Advertisment

দেখাত ধুনীয়া 'চীনা নহৰু'য়ে আপোনাক কৰিব ঘূণীয়া!

বাকী বাদ! অসমীয়াৰ আঞ্জাত এতিয়া চীনৰ দখল। প্ৰতিদিনেই গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বজাৰত এতিয়া বিক্ৰী হৈ আছে চীনা নহৰু। আকাৰত ডাঙৰ এই চীনা নহৰুয়ে গ্ৰাহকৰ পৰাও লাভ কৰিছে সহাঁৰি।

author-image
Asomiya Pratidin
New Update
অসমীয়াৰ আঞ্জাত চীনৰ নহৰু

অসমীয়াৰ আঞ্জাত চীনৰ নহৰু Photograph: (অসমীয়াৰ আঞ্জাত চীনৰ নহৰু)

বাকী বাদ! অসমীয়াৰ আঞ্জাত এতিয়া চীনৰ দখল। প্ৰতিদিনেই গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বজাৰত এতিয়া বিক্ৰী হৈ আছে চীনা নহৰু। আকাৰত ডাঙৰ এই চীনা নহৰুয়ে গ্ৰাহকৰ পৰাও লাভ কৰিছে সহাঁৰি। কিন্তু দেখাত ভাল হ'লেও, এই নহৰুয়ে ঘূণীয়া কৰিব পাৰে আপোনাক। গুৱাহাটীৰ প্ৰায়বোৰ খুচুৰা পাচলিৰ বিক্ৰেতাৰ ওচৰতো এতিয়া এই চীনা নহৰু। ডিম্পুল বৰগোহাঁইৰ এক প্ৰতিবেদন...

Advertisment

ভাৰতত চীনা সামগ্ৰী নিষিদ্ধ। বিশেষকৈ পূজা অথবা বিভিন্ন উৎসৱৰ সময়ত চীনা সামগ্ৰীয়ে বজাৰ ভৰি পৰিলে এই প্ৰসংগই বাতৰিৰ শিৰোনাম লাভ কৰা দেখা যায়। যদিও ভাৰতত চীনা সামগ্ৰী নিষিদ্ধ কিন্তু এতিয়াও বজাৰত বহু ক্ৰেতা আৰু বিক্ৰেতাৰ প্ৰথম পছন্দ হৈছে কম দামতে লাভ কৰা এই সামগ্ৰীবোৰ। সেয়েহে বাৰে বাৰে নিষিদ্ধ কৰাৰ পাছতো পুনৰ বজাৰত পায়হি এই চীনা সামগ্ৰীবোৰ।

পুতলা, ইলেক্টনিক সামগ্ৰী আদিবোৰ বাদেই,  শেহতীয়াকৈ চীনৰ পৰা অহা নহৰুৱে ভাৰতৰ বজাৰ দখল কৰিছে। ২০১৪চনতে চীন উৎপাদিত এনে সামগ্ৰী ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছিল যদিও বাস্তৱত সেয়া আজিলৈকে কাৰ্যকৰী নহল। বৰঞ্চ এতিয়া আমাৰ আঞ্জাতো অন্তভূক্ত হ'ল চীনা খাদ্য সামগ্ৰী। 

ভাৰতৰ ভিন্ন বজাৰৰ কথা বাদেই দিলো। অসমৰ ভিন্ন জিলাৰ বজাৰত এতিয়া উপলদ্ধ চীনৰ নহৰু। কিছুদিনৰ পূৰ্বে নগাওঁ জিলাত কেইবা কুইন্টল চীনৰ নহৰু খাদ্য বিভাগে জব্দ কৰাৰ পাছতে শেহতীয়াকৈ গুৱাহাটীৰ বজাৰতো উদ্ধাৰ হ'ল চীনৰ নহৰু। জালুকবাৰীৰ পৰা বেলতলালৈ প্ৰায়বোৰ খুচুৰা বিক্ৰেতাৰ ওচৰত এতিয়া আপুনি পাব চীনা নহৰু।

ভাৰতত উৎপাদিত নহৰুৰ মূল্যবৃদ্ধিৰ গইনা লৈ চীনৰ পৰা কম দামতে এক অসাধু চক্ৰই এই চীনা নহৰুৰ বেহা মেলিছে অসমত। অসমত চীনৰ পৰা চোৰাংকৈ ৰপ্তানি হোৱা নহৰুৰ পৰিমাণ ইমানেই বাঢ়িছে যে, নতুনকৈ দায়িত্ব লোৱা গুৱাহাটী মহানগৰৰ আয়ুক্তগৰাকীয়ে ইয়াৰ বিৰুদ্ধে অভিযান চলাবলৈ এটা গোট গঠন কৰি দিছিল। 

