/asomiyapratidin/media/media_files/2025/06/06/rV2koTgp0ejgveFBwA18.jpeg)
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ শিশু সকলৰ মাজত হাঁপানি, দীৰ্ঘদিনীয়া কাহ, ইত্যাদি শ্বাস- প্ৰশ্বাসজনিত ৰোগ ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে। উশাহ-নিশাহৰ সমস্যাই শিশুৰ স্বাস্থ্য আৰু বিকাশৰ ওপৰতো গভীৰ প্ৰভাৱ পেলোৱাৰ ফলত এই বিষয়টো শিশু চিকিৎসাৰ ক্ষেত্ৰত আটাইতকৈ পৰিদৰ্শনকাৰী কাৰণৰ অন্যতম হৈ পৰিছে।
দেশজুৰি এই স্বাস্থ্য সংকটৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি ৭-৮ জুনত গুৱাহাটীস্থিত ভিভান্তা হোটেলত “Mid Term RESPICON 2025” নামৰ ৰাষ্ট্ৰীয় শিশু শ্বাস-প্ৰশ্বাস সন্মিলন আয়োজন কৰা হৈছে। উক্ত সন্মিলনখন ভাৰতীয় শিশুৰোগ চিকিৎসক একাডেমীৰ ৰাষ্ট্ৰীয় শ্বাস-প্ৰশ্বাস শাখাৰ উদ্যোগত, IAP অসমৰ ৰাজ্যিক শাখাৰ সহযোগত অনুষ্ঠিত হ’ব। ইতিমধ্যে দেশৰ আগশাৰীৰ শিশু বিশেষজ্ঞৰ দল আহি গুৱাহাটীত উপস্থিত হৈছে।
“Tiny Lungs, Big Challenges” — অৰ্থাৎ “সৰু হৃদপিণ্ড, ডাঙৰ প্ৰত্যাহ্বান”- এই থিমৰ অধীনত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত দেশৰ আগশাৰীৰ শিশু শ্বাস-প্ৰশ্বাস বিশেষজ্ঞসকল উপস্থিত থাকিব। সন্মিলনখনত শিশুৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগসমূহৰ আধুনিক চিকিৎসা, গৱেষণা, পৰিচৰ্যা আৰু নিৰোধমূলক ব্যৱস্থা সম্পৰ্কে বিশদ আলোচনা কৰা হ’ব। লগতে নতুন চিকিৎসা প্ৰযুক্তি আৰু ঔষধৰ ক্ষেত্ৰতো বিশেষজ্ঞসকলৰ দিশ নির্দেশনা উন্মোচিত হ’ব।
অনুষ্ঠানত উপস্থিত থাকিব ক্ৰমে আই এ পি নেচনেল শ্বাস-প্ৰশ্বাসজনিত চেপ্টাৰৰ অধ্যক্ষ ডা০ এছ এছ ৰাৱাট, আই পি এন আৰ চিৰ সম্পাদক ডা০ নাৰায়ণ মোডী, স্থানীয়ভাৱে এই সন্মিলনৰ নেতৃত্বত থাকিব ডা০
মৃত্যুঞ্জয় পাও (সংগঠন অধ্যক্ষ) আৰু ডা০ পাৰ্থ প্ৰতিম বৰা (সংগঠন সম্পাদক), দুয়ো গৰাকী স্থানীয় জ্যেষ্ঠ শিশু বিশেষজ্ঞ।
শিশুৰ এই সমস্যা তথা উক্ত সন্মিলন সন্দৰ্ভত ডা০ বৰাই কয়, ‘উত্তৰ-পূব ভাৰতৰ বাবে এয়া এক দশকৰ শৈক্ষিক অনুষ্ঠান। “শিশুৰ হাঁপানী আৰু এলাৰ্জিজনিত ৰোগ এতিয়া কেৱল মেট্ৰ’ত সীমাবদ্ধ হৈ থকা নাই।আমি আমাৰ চিকিতসা পদ্ধতি কিছু আপডেট কৰিব লাগিব।
লগতে কয়, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল অভিভাৱক আৰু যত্ন লোৱাসকলৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব। এই সন্মিলনত ব্যৱহাৰিক কৰ্মশালা, ইন্টাৰেক্টিভ কেছ আলোচনা, আৰু শিশু চিকিৎসকৰ বাবে প্ৰমাণভিত্তিক ক্লিনিকেল আপডেট আদি অন্তৰ্ভুক্ত কৰা হ’ব।
ডা০ পাৰ্থ প্ৰতিম বৰাই শিশুসকলৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লক্ষণ আৰু উপযুক্ত ব্যৱস্থাপনাৰ বিষয়ে বহল জনসচেতনতা সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয়, এনেবোৰ ৰোগক গুৰুতৰ নোহোৱালৈকে প্ৰায়ে উপেক্ষা কৰা হয়। গতিকে আমি একত্ৰিত হৈ শিশু চিকিৎসাত ক্ষেত্ৰত পৰিৱৰ্তন আনিব লাগিব। কাৰণ সুস্থ হাওঁফাওঁৰ অৰ্থ হ’ল সুস্থ ভৱিষ্যত।