শেহতীয়া গৱেষণাত পোহৰলৈ আহিছে সকলোৰে মন ভাল লগোৱা তথ্য

যেতিয়াই ওজন হ্ৰাস বা স্বাস্থ্যসন্মত খাদ্যৰ কথা আহে, তেতিয়া অধিকাংশ লোকেই প্ৰথমে আলু খোৱা বন্ধ কৰে। কাৰণ স্পষ্ট। হয়, অধিকাংশ লোকেই আলু খালে ওজন বৃদ্ধি হয় আৰু ৰক্তচাপত ভাৰাসাম্য নাথাকে বুলি বিশ্বাস কৰে।

author-image
সংগীতা দাস
New Update
web ap potatoes

ডিজিটেল ডেস্কঃ যেতিয়াই ওজন হ্ৰাস বা স্বাস্থ্যসন্মত খাদ্যৰ কথা আহে, তেতিয়া অধিকাংশ লোকেই প্ৰথমে আলু খোৱা বন্ধ কৰে। কাৰণ স্পষ্ট। হয়, অধিকাংশ লোকেই আলু খালে ওজন বৃদ্ধি হয় আৰু ৰক্তচাপত ভাৰাসাম্য নাথাকে বুলি বিশ্বাস কৰে। কিন্তু, একেবাৰে শেহতীয়া এক গৱেষণাই সকলোৰে এই ধাৰণাক ভুল প্ৰতিপন্ন কৰিলে।

কি আছে গৱেষণাত ?

‘নিউট্ৰিচন’ৰ এই গৱেষণাত দাবী কৰা হৈছে যে, আলু খালে ওজন বৃদ্ধি নহয় আৰু ৰক্তচাপতো কোনো নেতিবাচক প্ৰভাৱ নপৰে। যদি আলুক সঠিকভাৱে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা হয়, তেতিয়া ই স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।

আলু প্ৰকৃততে পুষ্টিৰ ভঁৰাল

গৱেষকসকলৰ মতে, আলু কেৱল শক্তি প্ৰদান কৰা সাধাৰণ খাদ্য সামগ্ৰী নহয়, বৰঞ্চ ই পুষ্টিৰে ভৰপূৰ। ইয়াত থকা ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। আনহাতে, পটাছিয়ামে স্বাভাৱিকভাৱে ৰক্তচাপৰ ভাৰসাম্য ৰক্ষা কৰে। আলুত থকা আঁহে হজম শক্তি উন্নত কৰাৰ লগতে ভোক নিয়ন্ত্ৰণ কৰে, যাৰ ফলত অতিমাত্ৰা খাদ্য খোৱাৰ অভ্যাস কমি যায়। তদুপৰি, আলুত থকা এন্টিঅক্সিডেন্টে শৰীৰক বিষমুক্ত কৰাৰ লগতে বহু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে। 

ওজন হ্ৰাসত আলু কিদৰে সহায়ক ?

অধিকাংশ লোকৰে ধাৰণা যে আলু খালে মেদবহুলতা বৃদ্ধি পায়। কিন্তু সত্যটো হ’ল অধিক তেল আৰু মছলাত ভজা আলুহে স্বাস্থ্যৰ পক্ষে হানিকাৰক। আনহাতে, যদি আলু সিজাই বা ‘বেক’ কৰি খোৱা হয়, তেন্তে ই ওজন কমোৱাত সহায় কৰে। সিজোৱা আলুয়ে পেটটো বহু সময়লৈকে ভৰপূৰ কৰি ৰাখে। যাৰ ফলত বাৰে বাৰে খোৱাৰ অভ্যাস কমি যায়। ইয়াত থকা আঁহে ভোক নিয়ন্ত্ৰণত সহায় কৰে আৰু ইয়াৰ কেলৰিও অতি কম। এই কাৰণেই আলুক ওজন কমাব পৰা স্বাস্থ্যসন্মত খাদ্যত অন্তৰ্ভুক্ত কৰিব পাৰি।

আলু খোৱাৰ 'স্মাৰ্ট' উপায়

যদি আলু সঠিকভাৱে খোৱা হয়, তেন্তে ই শৰীৰৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। ভাজি খোৱাৰ সলনি আলু সিজাই খাওঁক। বাকলিৰে সৈতে আলু ৰান্ধিলে  ইয়াৰ আঁহ আৰু পুষ্টি অক্ষত থাকে। আলু শাক-পাচলি তথা দাইলৰ সৈতে মিহলাই খোৱাটো স্বাস্থ্যকৰ বিকল্প। আনহাতে, ফ্ৰেঞ্চ ফ্ৰাই আৰু চিপছৰ দৰে বেছিকৈ ভজা খাদ্যৰ পৰা আঁতৰি থকাটো বুদ্ধিমানৰ কাম। কাৰণ, এনে খাদ্যই ওজন আৰু স্বাস্থ্য দুয়োটাতে বেয়া প্ৰভাৱ পেলায়।

আলু ভাৰতীয় পাকঘৰৰ এক গুৰুত্বপূৰ্ণ অংগ। এতিয়া বিজ্ঞানেও মানি লৈছে যে সঠিক পদ্ধতিৰে খোৱা আলুয়ে মেদবহুলতা বৃদ্ধি নকৰে বা ৰক্তচাপত বেয়া প্ৰভাৱো নেপেলায়। গতিকে আলুক শত্ৰু বুলি গণ্য কৰাৰ পৰিৱৰ্তে সঠিক পৰিমাণত আৰু সঠিকভাৱে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি ইয়াৰ পুষ্টিকৰ উপকাৰিতা লাভ কৰক।