/asomiyapratidin/media/media_files/2025/06/10/LSiyYP4wdAPb7sfZGl8F.png)
ডিজিটেল ডেস্কঃ স্বাস্থ্যকৰ টোপনি আমাৰ স্বাস্থ্যৰ বাবে গুৰুতৰ সতৰ্কবাণী হৈ উঠিব পাৰে। যদি আপোনাৰ কিডনী বা বৃক্কয়ে সঠিকভাৱে কাম নকৰে, তেন্তে শুই থকাৰ সময়ত ইয়াৰ প্ৰাৰম্ভিক লক্ষণ আপুনি দেখা পাব পাৰে। হয়, ৰাতি যদি তলত উল্লেখ কৰা লক্ষণ কৰা আপোনাৰ শৰীৰত দেখা যায়, তেন্তে বুজিব আপোনাৰ কিডনী বিকল হ'বলৈ ধৰিছে।
ৰাতি সঘনাই প্ৰস্ৰাৱ কৰা
বিশেষকৈ দুই-তিনি ঘণ্টাৰ মূৰে মূৰে যদি প্ৰস্ৰাৱ কৰিবলৈ ৰাতি সঘনাই উঠিবলগীয়া হয়, তেন্তে এইটো বৃক্কৰ বিকাৰৰ প্ৰথম লক্ষণ হ’ব পাৰে। অৰ্থাৎ আপোনাৰ বৃক্কে তেজ ফিল্টাৰ কৰাৰ ক্ষমতা হেৰুৱাই পেলাইছে।
ভৰি, ভৰিৰ গোৰোহা ফুলা
ৰাতিপুৱা সাৰ পোৱাৰ পিছত যদি ভৰি বা ভৰিৰ গোৰোহা ফুলি যোৱা যেন লাগে তেন্তে সেয়া আপোনাৰ বাবে এক সতৰ্কবাণী। যেতিয়া বৃক্কয়ে শৰীৰৰ পৰা অতিৰিক্ত পানী আৰু নিমখ আঁতৰাব নোৱাৰে তেতিয়া ভৰিত জমা হৈ ফুলি উঠে।
ৰাতি অস্থিৰতা বা টোপনিৰ অভাৱ
যদি আপুনি গোটেই ৰাতিটো শান্তিৰে শুব নোৱাৰে, বাৰে বাৰে বাগৰ সলাবলগীয়া বা কিছুমান অদ্ভুত স্নায়বিক অৱস্থা অনুভৱ কৰে, তেন্তে ই আপোনাৰ বৃক্কৰ সৈতে সংযুক্ত স্নায়ুত সমস্যা থকাৰ লক্ষণ হ’ব পাৰে।
উশাহ লোৱাত কষ্ট অনুভৱ
যদি শুই থকা অৱস্থাত উশাহ-নিশাহ লোৱাত অসুবিধা হয় বা বুকুত গধুৰতা অনুভৱ হয়, তেন্তে ইয়াক আওকাণ নকৰিব। শৰীৰত জমা হোৱা অতিৰিক্ত তৰল পদাৰ্থৰ বাবে এই লক্ষণসমূহ হ’ব পাৰে, যিটো হাওঁফাওঁলৈও যাব পাৰে।
পেশীৰ বিষ
শুই থকাৰ সময়ত ভৰি বা শৰীৰৰ পেশীবোৰত জঠৰতা, বিষ বা হঠাতে জিনজিননি হোৱাটো কেলচিয়াম আৰু ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্যহীনতাৰ লক্ষণ হ’ব পাৰে, যিটো বৃক্ক বিকল হোৱাৰ ফলত হয়।
ভাগৰুৱা মূৰত গধুৰতা
যদি আপুনি শুই থকাৰ পিছতো ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ভাগৰুৱা অনুভৱ কৰে, মূৰত গধুৰ অনুভৱ কৰে আৰু গোটেই দিনটো শক্তিৰ অভাৱ অনুভৱ কৰে, তেন্তে ই আপোনাৰ বৃক্কে শৰীৰৰ পৰা বিষাক্ত উপাদান আঁতৰাব নোৱাৰাৰ লক্ষণ হ’ব পাৰে।
কি কৰিব ?
যদি আপুনি এনে কোনো লক্ষণ অবিৰতভাৱে দেখি আছে, তেন্তে ইয়াক সহজভাৱে ল’ব নালাগে। লগে লগে এজন ভাল চিকিৎসকৰ পৰামৰ্শ লৈ যাৱতীয় পৰীক্ষা সম্পন্ন কৰক। যদি আৰম্ভণিতে বৃক্কৰ সমস্যা ধৰা পৰে, তেন্তে চিকিৎসা সম্ভৱ আৰু গুৰুতৰ ৰোগৰ পৰা হাত সাৰিব পাৰি।