যিকোনো সময়তে আক্ৰান্ত হ’ব পাৰে এই গুৰুতৰ ৰোগত

হাৰ্ট এটেকৰ ঘটনাবোৰ এতিয়া সমগ্ৰ দেশজুৰি ভয়াৱহভাৱে বৃদ্ধি পাবলৈ ধৰিছে। হাৰ্ট এটেকৰ ফলত যিকোনো বয়সৰ লোকে যিকোনো সময়তে অকাল মৃত্যুক সাৱটিবলগীয়া হৈছে। অৱশ্যে, হৃদৰোগ বৃদ্ধি পোৱাৰ বহু কাৰণো আছে।

author-image
সংগীতা দাস
New Update
web ap salt

ডিজিটেল ডেস্ক: হাৰ্ট এটেকৰ ঘটনাবোৰ এতিয়া সমগ্ৰ দেশজুৰি ভয়াৱহভাৱে বৃদ্ধি পাবলৈ ধৰিছে। হাৰ্ট এটেকৰ ফলত যিকোনো বয়সৰ লোকে যিকোনো সময়তে অকাল মৃত্যুক সাৱটিবলগীয়া হৈছে। অৱশ্যে, হৃদৰোগ বৃদ্ধি পোৱাৰ বহু কাৰণো আছে। অস্বাস্থ্যকৰ জীৱনশৈলী ইয়াৰ মূল কাৰণ।

Advertisment

হয়, অত্যাধিক জাংক ফুড আৰু নিমখ খোৱাৰ ফলত হৃদৰোগীৰ সংখ্যা তীব্ৰ হাৰত বৃদ্ধি পাইছে। যদি শৰীৰত ছ'ডিয়ামৰ পৰিমাণ অধিক হয়, তেনেহ'লে ই হৃদযন্ত্ৰৰ ক্ষতি কৰে। বিশ্ব স্বাস্থ্য সংস্থাইও এক প্ৰতিবেদনত এই বিষয়ে উল্লেখ কৰি পৰাপক্ষত নিমখ কম পৰিমাণে খাবলৈ সকলোকে পৰামৰ্শ দিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনৰ মতে, নিমখ বেছিকৈ খোৱা লোকসকলৰ হৃদযন্ত্ৰৰ সমস্যা আৰু হৃদআক্ৰমণৰ আশংকাও বৃদ্ধি হয়। বহুলোকৰ মনত এটা প্ৰশ্ন থাকিব যে ছ'ডিয়ামৰ সৈতে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ সম্পৰ্ক কি ?

কি কয় স্বাস্থ্য বিশেষজ্ঞই ?

 স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, হাৰ্ট এটেকৰ অন্যতম কাৰক আন কিছুমান আনুসাংগিক ৰোগ। অত্যধিক নিমখ খোৱাৰ ফলত এজন ব্যক্তি উচ্চ ৰক্তচাপত আক্ৰান্ত হয় । ই হৃদযন্ত্ৰৰ ধমনীত তেজৰ সঞ্চালন বৃদ্ধি কৰে, যাৰ ফলত  আৰু হাৰ্ট এটেকৰ আশংকা বৃদ্ধি হয়। সেয়েহে, সাধাৰণ লোকৰ লগতে ৰক্তচাপত আক্ৰান্ত লোকসকলকো যিমান পাৰি সিমান কম নিমখ খাবলৈ বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে। মনত ৰাখিব যে, দৈনিক খুব বেছি মাত্ৰ ৫ গ্ৰামহে নিমখ খাব লাগে। বিশ্ব স্বাস্থ্য সংস্থাই লোকসকলক স্বাস্থ্যৱান হৃদযন্ত্ৰৰ বাবে প্ৰতিদিনে ৫ গ্ৰামতকৈ অধিক ছ'ডিয়াম নাখাবলৈ পৰামৰ্শ দিছে।