/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/1ce106d2-de07-4d97-afa4-9bb5bd65e3fc/2__21_.jpg)
ডিজিটেল ডেস্ক: আজিকালি সকলো বয়সৰ মানুহেই ফোনটোৰ প্ৰতি কিদৰে আষক্ত হৈ পৰিছে, সেয়া হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই।এনেকুৱা একাংশ লোক আছে, যিসকলে ফোনটোৰ বাবে স্থান-কালৰ কথাও পাহৰি যায়।বহুতেই আকৌ ফোনটোৰ কাৰণে নিজৰ কৰ্মকো একাষৰীয়া কৰিবলৈ কুণ্ঠাবোধ নকৰে। হয়, কাৰ্যালয়ত কামত মন নিদি ফোনটোতে ব্যস্ত হৈ থকা এজন কৰ্মচাৰীক শেহতীয়াকৈ কাৰ্যালয়ৰ তৰফৰ পৰা সকীয়নি দিয়া হৈছে।
প্ৰকৃততে, এই ঘটনাটো ঋষিকা নামৰ একৰাকী যুৱতীৰ লগত সংঘটিত হৈছে।অৱশ্যে, ঋষিকাৰ এজন বন্ধুয়ে এই বিষয়ে ছচিয়েল মেডিয়াত প'ষ্ট কৰাতহে ঘটনাটো পোহৰলৈ আহে।সুমিত মিশ্ৰ নামৰ যুৱকজনে এই ঘটনা সন্দৰ্ভত প্ৰকাশ কৰা মতে, মোৰ বান্ধৱী ঋষিকাই অফিচত কামৰ সময়ত ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰাৰ বাবে এইচ.আৰ.ৰ পৰা সকিয়নী লাভ কৰিছে। কেৱল সেয়াই নহয়, ঋষিকাই কিদৰে অফিচত, নেটফ্লিক্স, Naukri.com আৰু Ajio.com ব্যৱহাৰ কৰিছিল, তাৰ সমূহ তথ্য উলিয়াই কৰ্মৰত কোম্পানীটোয়ে তেওঁক মেইলযোগে যোগানো ধৰিছিল।মেইলত লগতে লেখিছিল, 'আমি ইতিমধ্যে যোৱা সপ্তাহত আপোনাক এটা সাধাৰণ সতৰ্কবাণী দিছিলো যেতিয়া আপুনি কৰ্তব্যৰত অৱস্থাত বাবিল খানৰ সাক্ষাৎকাৰ চাই থকা অৱস্থাত ধৰা পৰিছিল। আপোনাৰ বহুসহকৰ্মীয়ে লগতে জনাইছে যে আপুনি আৰু শ্ৰেয়াই ব্যক্তিগত ব্যৱহাৰৰ বাবে অফিচৰ পৰা কফি , চেনী, মেগী, চামুচ আৰু ডিচপোজেবল প্লেট লৈ যায়।অফিচৰ পৰা সামগ্ৰী চুৰি কৰাটো সঁচাকৈয়ে গৰিহনাৰ যোগ্য।ইয়াৰ পাছত আপোনাৰ এনে কৰ্ম কৰাৰ প্ৰমাণ পালে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব।'
সুমিত মিশ্ৰই এই প'ষ্টটো কৰাৰ খুব কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে আৰু স্বাভাৱিকভাৱেই ছ'চিয়েল মেডিয়াত বহুজনেই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।এজনে লেখিছে, 'মই ভাবো এয়া এইচ.আৰ.ৰ সঠিক সিদ্ধান্ত।' আন এজনে লেখিছে, 'ব্যক্তিগত সময় আৰু কামৰ ভাৰসাম্য কেনেদৰে ৰাখিব লাগে তাক বিবেচনা কৰাটো আমাৰ সকলোৰে বাবেই অতি জৰুৰী হৈ পৰিছে।একাংশই আকৌ যুৱতীগৰাকীয়ে অফিচৰ পৰা সামগ্ৰী চুৰি কৰা ঘটনাক চোকা ভাষাৰে সমালোচনা কৰিছে।'
Also Read: দীৰ্ঘদিনৰ পিছত মুম্বাইলৈ উভতিল কেটৰিনা কাইফ