ৰাতিপুৱা খালী পেটত খাওঁক এই কেইবিধ খাদ্য

শৰীৰটো স্বাস্থ্যৱান কৰি ৰাখিবলৈ স্বাস্থ্যকৰ খাদ্যাভ্যাস অতি গুৰুত্বপূৰ্ণ। সেয়েহে সদায় স্বাস্থ্যকৰ খাদ্য খাই আমি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ যত্ন কৰিব লাগে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
সকলো কথা web 1

ডিজিটেল ডেস্ক: শৰীৰটো স্বাস্থ্যৱান কৰি ৰাখিবলৈ স্বাস্থ্যকৰ খাদ্যাভ্যাস অতি গুৰুত্বপূৰ্ণ। সেয়েহে সদায় স্বাস্থ্যৰ পক্ষে উপকাৰী খাদ্য খাই আমি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ যত্ন কৰিব লাগে। কিন্তু বহুসময়ত আমি ৰাতিপুৱা সাৰ পোৱাৰে পৰা এনে ধৰণৰ খাদ্য গ্ৰহণ কৰো যিসমূহ স্বাস্থ্যৰ পক্ষে অতি হানিকাৰক। ৰাতিপুৱা খাদ্যৰ ওপৰতে আমাৰ সুস্বাস্থ্য বহুখিনি নিৰ্ভৰ কৰে। সেয়ে ৰাতিপুৱা ভাল খাদ্যৰে দিনটো আৰম্ভ কৰিব লাগে। ৰাতিপুৱা খালী পেটত খাবলগীয়া এনে কেতবোৰ খাদ্যৰ বিষয়ে আজি জানো আহক-

Advertisment

বাদাম

বাদাম যথেষ্ট পুষ্টিৰে সমৃদ্ধ। বাদামত প্ৰ'টিন, আইৰণ, ফছফৰাছ, আঁহ আদিৰ দৰে পুষ্টি পোৱা যায়। ৰাতিপুৱা খালী পেটত বাদাম খালে মগজু তীক্ষ্ণ হয় আৰু স্মৃতিশক্তি বৃদ্ধি হয়। বাদামে শৰীৰটো স্বাস্থ্যৱান ৰখাত যথেষ্ট সহায় কৰে। 

ডিমৰু 

ডিমৰু স্বাস্থ্যৰ বাবে আশীৰ্বাদতকৈ কম নহয়। ডিমৰু খালে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰি। ইয়াক ৰাতি তিয়াই থ’লে পুৱালৈ কোমল হৈ পৰে, যাৰ ফলত হজম কৰাও সহজ হয়। ডিমৰু খোৱাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় আৰু শৰীৰৰ দুৰ্বলতাও আঁতৰ হয়। 

আখৰোট 

আপুনি ৰাতিপুৱা তিয়াই থোৱা আখৰোট খাব পাৰে। আখৰোট খোৱাটোৱে স্মৃতিশক্তি তীক্ষ্ণ কৰে। আখৰোটে বিপাকৰ স্তৰ বৃদ্ধি কৰে আৰু হাড় শক্তিশালী কৰে। ইয়াত আইৰণ, কেলচিয়াম, পটাছিয়াম, ফলেট আদিৰ দৰে পুষ্টি পোৱা যায়। যি শৰীৰক বহুতো ৰোগৰ পৰা আঁতৰাই ৰখাত সহায় কৰে।

কিচমিচ 

কিচমিচ ঔষধি গুণাগুণেৰে সমৃদ্ধ। কিচমিচত আইৰণ, প্ৰ'টিন, আঁহ অতি ভাল পৰিমাণত পোৱা যায়। নিয়মীয়া কিচমিচ খালে শৰীৰৰ দুৰ্বলতা আঁতৰ হয় আৰু শৰীৰত হিমোগ্লোবিনৰ স্তৰও বৃদ্ধি হয়। আপুনি ৬-৭ টা কিচমিছ ৰাতি পানীত তিয়াই থৈ ৰাতিপুৱা খাব পাৰে। খালী পেটত কিচমিচ খালে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাৰ লগতে পাচন তন্ত্ৰও স্বাস্থ্যকৰ হ'ব। 

খেজুৰ

খেজুৰো শৰীৰৰ বাবে যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয়। ৰাতি তিয়াই থোৱা খেজুৰ ৰাতিপুৱা খালে আপোনাৰ শৰীৰত আইৰণৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগতে পাচন তন্ত্ৰও শক্তিশালী হ'ব। খেজুৰ নিয়মিত খালে আপোনাৰ হাড় শক্তিশালী হয় আৰু শৰীৰৰ পৰা দুৰ্বলতা আঁতৰ হয়।

বি: দ্ৰ: শৰীৰটো স্বাস্থ্যৱান কৰি ৰাখিবলৈ আপুনি এই খাদ্য নিয়মিত গ্ৰহণ কৰিব পাৰে। কিন্তু যদি আপোনাৰ কোনো ৰোগ বা এলাৰ্জি আছে, তেন্তে কেৱল চিকিৎসকৰ পৰামৰ্শ লৈহে এইসমূহ খাদ্য গ্ৰহণ কৰিব।

Also Read: এই সমূহ খাদ্য খাই জীৱনটো উপভোগ কৰক