/asomiyapratidin/media/media_files/2025/06/29/3-2025-06-29-13-41-32.jpg)
ডিজিটেল ডেস্ক: মাখানা হৈছে এবিধ শুকান ফল। বহু পুষ্টিৰে সমৃদ্ধ মাখনা অধিকাংশ লোকৰে প্ৰিয়। সুস্বাদু মাখনাত কেলচিয়াম, মেগনেছিয়াম, কাৰ্ব আৰু প্ৰ'টিন প্ৰচুৰ পৰিমাণত থাকে। মাখনা গ্লুুটেন মুক্ত আৰু ইয়াত কম কলেষ্টেৰল, চৰ্বি আৰু ছ'ডিয়াম থাকে। মাখনাই ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণৰ লগতে শৰীৰক আন বহুতো লাভালাভ প্ৰদান কৰে। মাখনা খোৱাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আজি জানো আহক-
শক্তিশালী হয় হাড়
মাখনাত কেলচিয়াম যথেষ্ট পৰিমাণত থাকে। কেলচিয়ামে হাড় শক্তিশালী কৰাত সহায় কৰে। মাখনা খালে গাঁঠি আৰু হাড়ৰ বিষো দূৰ হয়।
স্বাস্থ্যৱান হয় হৃদযন্ত্ৰ
মাখানাক মেগনেছিয়ামৰ এক অতি উত্তম উৎস বুলি গণ্য কৰা হয়। মেগনেছিয়াম হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও অত্যন্ত উপকাৰী। ই ৰক্তচাপ আৰু হৃদস্পন্দন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।মাখনা খালে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকাও হ্ৰাস হয়।
স্বাস্থ্যকৰ হয় হজম
মাখানা আঁহৰ এক উৎকৃষ্ট উৎস। যি হজমৰ বাবে অতি উপকাৰী। ইয়াত পোৱা আঁহে হজম স্বাস্থ্যকৰ ৰখাত সহায় কৰাৰ লগতে কোষ্ঠকাঠিন্য উপশম কৰাত সহায় কৰে।
ওজন হ্ৰাসত সহায়ক
মাখনাত কম পৰিমাণে কেলৰি আৰু চৰ্বি থাকে। তদুপৰি, ইয়াক প্ৰ'টিন আৰু আঁহৰ এক ভাল উৎস বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত যদি আপুনি ওজন হ্ৰাস কৰিবলৈ বিচাৰে, তেনেহ'লে মাখনাক আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে।
কৰ্কট ৰোগৰ পৰা সুৰক্ষা
মাখানাক এণ্টিঅক্সিডেণ্টৰ এক ভাল উৎস বুলি গণ্য কৰা হয়। সেয়েহে ই শৰীৰক মুক্ত ৰেডিকেলৰ দ্বাৰা হোৱা ক্ষতিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে। মুক্ত ৰেডিকেলে কোষবোৰ ক্ষতিগ্ৰস্ত কৰে, যাৰ ফলত কৰ্কট ৰোগ আৰু হৃদৰোগৰ দৰে গুৰুতৰ ৰোগৰ আশংকা বৃদ্ধি হয়। সেয়েহে, আপুনি আপোনাৰ আহাৰত মাখনা অন্তৰ্ভুক্ত কৰিব পাৰে।
উল্লেখ্য যে, মাখানাত অন্যান্য পুষ্টি যেনে পটাছিয়াম, ফছফৰাছ আৰু ভিটামিন-বি৩ থাকে। এই পুষ্টিবোৰে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত আৰু মস্তিষ্কৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে।
বি.দ্ৰ : এই লেখাটো ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত লেখা হৈছে।