এই বিশেষ গোটটোত আছিল আয়ুক্তালয়, কামৰূপ মহানগৰ জিলাৰ উপ-যোগান সঞ্চালক, অধীক্ষক, কেইবাগৰাকীও পৰিদৰ্শক,  আৰু উপ পৰিদৰ্শক। এই গোটটোৱে গুৱাহাটীত অভিযান চলাই প্ৰায় ৪৮.৪০কুইন্টল চীনা নহৰু শেহতীয়াকৈ জব্দ কৰিছে। 

এক বিশেষ তথ্যৰ ভিত্তিত গড়চুক সমীপৰ পামহীৰ পাইকাৰী বজাৰ,  বেহাৰবাৰীৰ ব্ৰহ্মপুত্ৰ বজাৰত অভিযান চলাই এই চোৰাং নহৰুখিনি জব্দ কৰে। আৰক্ষীয়ে এই নহৰুখিনি জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ হৈছে-  এ এছ ২৫এফ চি১৪২৪ আৰু এ এছ ০১ পি চি৭৭৫২। এই সন্দৰ্ভত গুৱাহাটী আৰক্ষীয়ে দুজন লোককো গ্ৰেপ্তাৰ কৰিছে।

কেৱল গুৱাহাটীত নহয়। ৰাজ্যৰ ভিন্ন জিলাত এতিয়া অবাধে বিক্ৰী হৈ আছে এই চীনা নহৰু। কিছুদিনৰ পূৰ্বে নগাঁৱত জব্দ হৈছিল কেইবাবেগো চীনা নহৰু।  নগাঁৱৰ বৰবজাৰৰ "গাহৰি বজাৰ" খ্যাত বৃহৎ পাইকাৰী বজাৰৰ ব্যৱসায়ীসকলে জনোৱা মতে, শ্বিলঙৰ পৰা শাক-পাচলি আমদানি -ৰাপ্তানি কৰা একাংশ টাটা মোবাইল আৰু মেজিকৰ জড়িয়তেও দৈনিক চীনা নহৰু নগাঁৱলৈ আহি আছে।

বজাৰত এতিয়া প্ৰতি কেজি নহৰুৰ মূল্য ৩০০ টকাৰ পৰা ৪০০ টকা পৰ্যন্ত দৰ হৈছে। নহৰুৰ আকাশলংঘী মূল্য বৃদ্ধিৰ ফলত বজাৰত তীব্ৰ নাটনি ঘটিছে নহৰুৰ। যাৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে শ্বিলঙৰ পৰা বহু কম মূল্যত চীনত উৎপাদিত নহৰুৰ এক বৃহৎ ক'লা বজাৰ চলাই থকাৰ তথ্য পোহৰলৈ আহিছে।

সাধাৰণতে অসমলৈ মধ্য প্ৰদেশৰ ইন্দোৰ আৰু ৰাজস্থানৰ পৰা নহৰু সৰবৰাহ হয় যদিও শেহতীয়াকৈ চীনা নহৰুৰে ৰাজ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। বৰ্তমান এই চীনা নহৰু প্ৰতি কেজিত নূন্যতম ২০০ পৰা ২২০ টকা পাইকাৰী মূল্যত বিক্ৰী হৈ থকাৰ বিপৰীতে ইয়াৰ খুচুৰা মুল্য ২৫০-৩০০ টকা।

ইয়াৰ পৰিৱৰ্তে মধ্য প্ৰদেশৰ ইন্দোৰৰ নহৰুৰ পাইকাৰী মূল্য ২৫০ ৰ পৰা ৩০০ টকা আৰু খুচুৰা মুল্য ৪০০ টকা। যাৰ বাবে বজাৰত চীনা নহৰুৰ এক বৃহৎ বজাৰ গঢ়ি উঠিছে। আনহাতে, থলুৱা নহৰুৰ বিপৰীতে চীনা নহৰুৰ আকাৰ স্বাভাৱিকতে ডাঙৰ আৰু ইয়াৰ কোনোধৰণৰ গোন্ধ নথাকে। তাৰোপৰি চীনৰ নহৰুৰ বৰণ কিছু গুলপীয়া। ভাৰতীয় নহৰুত যি ঔষধী গুণ থাকে, তাৰ তুলনাত চীনা নহৰুত নাই তেনে কোনো ঔষধী গুণ।

