/asomiyapratidin/media/media_files/2025/06/17/M0tKot1Fl96nOw9Fvqty.jpg)
ডিজিটেল ডেস্ক: অধিকাংশ ভাৰতীয়ই তেওঁলোকৰ ৰাতিপুৱাটো একাপ চাহৰ সৈতে আৰম্ভ কৰে।কিছুমানৰ আকৌ চাহৰ আষক্তি ইমানেই যে দিনটোত কেইবাৰ চাহ খাই তাৰ হিচাপ তেওঁলোকৰ হাতত নাথাকে। কিন্তু চাহৰ এই আষক্তি আমাৰ স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক। যদি আপুনি চাহ খোৱা বন্ধ কৰে, তেতিয়া বহু ৰোগৰ পৰা বাচি থাকিব পাৰিব। হয়, চাহ ত্যাগ কৰি আপুনি লাভ কৰিবলগীয়া উপকাৰিতাসমূহ হৈছে-
ভাল টোপনি
যদি চাহ খোৱা বন্ধ কৰে, তেন্তে আপুনি ভালদৰে শুব পাৰিব। অনিদ্ৰাৰ সমস্যা থাকিলে চাহ খোৱা বাদ দিব। ইয়াত পোৱা কেফেইনৰ ফলত আপোনাৰ অনিদ্ৰাৰ সমস্যা বৃদ্ধি হ'ব পাৰে।
ওজন হ্ৰাস
চাহত চেনী মিহলি কৰা হয়। চেনীত যথেষ্ট পৰিমাণে কেলৰি থাকে। যিয়ে শৰীৰৰ ওজন বৃদ্ধি কৰিব পাৰে। সেয়েহে, যদি আপুনি ওজন হ্ৰাস কৰিবলৈ বিচাৰে, তেনেহ'লে চাহ খোৱা বন্ধ কৰক। খুব কম দিনতে আপুনি আপোনাৰ ওজনৰ পাৰ্থক্য দেখা আৰম্ভ কৰিব।
ৰক্তচাপ নিয়ন্ত্ৰণ
চাহপাতত কেফেইন যথেষ্ট পৰিমাণত থাকে। অধিক কেফেইন খোৱাটোয়ে ৰক্তচাপৰ সমস্যা বৃদ্ধি কৰে। সেয়েহে, যদি আপুনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব বিচাৰে, তেন্তে চাহ খোৱা বন্ধ কৰক।
বগা দাঁত
চাহে দাঁতৰ ৰঙো প্ৰভাৱিত কৰে। সেয়েহে যদি আপুনি চাহ সেৱন নকৰে, তেন্তে আপোনাৰ দাঁত সদায়েই বগা হৈ থাকিব, কেতিয়াও হালধীয়া নহয়।
শৰীৰত পানীৰ অভাৱ
চাহ খালে শৰীৰলৈ পানী যায় বুলি আমাৰ বহুতৰে ধাৰণা। কিন্তু চাহ খালে শৰীৰত পানীৰ অভাৱহে হয়। হয়, চাহপাতত থকা কেফেইন বেছিকৈ শৰীৰলৈ গ'লে ডিহাইড্ৰেছনৰ সমস্যা হয়।
Also Read: ওজন কমাবলৈ মন যদি দৈনিক কণী খাওঁক