Winter Care: ঠাণ্ডা দিনত সুস্থ থকাৰ মাত্ৰ পাঁচটা উপায়

Winter Care: ঠাণ্ডা দিনত সুস্থ থকাৰ মাত্ৰ পাঁচটা উপায়

ডিজিটেল ডেস্ক: গ্ৰীষ্মৰ তুলনাত শীতকালত সাধাৰণতে আমাৰ শৰীৰটোত বহু সমস্যাই দেখা দিয়ে।সেয়ে এই দিনকেইটাত সুস্থ হৈ থাকিবলৈ আমি বহু সচেতন হৈ থকাৰ দৰকাৰ।বিশেষকৈ  খাদ্যৰ ক্ষেত্ৰত আমি যথেষ্ট সচেতন হব লাগে, যাতে শৰীৰটোয়ে প্ৰয়োজনীয় পুষ্টি লাভ কৰে।

গোটেই শীতকালটো স্বাস্থ্যৱান হৈ থকাৰ কেইটামান বিশেষ উপায় তলত উল্লেখ কৰা হৈছে-

ফল-মূল,শাক-পাচলি খাওঁক

শীতকালত স্বাস্থ্যৱান হৈ থাকিবলৈ আপুনি ফল-মূলৰ লগতে শাক জাতীয় খাদ্য প্ৰায় সদায়েই খাব লাগে।এই অভ্যাসে আপোনাক ঠাণ্ডা বতৰত ৰোগ প্ৰতিৰোধ প্ৰণালী স্বাস্থ্যকৰ কৰি ৰাখিবলৈ সহায় কৰিব।

ঘৰৰ বাহিৰত থকাৰ অভ্যাস কৰক

তদুপৰি এই দিনকেইটাত আপুনি কোঠাৰ পৰা বাহিৰ ওলাই যিমান পাৰে সিমান ৰ’দ লওঁক।ই আপোনাৰ শৰীৰত ভিটামিন ডিৰ অভাৱ হ’বলৈ নিদিয়ে। ভিটামিন ডিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত হয়।আনহাতে, ব্যস্ত সময়সূচীৰ মাজতেই অলপ সময় উলিয়াই খোজ কাঢ়ক।

সদায় ‘হাইড্ৰেটেড’ হৈ থাকিব 

আন সময়ৰ তুলনাত শীতকালত আমি যথেষ্ট কম পৰিমাণে পানী খাওঁ।এই সময়ছোৱাত পানীতকৈ বেছি আমি চাহ, কফি আদি খায় ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ বিচাৰো।কিন্তু এই পানীয়ই শৰীৰটোত পানী যোগান ধৰাৰ সলনি ‘ডিহাইড্ৰেট’হে কৰে।সেয়ে চাহ-কফি বাদ দি ঠাণ্ডা দিনতো সঘনাই পানী খাবলৈ চেষ্টা কৰক।

ভালকৈ টোপনি যাবলৈ চেষ্টা কৰক

এই দিনকেইটাত ভালকৈ টোপনি যোৱাটোয়েও শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে।সোনকালে শুই পুৱা সোনকালে উঠি শাৰিৰীক ব্যায়াম কৰা আৰম্ভ কৰক আৰু সদায়েই সঠিক সময়ত খাদ্য খাব।

শৰীৰটোত ঠাণ্ডা নলগাব

কৰ্তব্যৰ খাতিৰতেই হওঁক অথবা আন কিবা কাৰণত আপুনি ঘৰৰ বাহিৰত থাকিবলগীয়া হ’লে পৰ্যাপ্ত গৰম কাপোৰ পিন্ধি থাকিব। শৰীৰটোত যাতে ঠাণ্ডা নালাগে, তাৰ প্ৰতি সতৰ্ক হ’ব।শৰীৰটোত ঠাণ্ডা লাগিলে নানা ধৰণৰ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। সেয়ে, শীতকালত সুস্থ হৈ থাকিবলৈ শৰীৰটোক গৰম কৰি ৰাখিব। 

Winter Care: ঠাণ্ডা দিনত সুস্থ থকাৰ মাত্ৰ পাঁচটা উপায়
Skincare: এই খাদ্য খালে শীতকালতো চিকচিকাই থাকিব আপোনাৰ ছাল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in