক মাইক্ৰ'ৱেভৰ খাদ্য খুৱাব নালাগে
শিশুক মাইক্ৰ'ৱেভত খাদ্য প্ৰস্তুত কৰি বা গৰম কৰি নুখুৱাব। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, এনেদৰে খাবলৈ দিলে তেওঁলোকৰ মগজুত বেয়া প্ৰভাৱ পেলাব পাৰে।
অত্যাধিক ঠাণ্ডা খাদ্য গৰম নকৰিব
মাইক্ৰ'ৱেভত অত্যাধিক ঠাণ্ডা, বৰফসদৃশ খাদ্য কেতিয়াও গৰম কৰিব নালাগে। কেৱল কোঠাৰ উষ্ণতাত থকা খাদ্যহে মাইক্ৰ'ৱেভত গৰম কৰিব।
মাইক্ৰ'-সুৰক্ষিত বাচন ব্যৱহাৰ কৰিব
খাদ্য গৰম কৰিবলৈ সদায়ে মাইক্ৰ'-সুৰক্ষিত বাচন ব্যৱহাৰ কৰিব। ইয়াত আন বৰ্তন ব্যৱহাৰ কৰিলে বিস্ফোৰণ হোৱাৰ আশংকা থাকে।
পৰিস্কাৰ কৰাটোও জৰুৰী
বহুলোকে মাইক্ৰ'ৱেভ বহু দিনৰ মূৰে মৰে চাফা কৰে। কিন্তু মাইক্ৰ'ৱেভ পৰিস্কাৰ নকৰিলে ইয়াত খাদ্যৰ কণা জমা হৈ বেক্টেৰিয়া বিকশিত হ'ব পাৰে আৰু আপোনাৰ খাদ্যলৈ এই বীজাণু আহিব পাৰে। সেয়েহে, মাইক্ৰ'ৱেভ প্ৰতি ২-৩ দিনত পৰিস্কাৰ কৰিব লাগে।
Also Read: আপুনিও যদি কাৰ্যালয়লৈ গৈ ফোনত ব্যস্ত থাকে, তেন্তে সাৱধান হওঁক