ওজন ১৩৬ কিলোঃ মদ-চিগাৰেটৰ অবিহনে থাকিব নোৱাৰে কিম জং উন...

উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ জীৱনশৈলী সদায়েই চৰ্চাত থাকে। শেহতীয়াকৈ চীনলৈ সেউজীয়া ৰঙৰ এখন ব্যক্তিগত ৰে'লেৰে আহি উপস্থিত হোৱাৰ পাছতে কিম জং পুনৰ এবাৰ চৰ্চাৰ শীৰ্ষবিন্দু হৈছে। উল্লেখ কৰা

author-image
Asomiya Pratidin
New Update
hhdd

ডিজিটেল ডেস্কঃ উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ জীৱনশৈলী সদায়েই চৰ্চাত থাকে। শেহতীয়াকৈ চীনলৈ সেউজীয়া ৰঙৰ এখন ব্যক্তিগত ৰে'লেৰে আহি উপস্থিত হোৱাৰ পাছতে কিম জং পুনৰ এবাৰ চৰ্চাৰ শীৰ্ষবিন্দু হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, কিম জং অহা ৰে'লখনত আছে বিশেষ সুবিধা। উক্ত ৰেলখনতে কনফাৰেন্স ৰূমৰ পৰা আদি কৰি এখন মিটিং অনুষ্ঠিত কৰা লৈকে প্ৰেক্ষাগৃহৰ ব্যৱস্থাও আছে।

অতি বিলাসী জীৱন কটোৱা কিম জঙে কেৱল মাত্ৰ সুৰাৰ নামতেই প্ৰতিবছৰে ৩০মিলিয়ন ডলাৰ ব্যয় কৰে। তেওঁ পান কৰা এটা সুৰাৰ বটলৰ মূল্য ৭হাজাৰ ডলাৰ। ভাৰতীয় মূল্যত এই এটা সুৰাৰ বটলৰ মূল্য হ'বগৈ প্ৰায় ৬লাখ ৩০হাজাৰ টকা। কিম জঙৰ প্ৰিয় খাদ্যৰ ভিতৰত অন্যতম পিজ্জা। ইটালীৰ এটা বিখ্যাত চেফ পৰিয়ালক কেৱল মাত্ৰ পিজ্জা বনাবলৈকে উত্তৰ কোৰিয়াৰ স্থায়ী বাসিন্দা কৰিছে কিম জঙে।

ব্ৰাজিলৰ পৰা প্ৰতি বছৰ কফি অনাৰ বাবে বছৰি ৯,৬৭,০০০ডলাৰ ব্যয় কৰে উত্তৰ কোৰিয়াৰ শাসকগৰাকীয়ে। মদ আৰু চিগাৰেটত ডুবি থকা কিম জঙৰ ওজন বৃদ্ধি হৈ গৈয়ে আছে। বৰ্তমান কিমৰ ওজন ১৩৬কিলোগ্ৰাম। 

ভাৰত