তাৰোপৰি মধ্য প্ৰদেশৰ ইন্দোৰ আৰু ৰাজস্থানৰ পৰা অহা নহৰুৰ মানদণ্ড পৰীক্ষাৰ অন্ততহে অসমত প্ৰবেশ কৰে। কিন্তু চীনত উৎপাদিত নহৰুৰ পৰীক্ষা অবিহনে দৈনিক ট্ৰাকে ট্ৰাকে অসমত আমদানি হোৱাৰ ঘটনাই ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ চৰম নিৰ্লিপ্ততাৰ দিশটোকে উন্মোচিত কৰিছে।

কেৱল স্বাস্থ্যগত দিশটোৱে নহয়, চীনৰ নহৰুৱে আমাৰ দেশৰ কৃষকৰ ওপৰত পেলাইছে অৰ্থনৈতিক প্ৰভাৱো।  ভাৰতীয় নহৰুৰ তুলনাত চীনা নহৰুৰ দাম কম হোৱাটোৱে স্থানীয় কৃষকৰ বাবে যথেষ্ট ভাবুকি কঢ়িয়াই আনিছে। সস্তা চীনা নহৰুৰ ৰপ্তানিৰ ফলত ভাৰতৰ কৃষকতসকল যথেষ্ট আৰ্থিক লোকচানৰ সন্মুখীন হৈছে। 

চীনৰ উতপাদিত নহৰুত অত্যধিক কীটনাশকৰ ব্যৱহাৰ কৰে। চীনত খেতিসমূহত সাধাৰণতে কীটনাশক আৰু ৰাসায়নিক পদাৰ্থৰ অধিক ব্যৱহাৰ হয়। এই পদাৰ্থবোৰে মানুহৰ স্বাস্থ্যৰ বাবে গুৰুতৰ বিপদৰ সৃষ্টি কৰিব পাৰে।

ইয়াৰ বিপৰীতে প্ৰাকৃতিক খেতি পদ্ধতিক অগ্ৰাধিকাৰ দি কীটনাশক আৰু সাৰ নূন্যতম ব্যৱহাৰ কৰি ভাৰতীয় নহৰু খেতি কৰা হয়। গুণগত মানৰ ক্ষেত্ৰতো চীনৰ নহৰুতকৈ ভাৰতৰ নহৰু যথেষ্ট ওপৰত। ভাৰতীয় কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰা গুণগত মান চীনা নহৰুত নাই। সেয়েহে ২০১৪চনতে ভাৰতত নিষিদ্ধ কৰিছিল এই চীনা নহৰু। 

কিন্তু নিষিদ্ধ হ'লেও এতিয়াও ভাৰতৰত ভিন্ন প্ৰান্তত বিনাদ্বিধাই বজাৰত বিক্ৰী হৈ আছে চীনা নহৰু। গুৱাহাটীৰ ভিন্ন বজাৰত এই চীনা নহৰুৰ বিক্ৰী অতিকৈ বাঢ়িছে। অসমীয়া প্ৰতিদিন ডিজিটেলে চলোৱা এক অভিযানত দেখা গ'ল যে, জালুকবাৰীৰ পৰা বেলতলালৈ প্ৰায়বোৰ খুচুৰা পাচলি বিক্ৰেতাৰ ওচৰত উপলদ্ধ এই চীনা নহৰু।

আৰক্ষীয়ে মাত্ৰ ৫০কুইন্টল চীনা নহৰু জব্দ কৰিলেও, গুৱাহাটীতে আৰক্ষীৰ চকুত ধূলি দি প্ৰতিদিনেই কুইন্টলে কুইন্টলে খুচুৰা বজাৰত বিক্ৰী হৈ আছে এই চীনা নহৰু। আপুনিও যদি গুৱাহাটীৰ বাসিন্দা তেন্তে, এখন বজাৰত সোমাই চকু ফুৰালেই দেখিব যে এতিয়া প্ৰায়বোৰ বিক্ৰেতাৰ ওচৰত থাকে দেখাত নোদোকা এই ডাঙৰ ডাঙৰ চীনা নহৰু।

চীনৰ পৰা ম্যানমাৰৰ মাজেৰে মিজোৰাম, মেঘালয়লৈ অহা এই চীনা নহৰু শ্বিলঙৰ পৰা দৈনিক ট্ৰাকে ট্ৰাকে অসমৰ বিভিন্ন প্ৰান্তলৈ আমদানি হৈ আহিছে। আঁৰৰ পৰা কোনো এৰ অদৃশ্য শক্তিয়ে ইন্ধন যোগোৱাৰ বাবেই নিষিদ্ধকৰণৰ পিছতো এই আমদানি সম্ভৱ হৈছে। আনফালে ভাৰতীয় নহৰুৰ  আকাশলংঘী মূল্যবৃদ্ধিৰ সুযোগ লৈ ৰাজ্যত চীনা নহৰুক আদৰি লৈছে গ্ৰাহকেও...

গুৱাহাটী